নিউজ ডেস্ক, ৮ জুনঃ মঙলবাৰে কোভিড-১৯ পৰীক্ষা কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দেওবাৰৰ পৰাই অলপ জ্বৰ আৰু চৰ্দিত ভুগি আছে আপৰ নেতাগৰাকী। এই অসুখত ভুগি থকাৰ বাবে দেওবাৰে দুপৰীয়াৰ পৰা সকলো বৈঠক স্থগিত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ বিভাগীয় সূত্ৰৰ পৰা লাভ কৰা খৱৰ অনুসৰি সম্প্ৰতি নিজ গৃহত আইছ'লেশ্বনত আছে অৰবিন্দ কেজৰিৱাল।
উল্লেখ্য য়ে,ৰাজধানী দিল্লীত এইপৰ্যন্ত ২৮,৯০০ গৰাকীৰ অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ১৭,১২৫ গৰাকী লোক চিকিৎসা চলাই থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১০,৯৯৯ গৰাকীয়ে। আনহাতে, এই মহামাৰীত মৃত্যুমুখত পৰিছে ৮১২ গৰাকী লোক।
লগতে চাওকঃ COVID-19 India Tracker: State-wise report