ETV Bharat / bharat

হোম কোৱাৰেণ্টাইনত মুখ্য়মন্ত্ৰী কেজৰিৱাল;  কৰা হ'ব কৰ'ণা টেষ্ট - delhi

মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ COVID-19 ৰ টেষ্ট কৰা হ'ব । সোমবাৰৰ পৰা সামন্য জ্বৰ আৰু কাহত ভুগিছে মুখ্যমন্ত্ৰী গৰাকী । ইতিমধ্যে সোমবাৰৰ পৰা হোম কোৱাৰেণ্টাইত আছে অৰবিন্দ কেজৰিৱাল ।

অৰবিন্দ কেজৰিৱাল
হোম কোৱাৰেণ্টাইনত দিল্লীৰ মুখ্য়মন্ত্ৰী কেজৰিৱাল, কৰা হ'ব কৰ'ণা টেষ্ট
author img

By

Published : Jun 9, 2020, 10:07 AM IST

নিউজ ডেস্ক, ৯ জুনঃ দেশৰ ৰাজধানী দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী COVID-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য কিছু অৱনতি ঘটাত চিন্তিত হৈ পৰিছে সচেতন মহল । মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰৰ পৰা জ্বৰ আৰু কাহত ভোগা বুলি সদৰি কৰে । ফলত সোমবাৰৰ পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী গৰাকীৰ সকলো বৈঠক বাতিল কৰা হৈছে । তাৰোপৰি মঙলবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ COVID-19ৰ টেষ্ট কৰা হ'ব বুলিও সদৰি কৰে ।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰৰ পৰাই নিজকে হোম কোৱাৰেণ্টাইন কৰি ৰাখিছে বুলিও জানিবলৈ দিয়ে ।

অৰবিন্দ কেজৰিৱাল
হোম কোৱাৰেণ্টাইনত দিল্লীৰ মুখ্য়মন্ত্ৰী কেজৰিৱাল, কৰা হ'ব কৰ'ণা টেষ্ট

উল্লেখ্য যে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পূৰ্বৰ পৰাই আক্ৰান্ত মধুমেহ ৰোগত । যাৰ বাবে মুখ্যমন্ত্ৰী গৰাকী জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাচৰে পৰা দিল্লী স্বাস্থ্য বিভাগে বিগত কিছুদিন ধৰি কেজৰিৱালৰ সম্পৰ্কত অহা লোক সকলক সজাগ হ'বলৈ আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.