ETV Bharat / bharat

কেদাৰনাথ মন্দিৰৰ মুখ্য ধৰ্মগুৰুক ১৪ দিনলৈ কোৱাৰেণ্টাইন

author img

By

Published : Apr 21, 2020, 12:49 PM IST

কৰ'ণা ভাইৰাছৰ চৰকাৰী নীতি-নিয়মৰ অধীনত কেদাৰনাথ মন্দিৰৰ মুখ্য় ধৰ্মগুৰুৰ লগতে অন্য পাঁচজন ব্যক্তিক ১৪ দিনলৈ কোৱাৰেণ্টাইন। মহাৰাষ্ট্ৰৰ পৰা আহিছিল লোককেইজন ।

Kedarnath temple's Chief Priest in quarantine for 14 days

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ কেদাৰনাথ মন্দিৰৰ মুখ্য ধৰ্মগুৰুসহ অন্য পাঁচজন ব্যক্তিক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনলৈ পঠিওৱা হৈছে । পাঁচজন লোকক পৃথককৈ কোৱাৰেণ্টাইনত ৰখা হৈছে ।

বিশেষ অনুমতি সাপেক্ষেই ভীমাশংকৰ নামৰ মন্দিৰৰ মুখ্য ধৰ্মগুৰুজন মহাৰাষ্ট্ৰৰ নানডেডৰ পৰা ৰুদ্ৰপ্ৰয়াগৰ ওখিমাথত আহি উপস্থিত হৈছিল। কৰ'ণা ভাইৰাছৰ চৰকাৰী নীতি-নিয়ম অনুসৰি অন্য ৰাজ্যৰ পৰা ভ্ৰমণ কৰি অহাৰ বাবেই লোককেইজনক ১৪ দিনৰ কোৱাৰেণ্টাইনলৈ পঠিওৱা হৈছে ।

এই সন্দৰ্ভত ৰুদ্ৰপ্ৰয়াগৰ জিলা অধিকাৰীয়ে উল্লেখ কৰি কয় যে,চৰকাৰে নিৰ্ধাৰণ কৰিব যে ধৰ্মগুৰুজনক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব নে নহ'ব । যদি অনুমতি দিয়া হয় তেন্তে তেওঁক তাতেই কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিয়া হ'ব । য'ত সামাজিক দুৰত্ব মানি চলাৰ লগতে স্বাস্থ্য পৰীক্ষা নিয়মতি ভাৱে কৰাব লাগিব ।

বৰ্তমানলৈ উত্তৰাখণ্ডত ৪৪ টা কোভিড-১৯ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.