ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ ফলত কাশ্মীৰত মৃতকৰ সংখ্যা 100 লৈ বৃদ্ধি - 24 বৰ্ষীয় আইনৰ ছাত্ৰৰ মৃত্যু

কাশ্মীৰৰ ছোপিয়ান জিলাত দূৰ্ঘটনাত পতিত হৈ বুকুৰ বিষত আক্ৰান্ত হোৱা এজন 24 বৰ্ষীয় আইনৰ ছাত্ৰ শ্ৰীনগৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈছিল ৷ ইয়াৰ পাচতে যুৱকজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পেলাই চিকিৎসকে ৷

আইনৰ ছাত্ৰৰ মৃত্যু
কৰ'ণা ভাইৰাছৰ ফলত কাশ্মীৰত মৃতকৰ সংখ্যা 100 লৈ বৃদ্ধি
author img

By

Published : Jul 1, 2020, 9:16 AM IST

নেশ্যনেল ডেস্ক, 1 জুলাই : কাশ্মীৰৰ ছোপিয়ান জিলাত দূৰ্ঘটনাত পতিত হৈ বুকুৰ বিষত আক্ৰান্ত হোৱা এজন 24 বৰ্ষীয় আইনৰ ছাত্ৰ শ্ৰীনগৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈছিল ৷ ইয়াৰ পাচতে যুৱকজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পেলাই চিকিৎসকে ৷ ইয়াৰ পাচতে কাশ্মীৰৰ হাস্পতালসমূহত COVID-19 চিকিৎসাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷

কাশ্মীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আইনৰ অধ্যয়ন কৰি থকা ছোপিয়ানৰ যুৱকজনৰ শনিবাৰে পাম্পোৰেত এক পথ দুৰ্ঘটনা হয় ৷ এই দূৰ্ঘটনাত তেওঁৰ খুড়াকে প্ৰাণ হেৰুওৱাৰ লগতে তেওঁ পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, তেওঁক SMHS হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ হাস্পতালৰ চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, আইচিইউতে তেওঁৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে আৰু Chest Disease (CD) হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ইয়াতে হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয় ৷

আইনৰ ছাত্ৰৰ মৃত্যু
কৰ'ণা ভাইৰাছৰ ফলত কাশ্মীৰত মৃতকৰ সংখ্যা 100 লৈ বৃদ্ধি

কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এয়া জম্মু-কাশ্মীৰৰ 100 সংখ্যক ঘটনা ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰাত জম্মু-কাশ্মীৰৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনিৰ প্ৰকৃত ৰূপ প্ৰকাশ পাইছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় শাসিত অঞ্চলটোত কৰ'ণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাচত প্ৰশাসনে দহখনকৈ COVID-19 হাস্পতালত চিকিৎসাৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল ৷

যুৱকজনৰ মৃত্যুৰ পাচতে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গই CD হাস্পতালত ট্ৰমা ৰোগীৰ চিকিৎসা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৷ ছোপিয়ানৰ এজন অধিবক্তাই দাবী কৰা অনুসৰি, হাবিল ইকবালে SKIMS ত ভেন্টিলেটৰৰ সুবিধা লাভ কৰা নাছিল ৷

উল্লেখ্য যে, বৰ্তমানলৈকে জম্মু-কাশ্মীৰত 101 গৰাকীৰ COVID-19 ত মৃত্যু হৈছে ৷ আনহাতে, আক্ৰান্ত হৈছে 7000 গৰাকী ৷ শ্ৰীনগৰ জিলাত 24, বাৰামুল্লাত 16, কুলগামত 13, ছোপিয়ানত 12, জম্মু, অনন্তনাগ আৰু বুদগামত 7 গৰাকীকৈ, কুপৱাৰাত 5 আৰু পুলৱামাত 4 গৰাকীৰ মৃত্যু হৈছে ৷ আনহাতে, বন্দিপোৰা, পুঞ্চ, দোদা, উধমপুৰ, ৰাজৌৰী আৰু কঠোৱাত এজনকৈ লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিবলৈ কিহে উচতালে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.