ETV Bharat / bharat

আস্থা ভোটত পৰাজিত কুমাৰস্বামী, চৰকাৰ গঠনৰ দিশে বিজেপি - জেডিএচ

12 দিনীয়া ৰাজনৈতিক ধুমুহাৰ অন্তত আস্থা ভোটত পৰাজিত হয় কংগ্ৰেছ-জে ডি এচ মিত্ৰজোঁটৰ চৰকাৰখনে ৷ কংগ্ৰেছ-জে ডি এচৰ পতনৰ পিচতে ৰাজ্যখনত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে বিজেপি ৷ সকলোবোৰ পৰিকল্পনা অনুসৰি হ'লেই কৰ্ণাটক বিজেপিৰ সভাপতি বি এছ য়েদিয়ুৰাপ্পাই চতুৰ্থবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব ৷

আস্থা ভোটত পৰাজিত কুমাৰস্বামী, চৰকাৰ গঠনৰ দিশে বিজেপি
author img

By

Published : Jul 24, 2019, 2:24 PM IST

নিউজ ডেস্ক, 24 জুলাইঃ 12 দিনীয়া হাই-ভল্টেজ ৰাজনৈতিক নাটকৰ অৱসানৰ পিচতেই কৰ্নাটকত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷ 23জুলাইত অনুষ্ঠিত হোৱা আস্থা ভোটত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিচতে ভংগ হয় কংগ্ৰেছ-জেডিএচ নেতৃত্বাধীন কৰ্নাটক চৰকাৰ ৷

শেহতীয়াকৈ ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷ কৰ্নাটক বিজেপি সভাপতি বিএছ য়েদিয়ুৰাপ্পাৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ 76 বছৰীয়া বিজেপি নেতাগৰাকীয়ে ইয়াৰ পূৰ্বেই তিনিবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈছিল ৷ 2007 চনত জেডিএছ দলৰ সমৰ্থনত প্ৰথমবাৰ মাত্ৰ সাতদিনৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈছিল য়েদিয়ুৰাপ্পা ৷ পৰৱৰ্তী সময়ত 2008 চনৰ মে' মাহৰ পৰা 2011 চনৰ জুলাই মাহলৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল যদিও ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ পৰা য়েদিয়ুৰাপ্পাই পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল ৷ 2012 চনত য়েদিয়ুৰাপ্পাই কৰ্নাটক প্ৰজা পক্ষ নামে এক ৰাজনৈতিক দল আৰম্ভ কৰে যদিও 2014 চনত পুনৰ বিজেপিত যোগদান কৰি লোকসভা নিৰ্বাচনত ছিমোগা লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হয় ৷ পৰৱৰ্তী সময়ত 2018 চনত পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা লাভ কৰে যদিও সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবেই সেই ক্ষমতা পুনৰবাৰ হেৰুৱায় য়েদিয়ুৰাপ্পাই ৷

মঙলবাৰে ৰাজ্যখনত কংগ্ৰেছ-জেডিএচ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিচতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে ৷ মঙলবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত কুমাৰাস্বামীয়ে 99টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে 105টা ভোট লাভ কৰে ৷

Intro:Body:

আস্থা ভোটত পৰাজিত কুমাৰস্বামী, চৰকাৰ গঠনৰ দিশে বিজেপি 

12 দিনীয়া ৰাজনৈতিক ধুমুহাৰ অন্তত আস্থা ভোটত পৰাজিত হয় কংগ্ৰেছ-জেডিএচ মিত্ৰজোঁটৰ চৰকাৰখনে ৷ কংগ্ৰেছ-জেডিএচৰ পতনৰ পিচতে ৰাজ্যখনত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে বিজেপি ৷ সকলোবোৰ পৰিকল্পনা অনুসৰি হ'লেই কৰ্নাটক বিজেপিৰ সভাপতি বিএছ য়েদিয়ুৰাপ্পাই চতুৰ্থবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব ৷ 

নিউজ ডেস্ক, 24 জুলাইঃ 12 দিনীয়া হাই-ভল্টেজ ৰাজনৈতিক নাটকৰ অৱসানৰ পিচতেই কৰ্নাটকত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷ 23জুলাইত অনুষ্ঠিত হোৱা আস্থা ভোটত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিচতে ভংগ হয় কংগ্ৰেছ-জেডিএচ নেতৃত্বাধীন কৰ্নাটক চৰকাৰ ৷ 

শেহতীয়াকৈ ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷ কৰ্নাটক বিজেপি সভাপতি বিএছ য়েদিয়ুৰাপ্পাৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ 76 বছৰীয়া বিজেপি নেতাগৰাকীয়ে ইয়াৰ পূৰ্বেই তিনিবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈছিল ৷ 2007 চনত জেডিএছ দলৰ সমৰ্থনত প্ৰথমবাৰ মাত্ৰ সাতদিনৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈছিল য়েদিয়ুৰাপ্পা ৷ পৰৱৰ্তী সময়ত 2008 চনৰ মে' মাহৰ পৰা 2011 চনৰ জুলাই মাহলৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল যদিও ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ পৰা য়েদিয়ুৰাপ্পাই পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল ৷ 2012 চনত য়েদিয়ুৰাপ্পাই কৰ্নাটক প্ৰজা পক্ষ নামে এক ৰাজনৈতিক দল আৰম্ভ কৰে যদিও 2014 চনত পুনৰ বিজেপিত যোগদান কৰি লোকসভা নিৰ্বাচনত ছিমোগা লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হয় ৷ পৰৱৰ্তী সময়ত 2018 চনত পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা লাভ কৰে যদিও সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবেই সেই ক্ষমতা পুনৰবাৰ হেৰুৱায় য়েদিয়ুৰাপ্পাই ৷ 

মঙলবাৰে ৰাজ্যখনত কংগ্ৰেছ-জেডিএচ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিচতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে ৷ মঙলবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত কুমাৰাস্বামীয়ে 99টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে 105টা ভোট লাভ কৰে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.