নেশ্যনেল ডেস্ক,16 ডিচেম্বৰ : লেখক তথা সাংবাদিক ভি. হনুমাতাপ্পাই পদ্মবিভূষণ ৰামোজী ৰাওৰ জীৱনভিত্তিক এখন গ্ৰন্থ লিখি উলিয়াইছে ৷ এই গ্ৰন্থখনৰ নাম হৈছে 'অক্ষৰা যোদ্ধা ৰামোজীৰাও' ৷ ইনাডু গ্ৰুপৰ সৈতে জড়িত হনুমাতাপ্পাই ৰামোজী ৰাওৰ লিখনিসমূহৰ পৰা অনুপ্ৰেৰিত হৈছিল বুলি জানিবলৈ দিয়ে ৷
দেৱনাগিৰি সিদ্ধাগংগা বিদ্যালয়ত গ্ৰন্থখনিৰ উন্মোচন কৰা হয় ৷ কানাড়া আৰু তেলেগু অভিনেতা ছাই কুমাৰে এই জীৱনভিত্তিক গ্ৰন্থখন উন্মোচন কৰে ৷
এই গ্ৰন্থখনৰ জৰিয়তে মিডিয়া জগতত ৰামোজী ৰাওৰ উত্থান,ইনাডুৰ আৰম্ভণী আৰু ইটিভি সম্পৰ্কত তথ্য প্ৰদান কৰা হৈছে ৷ ৰামোজী ফিল্ম চিটীৰ প্ৰতিস্থা সম্পৰ্কতো এই গ্ৰন্থখনত উল্লেখ আছে ৷ ইয়াৰোপৰি,ৰামোজী ৰাওৰ পৰিয়ালৰ জীৱন সংগ্ৰাম সম্পৰ্কেও গ্ৰন্থখনত বিষদ বিৱৰণ প্ৰদান কৰা হৈছে ৷