ETV Bharat / bharat

বিদেশৰ পৰা অহা ১০হাজাৰ লোকক কোৱাৰেন্টাইন কৰিবলৈ সাজু কৰ্নাটক - কৰ্নাটক স্বাস্থ্য বিভাগ

কৰ্নাটকৰ স্বাস্থ্য আয়ুক্ত পংকজ কুমাৰ পাণ্ডে কয় যে, ৰাজ্যখনে বিদেশৰ পৰা অহা ১০,৮২৩ যাত্ৰীক কোৱাৰেন্টাইন কৰিবলৈ সাজু হৈছে ।

বিদেশৰ পৰা অহা ১০হাজাৰ লোকক কোৱাৰেন্টাইন কৰিবলৈ সাজু কৰ্নাটক

author img

By

Published : May 6, 2020, 1:00 PM IST

নিউজ ডেস্ক, ৬ মে' : আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাত্ৰা বন্ধ কৰি দিয়াৰ এমাহ পিচতে কৰ্নাটক চৰকাৰে বিদেশৰ পৰা অহা বহুসংখ্যক যাত্ৰীক কোৱাৰেন্টাইন কৰিবলৈ সাজু হৈছে । বিদেশৰ পৰা অহা ৰাজ্যখনৰ বহুসংখ্যক লোকক কোৱাৰেন্টাইন কৰিবলৈ পৰিকল্পনা সাজু কৰি তুলিছে কৰ্নাটক ৰাজ্য চৰকাৰে । মঙলবাৰে এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।

লগতে পঢ়কঃ ভাৰতত COVID-19ৰ শেহতীয়া তথ্য

"কৰ্নাটকলৈ উভটি অহা ১০,৮২৩ গৰাকী যাত্ৰীক কোৱাৰেন্টাইন কৰিবলৈ সাজু হৈছে চৰকাৰ । ইতিমধ্যে চৰকাৰে ইয়াৰ বাবে নীতি নিৰ্দেশনা জাৰী কৰিছে ।" কয়, কৰ্নাটকৰ স্বাস্থ্য আয়ুক্ত পংকজ কুমাৰ পাণ্ডে ।

ভাৰত চৰকাৰৰ তথ্য অনুসৰি, ৩০ এপ্ৰিললৈকে কৰ্নাটকৰ ১০,৮২৩ গৰাকী লোক বিদেশত আৱদ্ধ হৈ আছিল । ইয়াৰে ভিতৰত ৪,৪০৮ গৰাকী পৰ্যটক, ৩,০৭৪ গৰাকী শিক্ষাৰ্থী, ২,৭৮৪ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু কৰ্মচাৰী আৰু ৫৫৭ গৰাকী জাহাজ কৰ্মচাৰী আছে । এইসমূহ লোকৰ ভিতৰত চৰকাৰে ৬,১০০ গৰাকীক অতি সোনকালে ৰাজ্যখনলৈ ওভোটাই অনা হ'ব বুলি জানিব পৰা গৈছে । প্ৰৱেশদ্বাৰ (বিমানবন্দৰ আৰু জাহাজঘাট)ত এইসকল লোকৰ বাবে কোভিড-১৯ৰ আৱশ্যকীয় পৰীক্ষণ সম্পন্ন কৰা হ'ব বুলি স্বাস্থ্য আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

বিদেশৰ পৰা আহিবলগীয়া যাত্ৰীসকলক তিনিটা শাখাত ভাগ কৰা হৈছে । এই তিনিটা শাখাৰ ওপৰত ভিত্তি কৰিয়ে লোকসকলক নিৰ্ধাৰিত কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হ'ব । ইয়াৰ ভিতৰত প্ৰথমটো শাখাৰ লোকসকলক ১৪ দিন, দ্বিতীয়টো শাখাৰ লোকসকলক ৭ দিন আৰু তৃতীয়টো শাখাৰ লোকসকলক নিজ গৃহত ১৪ দিনৰ কোৱাৰেন্টাইনত ৰখা হ'ব । আনহাতে ইয়াৰ বাবে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ২১ পৃষ্ঠাৰ এখন standard operating procedure প্ৰস্তুত কৰি তুলিছে ।

লগতে পঢ়কঃ বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.