ETV Bharat / bharat

কৰ্ণাটকৰ বন মন্ত্ৰীও আক্ৰান্ত হৈছে ক'ৰণাত - সক্ৰিয়

কৰ্ণাটকৰ বন মন্ত্ৰী আনন্দ সিঙৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ পজিটিভৰ ভাইৰাছ । দেওবাৰে এক চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা তথ্য মতে,কৰ্ণাটকৰ বন মন্ত্ৰীগৰাকী দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছে যদিও তেখেতৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ।

karnataka-forest-minister-tests-covid-19-positive
কৰ্ণাটকৰ বন মন্ত্ৰীও আক্ৰান্ত হৈছে ক'ৰণাত
author img

By

Published : Jul 27, 2020, 3:13 PM IST

নিউজ ডেস্ক,২৭ জুলাই: কৰ্ণাটক চৰকাৰৰ এটা সূত্ৰৰ পৰা পোৱা তথ্য মতে,সামান্য কাঁহৰ বাহিৰে বন মন্ত্ৰী আনন্দ সিঙৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে । মন্ত্ৰী গৰাকী বৰ্তমান বল্লাৰী জিলাৰ হস্পেটৰ নিজা বাসগৃহতে আছে যদিও ঘৰতে কোৱাৰেণ্টাইনত থাকিব,নে বেংগালুৰুত চিকিৎসাধীন হ'ব তাৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই ।

karnataka-forest-minister-tests-covid-19-positive
কৰ্ণাটকৰ বন মন্ত্ৰীও আক্ৰান্ত হৈছে ক'ৰণাত

উল্লেখ্য যে,যোৱা শনিবাৰৰ দিনটোত বন মন্ত্ৰী গৰাকীৰ গৃহ জিলা বাল্লাৰীত ২২২গৰাকী লোকৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ পজিটিভৰ ভাইৰাছ । বৰ্তমানলৈকে বাল্লাৰী জিলাত ৩৫১১ টা ক'ভিড আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে বৰ্তমান সক্ৰিয় হৈ আছে ১৯০২টা ক'ভিড ১৯ত আক্ৰান্তৰ ঘটনা । ইতিমধ্যে জিলাখনত ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৬৯ গৰাকী ।

বাল্লাৰী জিলাখন বেংগালুৰুৰ পৰা ৩১৩ কিমি দূৰত্বত উত্তৰে অৱস্থিত ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.