ETV Bharat / bharat

কৰ্ণাটক আৰু দিল্লীয়ে লাভ কৰিলে নতুন ৰাজ্যিক সভাপতি

ছোনিয়া গান্ধীয়ে নিযুক্তি দিলে কংগ্ৰেছৰ নতুন ৰাজ্যিক সভাপতি ৷ কৰ্ণাটক আৰু দিল্লীত নতুন ৰাজ্যিক সভাপতি নিযুক্ত কৰা হয় ৷

author img

By

Published : Mar 11, 2020, 10:07 PM IST

কৰ্ণাটক আৰু দিল্লীৰ নতুন ৰাজ্যিক সভাপতি
কংগ্ৰেছৰ নতুন ৰাজ্যিক সভাপতি

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : কংগ্ৰেছৰ অন্তৰ্ৱতীকালিন অধ্যক্ষা ছোনিয়া গান্ধীয়ে বুধবাৰে কৰ্ণাটক আৰু দিল্লীৰ নতুন সভাপতি নিযুক্ত কৰে ৷ কৰ্ণাটকৰ দলীয় মুৰব্বী হিচাপে ডি. কে. শিৱকুমাৰ আৰু দিল্লীৰ দলীয় মুৰব্বী হিচাপে অনিল চৌধাৰীক নিযুক্তি প্ৰদান কৰা হয় ৷

দুটাকৈ পৃথক বিবৃতিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে. চি. বেনুগোপালে কয় যে, ছোনিয়া গান্ধীয়ে এই নিযুক্তি প্ৰদান কৰে ৷

ধন আত্মসাতৰ গোচৰত অভিযুক্ত হোৱা স্বত্তেও শিৱকুমাৰক নিযুক্তি প্ৰদান কৰাৰ লগতে কৰ্ণাটকৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হয় ইশ্বৰ খান্দ্ৰে, সতীশ ঝাৰকিহোলী আৰু ছলীম আহাম্মদক ৷

ছোনিয়া গান্ধীৰ নিযুক্তি
কৰ্ণাটকৰ নতুন ৰাজ্যিক সভাপতি

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াহে কংগ্ৰেছ দলৰ মুৰব্বী আৰু সদনত বিৰোধী দলৰ মুৰব্বী হিচাপেই দায়িত্বত থাকিব ৷

আনহাতে, দিল্লীত চৌধাৰীৰ উপৰি অভিষেক দত্ত, জয়কৃষণ, মুদিত আগৰৱাল, আলি হাছান আৰু শিৱানী চোপ্ৰাক দিল্লী কংগ্ৰেছৰ উপ সভাপতি হিচাপে নিযুক্ত কৰা হৈছে ৷

ছোনিয়া গান্ধীৰ নিযুক্তি
দিল্লীৰ নতুন ৰাজ্যিক সভাপতি

আৰু পঢ়ক : নিৰ্ভয়া কাণ্ড : আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.