ETV Bharat / bharat

কোভিড আৰোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব চিন্নাস্বামী ষ্টেডিয়ামক

author img

By

Published : Jul 9, 2020, 4:05 PM IST

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, এই পৰ্যন্ত কৰ্ণাটকত মুঠ ২৮,৮৭৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰে মুঠ ১৬,৫২৪ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

Chinnaswamy Stadium
Karnataka: Chinnaswamy Stadium to be turned into COVID-19 care centre

নিউজ ডেস্ক, ৯ জুলাইঃ কোভিড-১৯ আৰোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব বাংগালোৰস্থিত এম. চিন্নাস্বামী ষ্টেডিয়াম আৰু বাংগালোৰ পেলেচক । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি. এছ. য়েদিয়ুৰাপ্পাই ।

লগতে পঢ়কঃ তিনিচুকীয়াৰ লেখাপানীত আইইডি উদ্ধাৰ

কিছুদিন পূৰ্বে বাংগালোৰ আন্তৰাষ্ট্ৰীয় প্ৰদৰ্শনী কেন্দ্ৰক ৰাজ্য চৰকাৰে কোভিড আৰোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল । কৰ্ণাটকত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত 6 খন সেঁতুৰ উদঘাটন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

এ. অশোক নামৰ কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই বাংগালোৰবাসীক আতংকিত নহবলৈ আহ্বান জনাইছে । কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজ্য চৰকাৰে সকলো সাৱধানতা অৱলম্বন কৰাৰ লগতে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি, কোভিড ৰোগীসকলৰ বাবে ৬০০ খন এম্বুলেঞ্চ সাজু হৈ আছে বুলি প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ।

কোভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ়ি তোলা হ'ব কৰ্ণাটকৰ চিন্নাস্বামী ষ্টেডিয়ামক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, এইপৰ্যন্ত ৰাজ্যখনত মুঠ ২৮,৮৭৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰে মুঠ ১৬,৫২৪ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ১১,৮৭৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে । আনহাতে, এই মহামাৰীৰ ফলত ৰাজ্যখনত ৪৭১ গৰাকী ৰোগী মৃত্যুমুখত পৰিছে ।

লগতে পঢ়কঃ চিৰাং-বঙাইগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.