ETV Bharat / bharat

দলিত যুৱকক অত্যাচাৰৰ গোচৰত গ্ৰেপ্তাৰ ছবি নিৰ্মাতা নুটন নাইডু

author img

By

Published : Sep 5, 2020, 3:06 PM IST

কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে BIG BOSS2ৰ তেলেগু সংস্কৰণৰ হাউচমেট নুটন নাইডুক। ঘৰুৱা কামত সহায় কৰা দলিত যুৱকৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰে নুটন নাইডুক।

দলিত যুৱকক অত্যাচাৰৰ গোচৰত গ্ৰেপ্তাৰ ছবি নিৰ্মাতা নুটন নাইডু
দলিত যুৱকক অত্যাচাৰৰ গোচৰত গ্ৰেপ্তাৰ ছবি নিৰ্মাতা নুটন নাইডু

নেশ্যনেল ডেস্ক,৫ছেপ্টেম্বৰ: ছবি নিৰ্মাতা তথা অভিনেতা নুটন নাইডুক গ্ৰেপ্তাৰ। দলিত যুৱকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগত শনিবাৰে কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নুটন নাইডুক। ম'বাইল ফোন চুৰি কৰাৰ সন্দেহত সুজাননগৰস্থিত বাসভৱনত পত্নীৰ সৈতে মিলি ঘৰুৱা কামত সহায় কৰা পি শ্ৰীকান্ত নামৰ দলিত যুৱকজনক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে নুটন নাইডুৰ বিৰুদ্ধে ।

কৰ্ণাটকৰ উড়ুপীৰ পৰা নাইডুক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিশাখাপট্টনমলৈ আনি থকা হৈছে বুলি মন্তব্য কৰে বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্ত মনীষ কুমাৰে । যোৱা ২৮ আগষ্টত এই ঘটনাটো সংঘটিত হৈছিল । নাইডুৰ লগতে তেওঁৰ পত্নী মধুপ্ৰিয়া আৰু এই ঘটনাৰে জড়িত আন ৬গৰাকী লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । চি চি টি ভিৰ ফুটেজ পৰ্যবেক্ষণৰ পিছতে আৰক্ষীয়ে আটাইকে গ্ৰেপ্তাৰ কৰে । নিৰ্মম অত্যাচাৰৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি চি টিভি কেমেৰাত ।

ঘটনা সংঘটিত হোৱাৰ পূৰ্বে আৰু পিছত নাইডুৱে পত্নীক ফোনযোগে যোগাযোগ কৰাৰ প্ৰমাণ পাইছে আৰক্ষীয়ে । নাইডুৱে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া পি ভি ৰমেশৰ নাম লৈ কোনো বিষয়াক নিজ পত্নীক এই ঘটনাৰ পৰা ৰক্ষা কৰিবৰ বাবে অনুৰোধ জনাইছিল । কিং জৰ্জ হাস্পতাল কৰ্তৃপক্ষই পি ভি ৰমেশক এই বিষয়ে অৱগত কৰোৱাৰ পিছত তেওঁ নামৰ অপব্যৱহাৰ কৰাৰ বাবে গোচৰ ৰুজু কৰে । ইয়াৰ পিছতে তদন্তত পোহৰলৈ আহে যে, নাইডুৱে পি ভি ৰমেশৰ নাম লৈ ফোন কৰিছিল । আৰক্ষীয়ে নাইডুৰ পৰা ৩ টা ম'বাইল ফোন জব্দ কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.