ETV Bharat / bharat

কানপুৰ এনকাউণ্টাৰঃ এজন উপ-পৰিদৰ্শক আৰু দুজন কনিষ্টবলক নিলম্বন

author img

By

Published : Jul 6, 2020, 12:34 PM IST

৩ জুলাইত উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত জড়িত থকাৰ অভিযোগত উপ-পৰিদৰ্শকসহ তিনিজনক নিলম্বন। এই ঘটনাত জড়িত অপৰাধীৰ সৈতে যোগাযোগ আছিল তিনিওগৰাকী আৰক্ষীৰ লোকৰ।

Kanpur Encounter
Kanpur Encounter: One sub-inspector, two constables suspended

নিউজ ডেস্ক,৬ জুলাইঃ উত্তৰ প্ৰদেশৰ কানপুৰ এনকাউণ্টাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু দুজন কনিষ্টবলক নিলম্বন কৰে। এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নিলম্বন কৰা আটাইকেইগৰাকী আৰক্ষীৰ লোকৰে অপৰাধী বিকাশ ডুবেৰ সৈতে সম্পৰ্ক আছিল। তেওঁলোকৰ ফোনৰ সবিশেষ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে।

উল্লেখ্য যে,বিকাশ ডুবে নামৰ এজন অপৰাধী বিকাৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই ৩ জুলাইৰ পুৱতি নিশা ৩.৩০ বজাত প্ৰায় ৫০ জনীয়া আৰক্ষীৰ দলে অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু সেই সময়তে ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল ৷ অপৰাধী বিকাশ ডুবেৰ বিৰুদ্ধে আছিল প্ৰায় ৬০ টা গোচৰ।

এই ঘটনাত চক্ৰ বিষয়া দেবেন্দ্ৰ কুমাৰ মিশ্ৰ,আৰক্ষী বিষয়া মহেশ যাদৱ,উপ-পৰিদৰ্শক নেবুলাল,আৰক্ষী চকীৰ প্ৰভাৰী অনুপ কুমাৰ,কনিষ্টবল চুলটান সিং,ৰাহুল,জিতেন্দ্ৰ আৰু বাবলু নিহত হৈছিল। ইয়াৰ বিপৰীতে কানপুৰ এনকাউণ্টাৰত এজন সাধাৰণ নাগৰিকসহ মুঠ ৭ গৰাকী লোক আহত হৈছিল বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ ২৭ বছৰে প্ৰাদেশীকৰণ নহ'ল চাচনী কনিষ্ঠ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.