নিউজ ডেস্ক, 10 ডিচেম্বৰ: 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত নাগৰিকত্ব সংশোধনী বিদেয়ক 2019 গৃহীত হোৱাৰ পাছতে বিতৰ্কিত বিলখনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱ নেতা কানহায়া কুমাৰে ৷ চি পি আইৰ নেতাজনে মঙলবাৰে বিহাৰৰ ৰাজধানী পাটনাৰ ৰাজপথত মুকলিকৈ দাহ কৰিলে বিধেয়কখনৰ প্ৰতিলিপি ৷ এই প্ৰতিবাদত তেওঁক সংগ দিলে কংগ্ৰেছ বিধায়ক ছাকিল আহমেদৰ লগতে আন কেইবাজনো কংগ্ৰেছ-চি পি আইৰ নেতাই ৷
উত্তৰ পূবৰ ৰাইজৰ কেব বিৰোধী সংগ্ৰামক সমৰ্থন জনাই যুৱ নেতা গৰাকীয়ে কয় যে, বিজেপিয়ে এই বিলখনৰক জৰিয়তে দেশখন দুটা ভাগত বিভক্ত কৰিব খুজিছে যাৰ কাৰণে তেওঁলোকে হিন্দু-মুছলমানৰ ৰাজনীতিৰ বীজ সমগ্ৰ দেশত বিয়পাই দিছে ৷ বিজেপিৰ সম্প্ৰদায়িক ৰাজনীতিক তীব্ৰ কটাক্ষ কৰি নেতা গৰাকীয়ে কয় যে, যি সময়ত দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিছে একে সময়তে আনফালে ছাৰভাৰকাৰক পূজা কৰা সকলে দেশত জিন্নাৰ সপোন পূৰ্ণ কৰি মানুহক ভাগ ভাগ কৰাত ব্যস্ত ৷ ইফালে সমগ্ৰ দেশত এন আৰ চি প্ৰৱৰ্তন কৰা হব বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰে নেতাগৰাকীয়ে তেওঁৰ মতে ই সম্পূৰ্ণ অ-সংবিধানিক আৰু দেশৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলা উচিত ৷
আৰু পঢ়ক: কেবে জ্বলাইছে ৰাজ্য : প্ৰতিবাদৰ ক'লা ধোৱাই চানিছে অসমৰ আকাশ