দিল্লী, ৩০ জুনঃ ভাৰতৰ নতুন উপকূলৰক্ষী হিচাপে নিযুক্তি দিয়া হ'ল কে নটৰাজনক । ইয়াৰ পূৰ্বে এই পদত অধিষ্ঠিত থকা উপকূলৰক্ষী প্ৰধান ৰাজেন্দ্ৰ সিঙে নিজ পদৰ পৰা অৱসৰ লোৱাৰ পিচতে নিযুক্তি দিয়া হয় নটৰাজনক । ইয়াৰ পূৰ্বে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এডিশ্যনেল ডিৰেক্টৰ জেনেৰেল পদত অধিষ্ঠিত আছিল নটৰাজন । কেৱল এয়াই নহয়, পশ্চিত গুজৰাটৰ পৰা কেৰেলা পৰ্যন্ত উপকূলৰক্ষী বাহিনীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল নটৰাজনে ।
আনহাতে, ১৯৮০ বৰ্ষত ভাৰতীয় উপকূলৰক্ষী বাহিনীত যোগদান কৰে ৰাজেন্দ্ৰ সিঙে । দক্ষতাৰ ওপৰত ভিত্তি কৰি সিঙক পৰৱৰ্তী সময়ত ফ্লেগশ্বিপ অফিচাৰৰ দায়িত্বও অৰ্পণ কৰা হৈছিল । ২০০৭ বৰ্ষত PTM-সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল যুক্তৰাষ্ট্ৰৰ কোষ্ট গাৰ্ডৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ সিঙে ।