ETV Bharat / bharat

অমিত শ্বাহ, ৰাজনাথ সিঙৰ সৈতে মিলিত হ'ল জ্যোতিৰাদিত্য সিন্ধিয়া - জ্যোতিৰাদিত্য সিন্ধিয়া

বিজেপিত যোগদানৰ এদিন পাচতেই বৃহস্পতিবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হ'ল জ্যোতিৰাদিত্য সিন্ধিয়া ৷ সিন্ধিয়াৰ আগমনে বিজেপিক সহায় কৰিব বুলি উল্লেখ কৰে বিজেপিৰ দুই জেষ্ঠ নেতাই ৷

Jyotiraditya Scindia meets senior BJP leaders Amit Shah, Rajnath Singh
অমিত শ্বাহ, ৰাজনাথ সিঙৰ সৈতে মিলিত হ'ল জ্যোতিৰাদিত্য সিন্ধিয়া
author img

By

Published : Mar 12, 2020, 4:57 PM IST

নিউজ ডেস্ক, 12 মাৰ্চ: বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মিলিত হ'ল বিজেপিৰ নৱ নিযুক্ত সদস্য জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ বিজেপিত যোগদানৰ এদিনৰ পাচতেই বিজেপিৰ জেষ্ঠ নেতাৰ সৈতে মিলিত হয় সিন্ধিয়া ৷ অমিত শ্বাহ আৰু ৰাজনাথে সিঙে সিন্ধিয়াৰ আগমনে বিজেপিক অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰে ৷

কংগ্ৰেছ ত্যাগ কৰি বুধবাৰে জেপি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল সিন্ধিয়াই ৷ বিজেপিত যোগদান কৰিয়েই প্ৰথমবাৰৰ বাবে মুখ খুলিছিল সিন্ধিয়াই ৷ কংগ্ৰেছ দলটো আগৰ দৰে হৈ থকা নাই বুলি উল্লেখ কৰাৰ লগতে দলটোৱে বাস্তৱক অগ্ৰাহ্য কৰা, নতুন চিন্তাধাৰা, নতুন নেতৃত্বক গুৰুত্ব নিদিয়াটোৱেই দল ত্যাগৰ প্ৰধান কাৰণ বুলি কয় ৷

ইপিনে জেপি নাড্ডা, নৰেন্দ্ৰ মোডী, অমিত শ্বাহে দলত স্থান দিয়া আৰু মোডীৰ সবল নেতৃত্বত সমাজৰ বাবে সেৱা আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি জীৱনৰ এইয়া এক গুৰুত্বপূৰ্ণ ক্ষণ বুলি টুইট কৰে সিন্ধিয়াই ৷

উল্লেখ্য যে, বিজেপি যোগদান কৰাৰ পাচতেই সিন্ধিয়াক মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ বিজেপিৰ মনোনিত প্ৰাৰ্থী হিচাপে টিকট দিয়া হৈছে ৷

লগতে চাওক- বিজেপিত যোগ দিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা সিন্ধিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.