নেশ্যনেল ডেস্ক, 25 আগষ্ট : সোমবাৰে বিয়লি উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ফেফনা গাঁৱত এজন সাংবাদিকক গুলীয়াই হত্যা কৰে ৷ বালিয়াৰ আৰক্ষী অধীক্ষক দেবেন্দ্ৰনাথে জানিবলৈ দিয়া অনুসৰি, "সাংবাদিক ৰতন সিঙক গাঁৱৰ মুখিয়ালৰ ঘৰত গুলীয়াই হত্যা কৰা হয় ৷ জানিব পৰা গৈছে যে, তেওঁলোকৰ কিছু পুৰণি সংঘাত আছিল ৷ বৰ্তমান তদন্ত অব্যাহত আছে ৷ ঘটনাৰ সৈতে জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰা হ'ব ৷"
ৰতন সিঙৰ পিতৃ বিনোদ সিঙে দাবী কৰিছে যে, গাঁৱৰ মুৰব্বী জবৰ সিঙে অভিসন্ধি কৰি তেওঁৰ পুত্ৰক হত্যা কৰিছে ৷ বিনোদ সিঙে কয়, "আমি 5:30 বজাত খবৰ লাভ কৰিছো যে, জবৰ সিঙৰ ভাতৃ চনুৰ সৈতে মোৰ পুত্ৰৰ সংঘাত হৈছিল ৷ বিয়লি ভাগত মোৰ পুত্ৰ তেওঁলোকৰ ঘৰলৈ গৈছিল আৰু তেতিয়াই তেওঁলোকে ৰতনক হত্যা কৰে ৷ তেওঁলোকেই তিনিবছৰ পূৰ্বে মোৰ জ্যেষ্ঠ পুত্ৰকো হত্যা কৰিছিল ৷"
লগতে পঢ়ক : পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ অনুমতি দিলে গুজৰাট উচ্চ ন্যায়ালয়ে