ETV Bharat / bharat

যোগী আদিত্য়নাথৰ বিৰুদ্ধ মন্তব্য কৰি বিপদত সাংবাদিক

দেশত কৰ‘ণা ভাইৰাছৰ প্ৰকোপ অব্যাহত থকাৰ সময়তে বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত পৰিছে এগৰাকী জ্যেষ্ঠ সাংবাদিক ৷ সংবাদ প্ৰতিষ্ঠান 'The Wire'ৰ প্ৰতিষ্ঠাপক সম্পাদক ৷

author img

By

Published : Apr 2, 2020, 2:22 PM IST

যোগী আদিত্য়নাথৰ বিৰুদ্ধ মন্তব্য কৰি বিপদত সাংবাদিক
যোগী আদিত্য়নাথৰ বিৰুদ্ধ মন্তব্য কৰি বিপদত সাংবাদিক

নিউজ ডেস্ক, 2 এপ্ৰিলঃ যোগী আদিত্যনাথ চৰকাৰৰ আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিকক ৷ দেশব্যাপী চলি থকা লকডাউনৰ মাজতে ৰাম জন্মভূমিত আয়োজন কৰা ধৰ্মীয় অনুষ্ঠানক লৈ মন্তব্য কৰাৰ পিচতেই গ্ৰেপ্তাৰ হয় সাংবাদিকগৰাকী ৷ ধৃত সাংবাদিকগৰাকী দেশৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান 'The Wire'ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ ভৰদৰাজন ৷

ৰাম নৱমী উপলক্ষে আয়োজন কৰা অনুষ্ঠানক লৈ সাংবাদিকগৰাকীয়ে টুইট কৰিছিল আৰু তাৰ পিচতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে সাংবাদিকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ সিদ্ধাৰ্থে এই ঘটনাক ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰনোদিত বুলি প্ৰকাশ কৰে ৷

সাংবাদিকগৰাকীৰ বিৰুদ্ধে ফাইজাবাদ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীতিশ কুমাৰ শ্ৰীবাস্তৱে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 188 আৰু 505 (2)ৰ অধীনত এজাহাৰ দাখিল কৰিছে ৷ আনহাতে এই ঘটনাক সাংবাদিকৰ স্বাধীনতাৰ অধিকাৰৰ ওপৰত মোক্ষম আঘাত বুলি প্ৰকাশ কৰে সিদ্ধাৰ্থে ৷

সিদ্ধাৰ্থৰ টুইটটোৰ পিচতেই যোগী আদিত্য়নাথৰ প্ৰেছ উপদেষ্টাই সিদ্ধাৰ্থে কৰা টুইটো ডিলিট কৰিবলৈ কোৱাৰ লগতে অন্যথাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ‘ব বুলি মন্তব্য কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.