ETV Bharat / bharat

জিন্নাক কংগ্ৰেছৰ সদস্য বুলি কৈ পুনৰ বিতৰ্কত শত্ৰুঘ্ন সিনহা

author img

By

Published : Apr 27, 2019, 11:00 PM IST

দল সলনি হ'লেও সলনি নহ'ল শত্ৰুঘ্ন সিনহা ৷ বিজেপিৰ পৰা কংগ্ৰেছ যোগদান কৰা পাচতে পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে অভিনয়ৰ পৰা ৰাজনীতিলৈ অহা নেতাগৰাকী ৷

SATRUHGNA SINHA

মধ্যপ্ৰদেশ,27 এপ্ৰিল : মহম্মদ আলী জিন্নাক কংগ্ৰেছৰ অংশ বুলি কৈ দেশবাসী তথা বিৰোধীৰ ৰোষত পৰিল শত্ৰুঘ্ন সিনহা ৷ মধ্যপ্ৰদেশৰ এক নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা গৰাকীয়ে মহাত্মা গান্ধী , সৰদাৰ বল্লভ ভাই পেটেল ,মহম্মদ আলী জিন্না , জৱাহৰ লাল নেহৰু , ইন্দিৰা গান্ধী , নেতাজী সুভাষ চন্দ্ৰ বসু ,ৰাজীৱ গান্ধীৰ দৰে লোকেৰে গঠিত দলটোৱে দেশক কৰা সেৱাত প্ৰভাৱান্বিত হৈয়ে দলটোত যোগদান কৰা বুলি মন্তব্য কৰিছিল ৷

আনহাতে ওড়িশ্যাৰ এক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে শত্ৰুঘ্ন সিনহাৰ এই মন্তব্যক লৈ কংগ্ৰেছক প্ৰত্যক্ষ ভাৱে সমালোচনা কৰে ৷ তেওঁ কয় যে , কংগ্ৰেছত যোগদানৰ মাত্ৰ কেইটামান দিনৰ পাচতে নেতাগৰাকীয়ে মহম্মদ আলী জিন্নাক মহাত্মা গান্ধীৰ লগত তুলনা কৰিলে ৷ কংগ্ৰেছ নেতাসকলে মহম্মদ আলী জিন্নাৰ দৰে দেশ বিভাজিত কৰা নেতাসকলক উৎসাহ যোগায় ৷ এয়াই কংগ্ৰেছ নেতাসকলৰ স্বভাৱ বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কংগ্ৰেছ নেতাসকলক কটাক্ষ কৰে ৷

JINAH PART OF CONGRESS FAMILY , SAYS Satrughna Sinha 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.