ETV Bharat / bharat

ঝাৰখণ্ডত ব্যতিক্ৰমী পদ্ধতিৰে নিৰ্বাচনী সজাগতা অভিযান

author img

By

Published : May 4, 2019, 10:38 AM IST

পুৰণি দুধমাটিয়া, হাবিৰ গছে গছে ফলক আঁৰি জনগোষ্ঠীয় লোকসকলক নিৰ্বাচনৰ প্ৰতি সজাগ কৰা চেষ্টা একাংশ লোকৰ ৷

etv bharat

ঝাৰখণ্ড, 4 মেঃ ঝাৰখণ্ডৰ মূল চহৰৰ পৰা 30 কিলোমিটাৰ নিলগত আছে দুধমাটিয়া হাবি ৷ এই হাবিখনৰে ওচৰে পাজৰে বাস কৰি আহিছে বহুতো জনগোষ্ঠীয় লোকে ৷ আৰ্থিক দিশতেই হওক নতুবা শিক্ষাৰ দিশতেই হওক পিছপৰা এই লোকসকল আধুনিক সমাজৰ পৰা এক দূৰত্ব বজাই ৰাখে ৷ পিছে, হাজাৰিবাঘ নামেৰেও পৰিচিত এই অঞ্চলটোত কেইগৰাকীমান সচেতন ব্যক্তিৰ তৎপৰতাত চলোৱা হৈছে এক ব্যতিক্ৰমী নিৰ্বাচনী সজাগতা অভিযান ৷ হাজাৰিবাঘৰ দুধমাটিয়া হাবিৰ প্ৰতিজোপা ওখ ওখ গছত নিৰ্বাচনৰ প্ৰতি সজাগতা বৃদ্ধিৰ হেতু আঁৰি দিয়া হৈছে কিছুমান ফলক ৷ যাতে হাবিখনৰ ওচৰে পাজৰে অৱস্থান কৰা জনগোষ্ঠীয় তথা আদিবাসী লোকসকলে নিৰ্বাচনৰ গুৰুত্ব বুজি নিৰ্বাচনত অংশ ল’বলৈ ওলাই আহে ৷

সজাগতা অভিযানত অংশ লোৱা লোকসকল কোনো দল-সংগঠন বা সংস্থাৰ লগত জড়িত নহয় ৷ একাংশ উমৈহতীয়া চিন্তাৰ লোক লগ হৈ গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ তেওঁলোকৰ মতে, হাবিখনৰ কাষতে অথবা নাতি দূৰৈত বাস কৰা জনগোষ্ঠীয় লোকসকলে কেৱল হাবিখনৰ ভিতৰতে সোমাই থাকে ৷ তেওঁলোকৰ দৈনন্দিন জীৱন-যাপনৰ উৎসও এই হাবিখনেই ৷ নিৰ্বাচনৰ বিষয়ে এই লোকসকলে একোৱেই বুজি নাপায় ৷ সেয়ে, তেওঁলোকক সজাগ কৰা উদ্দেশ্যে ইয়াতকৈ অন্য বিকল্প নাই ৷

etv bharat
ঝাৰখণ্ডত ব্যতিক্ৰমী পদ্ধতিৰে নিৰ্বাচনী সজাগতা অভিযান

দেশৰ নিৰ্বাচনত প্ৰত্যেকটো ভোটেই অতি মূল্যৱান ৷ অশিক্ষিত বা সচেতনতাৰ অভাৱত কিছু লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থাকে ৷ কিন্তু পুনৰ তেনে নহ’বৰ বাবে দুধমাটিয়া হাবিৰ প্ৰতিজোপা গছত ফলক আঁৰি লোকসকলক ভোট প্ৰদান কৰিবলৈ যাবৰ বাবে সজাগ কৰাৰ প্ৰয়াস এইসকল লোকৰ ৷

মনকৰিবলগীয়া যে, বহুতো উল্লেখনীয় পৰিৱৰ্তন আৰম্ভ হৈছিল ঝাৰখণ্ডৰ এই দুধমাটিয়া হাবিৰ পৰাই ৷ 1995 চনতো মহাদেৱ মহাতো নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী শিক্ষকে প্ৰতিজোপা গছতে ৰাখি পিন্ধাই গছ বচোৱাৰ আন্দোলন গঢ়ি তুলিছিল আৰু লোকসকলকো প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ কৰিছিল ৷

পুৰণি দুধমাটিয়া হাবিৰ গছে গছে ফলক আঁৰি জনগোষ্ঠীয় লোকসকলক নিৰ্বাচনৰ প্ৰতি সজাগ কৰা চেষ্টা একাংশ লোকৰ ৷

ঝাৰখণ্ড, 4 মে’: ঝাৰখণ্ডৰ মূল চহৰৰ পৰা 30 কিলোমিটাৰ নিলগত আছে দুধমাটিয়া হাবি ৷  এই হাবিখনৰে ওচৰে পাজৰে বাস কৰি আহিছে বহুতো জনগোষ্ঠীয় লোক ৷ আৰ্থিক দিশতেই হওক নতুবা শিক্ষাৰ দিশতেই হওক পিছপৰা এই লোকসকল আধুনিক সমাজৰ পৰা এক দূৰত্ব বজাই ৰাখে ৷ পিছে, হাজাৰিবাঘ নামেৰেও পৰিচিত এই অঞ্চলটোত কেইগৰাকীমান সচেতন ব্যক্তিৰ তৎপৰতাত চলোৱা হৈছে এক ব্যতিক্ৰমী নিৰ্বাচনী সজাগতা অভিযান ৷ হাজাৰিবাঘৰ দুধমাটিয়া হাবিৰ প্ৰতিজোপা ওখ ওখ গছত নিৰ্বাচনৰ প্ৰতি সজাগতা বৃদ্ধিৰ হেতু আৰি দিয়া হৈছে কিছুমান ফলক ৷ যাতে হাবিখনৰ ওচৰে পাজৰে অৱস্থান কৰা জনগোষ্ঠীয় তথা আদিবাসী লোকসকলে নিৰ্বাচনৰ গুৰুত্ব বুজি নিৰ্বাচনত অংশ ল’বলৈ ওলাই আহে ৷

সজাগতা অভিযানত অংশ লোৱা লোকসকল কোনো দল-সংগঠন বা সংস্থাৰ লগত জড়িত নহয় ৷ একাংশ উমৈহতীয়া চিন্তাৰ লোক লগ হৈ গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ তেওঁলোকৰ মতে, হাবিখনৰ কাষতে অথবা নাতি দূৰত বাস কৰা জনগোষ্ঠীয় লোকসকলে কেৱল হাবিখনৰ ভিতৰতে সোমাই থাকে ৷ তেওঁলোকৰ দৈনন্দিন জীৱন-যাপনৰ উৎসও এই হাবিখনেই ৷ নিৰ্বাচনৰ বিষয়ে এই লোকসকলে একোৱেই বুজি নাপায় ৷ সেয়ে, তেওঁলোকক সজাগ কৰা উদ্দেশ্যে ইয়াতকৈ অন্য বিকল্প নাই ৷

দেশৰ নিৰ্বাচনত প্ৰত্যেকটো ভোটেই অতি মূল্যৱান ৷ অশিক্ষিত বা সচেতনতাৰ অভাৱত কিছু লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থাকে ৷ কিন্তু পুনৰ তেনে নহ’বৰ বাবে দুধমাটিয়া হাবিৰ প্ৰতিজোপা গছত ফলক আঁৰি আঁৰি লোকসকলক ভোট প্ৰদান কৰিবলৈ যাবৰ বাবে সজাগ কৰাৰ প্ৰয়াস এইসকল লোকৰ ৷

মনকৰিবলগীয়া যে,  বহুতো উল্লেখনীয় পৰিৱৰ্তন আৰম্ভ হৈছিল ঝাৰখণ্ডৰ এই দুধমাটিয়া হাবিৰ পৰাই ৷ 1995 চনতো মহাদেৱ মহাতো নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী শিক্ষকে প্ৰতিজোপা গছতে ৰাখি পিন্ধাই গছ বচোৱাৰ আন্দোলন গঢ়ি তুলিছিল আৰু লোকসকলকো প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ কৰিছিল ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.