নিউজ ডেস্ক, 14 জুলাই : ঝাৰখণ্ডত বিগত 24 ঘন্টাত হোৱা মুুষলধাৰ বৰষুনৰ ফলত অতিকমেও পাঁচগৰাকী লোক নিহত হোৱাৰ খবৰ আহিছে ৷ ৰাজ্যখনৰ হোৱা ধাৰাসাৰ বৰষুন আৰু বিজুলী-ঢেৰেকনিৰ বাবে পাঁচগৰাকী লোক নিহত হোৱাৰ বিপৰীতে বহুকেইগৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷
ৰাজ্যখনৰ ধনবাদ, ৰাঁচী, চৰাইকেলা, গিৰডিহ আৰু পালামু জিলাত এগৰাকীকৈ মুঠ পাঁচগৰাকী লোক নিহত হয় ৷ নিহতসকলৰ ভিতৰত সন্তোষ মণ্ডল (ধনবাদ), ৰামেশ্বৰ মাহাতো (ৰাঁচী), দুলাল চন্দ্ৰ গোপে (চৰাইকেলা), ঝুপ্ৰা মানজি (গিৰডিহ) আৰু বিনা কুৱাৰ (পালামু) বুলি চিনাক্ত কৰিছে ৰাজ্যিক প্ৰশাসনে ৷ তথ্য অনুসৰি, পথাৰত কাম কৰি থকা অৱস্থাতে আটাইকেইগৰাকীৰ ওপৰত বিজুলী-ঢেৰেকনি পৰাৰ ফলত মৃত্যু হয় ৷
ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগে, বিজুলী-ঢেৰেকনিৰ লগতে ধুমুহাৰ ফলত ৰাঁচী, জামচেদপুৰ, ধনবাদ, কোদেৰমা, হাজাৰীবাগ আৰু ডুমকাকে ধৰি প্ৰায় 12খন জিলাত সতৰ্কবানী প্ৰদান কৰিছে ৷ দেওবাৰেও ৰাজ্যখনত পাঁচগৰাকী লোকৰ বিজুলী-ঢেৰেকনি আৰু ধুমুহাৰ ফলত মৃত্যু হৈছিল ৷
লগতে পঢ়কঃ তেলেংগানা শীৰ্ষ আদালতে স্থগিত ৰাখিলে বিধানসভা সচিবালয় ধ্বংসৰ নিৰ্দেশ