ETV Bharat / bharat

কয়লা ব্ল'কৰ নিলাম প্ৰসংগ : কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ঝাৰখণ্ড চৰকাৰ

author img

By

Published : Jun 20, 2020, 6:35 PM IST

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ঝাৰখণ্ডৰ চৰকাৰ । কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বাণিজ্যিক খননৰ বাবে কয়লা ব্ল'কৰ নিলাম সিদ্ধান্তৰ বিৰোধীতা কৰিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিচাৰাধ্যক্ষ ৰাজীৱ ৰঞ্জন । এই নিলাম সিদ্ধান্তত অন্তৰ্ভুক্ত হৈ আছে ঝাৰখণ্ডৰ বহু কেইটা কয়লা ব্ল'ক ।

Jharkhand Moves SC Against Centre's Decision To Auction Coal Blocks For Commercial Mining
Jharkhand Moves SC Against Centre's Decision To Auction Coal Blocks For Commercial MiningJharkhand Moves SC Against Centre's Decision To Auction Coal Blocks For Commercial Mining

নতুন দিল্লী, 20 জুনঃ বাণিজ্যিক খননৰ বাবে কয়লা ব্ল'কৰ নিলাম কৰা কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্থ ঝাৰখণ্ডৰ ৰাজ্য় চৰকাৰ ।

এই সন্দৰ্ভত ঝাৰখণ্ডৰ বিচাৰাধ্যক্ষ ৰাজীৱ ৰঞ্জনে কৈছে যে, কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শুকুৰবাৰে উচ্চতম ন্য়ায়ালয়ত এক ৰিট্ আবেদন দাখিল কৰিছে । এই আবেদনত কোৱা হৈছে কয়লা ব্ল'ক য'ত ঝাৰখণ্ডৰ বহু কেইটা অন্তৰ্ভুক্ত হৈ আছে এই নিলামৰ সিদ্ধান্তৰ দ্বাৰা ৰাজ্য়ত হৈ থকা COVID-১৯ মহামাৰীত ইয়াৰ দ্বাৰা একো উপকৃত নহয় । ইয়াৰ বিপৰীতে ৰাজ্য়খনৰ লোকচানৰ হে সন্মুখীন হ'ব । কাৰণ বৰ্তমান সময়ত উচিত বজাৰ মূল্য় লাভ নকৰিব বুলিও কয় ৰঞ্জনে । আনহাতে বিশাল জনগোষ্ঠী আৰু বনাঞ্চলৰ বিৰূপ প্ৰভাৱ সম্পৰ্কত সঠিক মূল্য়ায়ণ কৰা হোৱা নাই লগতে সিদ্ধান্তৰ সমস্ত দিশ চালি জাৰি চাবলৈ বিশদ গৱেষণাৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হয় আবেদনখনত ।

এই সপ্তাহৰ আৰম্ভণিতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাণিজ্যিক খননৰ বাবে 41 টাকৈ কয়লা খনি নিলামৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । লগতে আমদানি হ্ৰাস কৰি ভাৰতক শক্তিৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হোৱাৰো আহ্বান জনাইছিল ।

ভাৰত হৈছে বিশ্বৰ চতুৰ্থ বৃহত্তম কয়লা ভণ্ডাৰ থকা দেশৰ লগতে দ্বিতীয় বৃহত্তম উৎপাদক আৰু দ্বিতীয় বৃহত্তম কয়লাৰ আমদানি কৰা দেশ ।

বাণিজ্যিক কয়লা খননৰ ৰ'লআউট কেন্দ্ৰৰ দ্বাৰা ঘোষণা কৰা আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰে এটা অংশ । ইয়াৰ দ্বাৰা ব্যক্তিগত খণ্ডক অধিক অংশগ্ৰহণৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । যাৰ দ্বাৰা উচ্চ উৎপাদন আৰু প্ৰতিযোগিতা বৃদ্ধি হ'ব বুলি কোৱা হৈছে ।

লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.