ETV Bharat / sports

দক্ষিণ আফ্ৰিকাক হৰুৱাই টি 20 ক্ৰিকেটত ইতিহাস ৰচিলে আয়াৰলেণ্ডে - IRELAND VS SOUTH AFRICA T 20I

Ire Beat SA: ক্ৰিকেটত বেয়া দিন চলি আছে দক্ষিণ আফ্ৰিকাৰ ৷ আফগানিস্তানৰ পিছত বেয়াকৈ পৰাজিত হোৱাৰ পিছত দলটোৱে পৰাজয়বৰণ কৰিছে আয়াৰলেণ্ডৰ বিৰুদ্ধে ৷ সবিশেষ পঢ়ক এই বাতৰিত...

IRELAND VS SOUTH AFRICA T 20I
আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰাস্ত দক্ষিণ আফ্ৰিকা (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 30, 2024, 1:56 PM IST

স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: আয়াৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে টি 20 ক্ৰিকেট শৃংখলা ৷ এই শৃংখলাৰ দ্বিতীয়খন মেচত বিপৰ্যয়ৰ সন্মুখীন হৈছে দক্ষিণ আফ্ৰিকা ৷ আয়াৰলেণ্ডে শৃংখলাৰ আন এখন মেচত অষ্ট্ৰেলিয়াক 10 ৰাণত হৰুওৱাৰ পিছত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয় লাভ কৰে ৷

ডুবাইৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা এই শৃংখলাৰ প্ৰথমখন মেচত জয় লাভ কৰে দক্ষিণ আফ্ৰিকাই ৷ পিছে দলটোৱে দ্বিতীয়খন মেচত পৰাজয়ৰ সন্মুখীন হয় ।

প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ অহা আয়াৰলেণ্ডে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই 6 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 196 ৰাণ ৷ প্ৰত্যুত্তৰত আফ্ৰিকাৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই মাত্ৰ 185 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

আয়াৰলেণ্ডৰ হৈ ইনিংছ মুকলি কৰা ৰছ আডাইৰে 58 টা বলত 5 টা চাৰি আৰু 9 টা ছয়ৰ সহায়ত শতক অৰ্জন কৰে ৷

ইয়াৰোপৰি অধিনায়ক পল ষ্টাৰলিঙে 31 টা বলত 7 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 52 ৰাণ সংগ্ৰহ কৰে । দুয়োগৰাকী বেটছমেনে প্ৰথম উইকেটৰ বিনিময়ত 79 টা বলত 137 ৰাণৰ অংশীদাৰিত্ব আগবঢ়ায় । পিছে নিৰ্ধাৰিত 20 অভাৰত দলটোৱে 6 টাকৈ উইকেট হেৰুৱায় ৷

দক্ষিণ আফ্ৰিকাৰ হৈ ৰিজা হেনৰিকেছ আৰু ব্ৰিট্জকে প্ৰত্যেকে সংগ্ৰহ কৰে 51 ৰাণ ৷ ৰিজাই 6 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 32 টা বলত 51 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ব্ৰিট্জকে 41 টা বলত 3 টা চাৰি আৰু দুটা ছয় কোবায় । আয়াৰলেণ্ডৰ হৈ সৰ্বাধিক 4 টা উইকেট দখল কৰে মাৰ্ক আডাইৰে ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশ টী-20 শৃংখলা, ঘৰুৱা দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - India vs Bangladesh T20 squad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.