ETV Bharat / bharat

শ্ৰীনিবাসে কৰিব বিশ্ব অভিলেখ; কিন্তু কেনেকৈ ? - Srinivas Unite for a Unique Event

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

World Record: তেলেংগানাৰ কৰিমনগৰত একত্ৰিত হ'ল শ্ৰীনিবাস নামৰ প্ৰায় ১৫০ গৰাকী লোক । তেওঁলোকে বিশ্ব অভিলেখৰ প্ৰস্তুতি চলাই আছে । কিন্তু কেনেকৈ জানো আহক...

World Record
শ্ৰীনিবাসে কৰিব বিশ্ব অভিলেখ ! কিন্তু কেনেকৈ ? (ETV Bharat)

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : তেলেংগানাৰ কৰিমনগৰ জিলাৰ বিদ্যানগৰৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত শনিবাৰে এক অনন্য কাৰ্যসূচীৰ আয়োজন কৰা হয় । শ্ৰীনিবাস নামৰ ১৫০ৰো অধিক লোক একত্ৰিত হয় এই অনুষ্ঠানত । শ্ৰীনিবাস নামৰ লোকসকলক একত্ৰিত কৰাৰ এক অনন্য পদক্ষেপৰ অংশ আছিল অনুষ্ঠান । ইয়াৰ নেতৃত্ব দিছিল ভূপালপল্লী জিলাৰ কালেশ্বৰমৰ শ্ৰীনিবাসে ।

শ্ৰীনিবাস হোৱাটছ এপ গ্ৰুপ

শ্ৰীনিবাসে 'মনমন্তা শ্ৰীনিবাসৌলেম' নামেৰে এটা হোৱাটছএপ গ্ৰুপ আৰম্ভ কৰিছিল । ইয়াৰ উদ্দেশ্য আছিল একে নামৰ মানুহক একত্ৰিত কৰা । গ্ৰুপৰ সদস্যৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল । তেলেংগানা আৰু বাহিৰৰ বিভিন্ন প্ৰান্তৰ শ শ সদস্যই ইয়াত যোগদান কৰে । বিশেষকৈ সংকটৰ সময়ত, ব্যক্তিগত আৰু পেছাদাৰী অভিজ্ঞতা ভাগ বতৰা কৰি সদস্যসকলে সক্ৰিয়ভাৱে ইজনে সিজনক সমৰ্থন প্ৰদান কৰে । হোৱাটছ এপ গ্ৰুপটোৰ আৰম্ভণিৰ পৰাই ২০০ তকৈও অধিক সদস্যই এতিয়ালৈ ৰক্তদান কৰিছে ।

গ্ৰুপটোৰ ভিতৰত শেহতীয়া আলোচনাত শ্ৰীনিবাস নামৰ মানুহৰ সংখ্যা হ্ৰাস হোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰা হয় । তেওঁলোকৰ একে নাম আৰু ঐতিহ্য উদযাপন কৰিবলৈ কৰিমনগৰৰ বাসিন্দা ভোটকুৰি শ্ৰীনিবাস ৰেড্ডীয়ে জিলাখনত শ্ৰীনিবাস নাম থকা লোকসকলৰ বাবে এক বিশেষ কাৰ্যসূচী আয়োজন কৰাৰ উদ্যোগ লয় ।

বিশ্ব অভিলেখৰ প্ৰস্তুতি

ভোটকুৰি শ্ৰীনিবাস ৰেড্ডীয়ে কয়, "এয়া মাত্ৰ আৰম্ভণি । আমি ৰাজ্যব্যাপী এক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰি আছো । য'ত শ্ৰীনিবাস নামৰ হাজাৰ হাজাৰ লোকক একত্ৰিত কৰি বিশ্ব অভিলেখৰ প্ৰয়াস কৰা হ'ব । আমি থেলাচেমিয়া ৰোগী আৰু অন্যান্য সংস্থাসমূহকো সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" তেওঁ উমৈহতীয়া পৰিচয় আৰু সম্প্ৰদায়ৰ শক্তিৰ ওপৰত আলোকপাত কৰে । লগতে, সামাজিক কাৰণত অৰিহণা যোগোৱাৰ সময়ত শ্ৰীনিবাস নামটোৰ স্বকীয়তা প্ৰদৰ্শন কৰিবলৈ অধিক বৃহৎ পৰিমাণৰ অনুষ্ঠানৰ পৰিকল্পনাও কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :সোণৰ শাড়ী দেখিছেনে ? এজন হস্ততাঁত শিল্পীৰ অদ্ভুত বয়ন কলাৰ সৈতে চিনাকী হওঁ আহক - Gold Saree

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.