ETV Bharat / bharat

যৌন সম্পৰ্কৰ সময়তে যুৱতীৰ সৈতে ঘটিল এই ভয়ংকৰ ঘটনা; জানিলে আপুনিও হ’ব হতচকিত - Bizarre incident

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Vaginal Bleeding: দুবছৰ পূৰ্বে চিনাকী হোৱা প্ৰেমিক যুগল প্ৰথমবাৰৰ বাবে হৈছিল লগালগি ৷ কিছু নিবিড় মুহূৰ্ত কটোৱাৰ বাবে দুয়ো সোমাল হোটেলৰ কোঠাত ৷ তাৰ পিচত...

Dies during physical relation
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : গুগলৰ ওপৰতে সৰ্বস্ব ভৰষা কৰি প্ৰেয়সীক হেৰুৱালে এজন যুৱকে ৷ প্ৰেয়সীৰ গুপ্তাংগৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰাৰ উপায় গুগলত বিচাৰিয়েই পাৰ কৰিলে দুঘণ্টা সময় ৷ ফলত অত্যধিক ৰক্তক্ষৰণৰ ফলত হোটেলৰ কোঠাতে মৃত্যু হ’ল প্ৰেয়সীৰ ৷

সামাজিক মাধ্যমত যুৱতীগৰাকীৰ ফটো-ভিডিঅ’ দেখি প্ৰেমত পৰিল ভাৰ্গৱ নৰেন্দ্ৰভাই পেটেল নামৰ ২৬ বছৰীয়া যুৱকজন ৷ হাই-হেল্ল’ৰে আৰম্ভ হ’ল বাৰ্তালাপ ৷ লাহে-লাহে দুয়োৰে মাজত গঢ় লৈ উঠিল প্ৰেমৰ সম্পৰ্ক ৷ তেনেদৰেই ফোনতেই আগবাঢ়িল প্ৰেমালাপ ৷ এনেকৈ আৰু কিমানদিন ! দুয়ো দুয়োকে লগ কৰাৰ হাবিয়াস দিনকদিনে বৃদ্ধি পাবলৈ ধৰিলে ৷ অৱশেষত দুবছৰৰ পিচত ঠিৰাং কৰা হ’ল এটা দিন ৷ সেই দিনটো হ’ল চলিত বৰ্ষৰ 23 ছেপ্টেম্বৰ ৷

প্ৰেমাস্পদৰ প্ৰথম সাক্ষাৎ ৷ কিন্তু ক’ত হ’ল এই মিলন ? স্থান হিচাবে ঠিক কৰা হ’ল নৱচাৰীৰ হেপ্পী ষ্টে’ হোটেলৰ এটা কোঠা ৷ কেৱল বাৰ্তালাপেই নহয়, হ’ব শাৰীৰিক মিলনো ৷ হেঁপাহ অনুসৰিয়েই সোমাল হেপ্পী হোটেলৰ কোঠাত ৷ বাকীখিনি আজিৰ প্ৰজন্মৰ অধিকাংশৰ দৰেই আগবাঢ়িল ৷

কিন্তু মিলনৰ মাজতেই ঘটিল প্ৰেমিকাৰ স্বাভাৱিক ৰক্তক্ষৰণ ৷ লগেলগে ভয় বৃদ্ধি পালে দুয়োৰে ৷ অধিক ভয় হ’ল প্ৰেমিক ভাৰ্গৱৰ ৷ কি কৰিব, কি নকৰিব একো উৱাদিহ নোপোৱা হ’ল ৷ চিকিৎসকৰ ওচৰলৈ যাবলৈও লাজ-শংকা ৷ অৱশেষত আশ্ৰয় ল’লে গুগলৰ ৷ প্ৰেমিকাৰ এনে ৰক্তক্ষৰণ কিদৰে বন্ধ কৰিব পাৰি, গুগলত তাৰ উপায় বিচাৰিয়েই পাৰ কৰিলে মিনিটৰ পিচত মিনিট, ঘণ্টাৰ পিচত ঘণ্টা ৷ ইফালে বৃদ্ধি পাবলৈ ধৰিলে প্ৰেমিকাৰ শৰীৰৰ ৰক্তক্ষৰণ ৷ অত্যধিক ৰক্তক্ষৰণৰ ফলত অৱশেষ মৃত্যুক আকোঁৱালি ল’লে প্ৰেমিকাগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত হোটেলখনৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিশ্চিত হয় যুৱজনৰ লগত যৌন সম্ভোগ কৰি থকাৰ সময়তে যুৱতীগৰাকীৰ ৰক্তক্ষৰণৰ কথা ৷ যাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হৈছিল ৷ এই সন্দৰ্ভত যুৱতীগৰাকী পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰেমিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে । ঘটনাটো সংঘটিত হ’ল গুজৰাটৰ নৱশাৰী জিলাৰ জালালপুৰত ৷

লগতে পঢ়ক : দৈনিক যৌন সম্পৰ্ক স্থাপন কৰিলে শৰীৰতে কেনে প্ৰভাৱ পৰিব পাৰে ?

শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়ত হোৱা বিষক নকৰিব আওকাণ; অন্যথা কৰিবলগীয়া হ’ব আক্ষেপ

বিয়াৰ পাচত ওজন বৃদ্ধিৰ বাবে চিন্তিত নহ'ব; এই পৰামৰ্শবোৰ অনুসৰণ কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.