নেশ্যনেল ডেস্ক, ১ ছেপ্টেম্বৰ: শিক্ষাৰ্থী, ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ অন্তত অৱশেষত আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (MAINS) পৰীক্ষা । নেশ্যনেল টেষ্টিং এজেন্সিয়ে COVID-19ৰ স্বাস্থ্যবিধি মানি ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে JEE (MAINS)পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । দেশৰ ৬৬০ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব JEE (MAINS) পৰীক্ষা । পৰীক্ষাৰ্থীসকলক পৰীক্ষাকেন্দ্ৰলৈ যাবলৈ যাতায়াতৰ সুবিধা প্ৰদান কৰিব বুলি উড়িশা, মধ্য প্ৰদেশ, ছট্টিশগড়ৰ চৰকাৰে শিক্ষাৰ্থীক আশ্বাস দিছে । আনহাতে আই আই টিৰ প্ৰাক্তন ছাত্ৰৰ এটা গোট আৰু আন একাংশ ছাত্ৰই যৌথ প্ৰচেষ্টা চলাই পৰীক্ষাৰ্থীৰ পৰিবহণ ব্যৱস্থা সুচল কৰিবলৈ এটা প'ৰ্টেল উন্মোচন কৰিছে । পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ প্ৰতি সহায়ৰ হাত তথা সমৰ্থন জনাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ প'খিয়াল নিশাংকই বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে । লগতে পৰীক্ষা আয়োজনৰ বিষয়ত নেশ্যনেল টেষ্টিং এজেন্সিৰ ওপৰত বিশ্বাস ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনায় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।
সম্প্ৰতি নেশ্যনেল টেষ্টিং এজেন্সিয়ে ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে JEE (MAINS) পৰীক্ষা আৰু ১৩ ছেপ্টেম্বৰত NEET পৰীক্ষা আয়োজনৰ বাবে সাজু হৈছে । JOINT ENTRANCE EXAMINATIONৰ বাবে ৮.৫৮ লাখ আৰু NATIONAL ENTRANCE cum ELIGIBILITY TESTৰ বাবে ১৫.৯৭ লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে । দুয়োটা পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি, পৰীক্ষাৰ্থীৰ আসনৰ ক্ষেত্ৰতো বিকল্প ব্যৱস্থা গ্ৰহণ, প্ৰতিটো কোঠাতে পৰীক্ষাৰ্থী সংখ্যা নূন্যতম কৰা হৈছে বুলি নেশ্যনেল টেষ্টিং এজেন্সিৰ সূত্ৰই প্ৰকাশ কৰিছে । পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে আৰু সমাপ্ত হোৱাৰ পিছত আসনসমূহ ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰা হৈছে । পৰীক্ষাকেন্দ্ৰৰ প্ৰৱেশদ্বাৰ আৰু পৰীক্ষাকেন্দ্ৰৰ ভিতৰত হেণ্ড ছেনিটাইজাৰ উপলব্ধ হ'ব । বাৰকোডৰ জৰিয়তে পৰীক্ষাৰ্থীৰ প্ৰৱেশ পত্ৰৰ পৰীক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মাস্ক পৰিধান কৰাৰ লগতে হেণ্ড ছেনিটাইজাৰো নিজৰ লগত ৰাখিব লাগিব বুলি নিৰ্দেশ দিয়া হৈছে । পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পিছতে পৰীক্ষা প্ৰাধিকৰণৰ দ্বাৰা প্ৰদান কৰা ৩ তৰপযুক্ত মাস্ক পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব।
উল্লেখ্য যে, COVID-19ত ভয়াৱহ সংক্ৰমণৰ বাবে JEE (MAINS) আৰু NEET পৰীক্ষা বাতিলৰ বাবে সমগ্ৰ দেশতে শিক্ষাৰ্থী, অভিভাৱক আৰু দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল । শিক্ষাৰ্থীৰ এটা সংস্থাই পৰীক্ষা বাতিলৰ আহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । কিন্তু নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষা বাতিল হ'লে ছাত্ৰ-ছাত্ৰীৰ এটা মূল্যবান বৰ্ষ নষ্ট হোৱাৰ লগতে ভৱিষ্যতত ইয়াৰ প্ৰভাৱ পৰিব বুলি ব্যাখ্যা দাঙি ধৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, নবীন পাটনায়ক, ডি এম কেৰ অধ্যক্ষ এম কে ষ্টেলিন, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিস'ৰিয়াসহ বহু বিৰোধী দলৰ নেতাই পৰীক্ষা স্থগিত কৰাৰ দাবী উত্থাপন কৰিছিল । পূৰ্বে JEE (MAINS) ৭-১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া আছিল আৰু ১৮-২৩ জুলাইলৈকে স্থগিত কৰা হৈছিল । আনহাতে NEET পৰীক্ষা ৩ মে'ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰীৰ প্ৰকোপৰ বাবে ২৬ জুলাইলৈ পিছুৱাই দিয়া হয় । ইয়াৰ পিছত বহু বাদ-বিবাদৰ অন্তত নেশ্যনেল টেষ্টিং এজেন্সিয়ে ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে পঢ়ক : নিশা অক্সিজেন লেভেল হ্ৰাস পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ