ETV Bharat / bharat

জম্মু-কাশ্মীৰত দেৱাল খহি পৰাত সেনা বিষয়াঃ জোৱানৰ মৃত্যু - জম্মু-কাশ্মীৰৰ কথুৱা

জম্মু-কাশ্মীৰৰ কথুৱাত সেনা জোৱানৰ কৰুণ মৃত্যু । কথুৱাৰ মছেৰীত দেৱাল খহি পৰাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় এগৰাকী সেনা বিষয়া আৰু এজন জোৱানে । ভয়াৱহ অঘটনত গুৰুতৰভাৱে আহত হয় আন এজন জোৱান ।

জম্মু-কাশ্মীৰত দেৱাল খহি পৰাত সেনা বিষয়া, জোৱানৰ মৃত্যু

author img

By

Published : Dec 26, 2020, 10:28 PM IST

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: শুক্ৰবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ কথুৱাত ভয়াৱহ অঘটন সংঘটিত হয় । বেৰেকৰ দেৱাল খহি পৰাৰ ফলত এগৰাকী জুনিয়ৰ কমিছনড বিষয়া আৰু সেনা জোৱানৰ মৃত্যু হয় । আন এজন জোৱান গুৰুতৰভাৱে আহত হয় । সেনাৰ সূত্ৰই শনিবাৰে প্ৰকাশ কৰা মতে, কথুৱাৰ বিল্লাৱৰ অঞ্চলত থকা মছেৰী কেম্পত শুক্ৰবাৰে সন্ধিয়া বেৰেকৰ এখন দেৱাল হঠাতে খহি পৰে ।

জম্মু-কাশ্মীৰত দেৱাল খহি পৰাত সেনা বিষয়া, জোৱানৰ মৃত্যু
জম্মু-কাশ্মীৰত দেৱাল খহি পৰাত সেনা বিষয়া, জোৱানৰ মৃত্যু

ইয়াৰ পিছত ধ্বংসস্তূপৰ মাজৰ পৰা এগৰাকী বিষয়া আৰু দুজন জোৱানক উদ্ধাৰ কৰা হয় । আটাইকেইজনকে সংকটজনক অৱস্থাত চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জুনিয়ৰ কমিছনড বিষয়া এছ এন সিং আৰু নায়ক পাৰভেজ কুমাৰক মৃত ঘোষণা কৰে ।

সেনা বিষয়া এছ এন সিঙৰ ঘৰ হাৰিয়ানাৰ স'নীপটত আৰু নায়ক পাৰভেজ কুমাৰৰ ঘৰ চাম্বাত । আনহাতে, গুৰুতৰভাৱে আহত পানীপটৰ ৪৬ বছৰীয়া মংগল সিঙক বিশেষ চিকিৎসাৰ বাবে বৰ্তমান পাথানকোটস্থিত সেনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰত পুনৰ বঢ়াই দিয়া হ'ল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.