ETV Bharat / bharat

জাপানৰ বুলেট ট্ৰেইনৰ শেহতীয়া সংযোজন N700S - জাপানৰ বুলেট ট্ৰেইনৰ শেহতীয়া সংযোজন

ৰে'ল পৰিৱহনৰ ক্ষেত্ৰত জাপানে সদায়ে আগস্থান দখল কৰি আহিছে ৷ দেশখনে শেহতীয়াকৈ পূৰ্বনিৰ্ধাৰিত সময়ত তৈয়াৰ কৰি উলিয়াইছে N700S নামৰ এখন চুপাৰফাষ্ট বুলেট ট্ৰেইন ৷

জাপানৰ বুলেট ট্ৰেইনৰ শেহতীয়া সংযোজন N700S

author img

By

Published : Jul 9, 2020, 9:32 PM IST

নিউজ ডেস্ক, 9 জুলাই : এখন "চুপ্ৰিম" ৰে'লগাড়ী ৷ অভিলেখসংখ্যক গতিৰে ধাৱমান এইখন ৰে'লগাড়ীয়ে ভূমিকম্পৰ সময়তো যাত্ৰীসকলক নিৰাপদে কঢ়িয়াই লৈ যাবলৈ সক্ষম ৷ উদ্ভাৱনী সক্ষমতাৰ বাবে জনাজাত জাপানে শেহতীয়াকৈ এইখন বিশেষ ৰে'লগাড়ী টোকাইডো-ছিনকানছেন লাইনত চলাই সমগ্ৰ বিশ্বকে চমক প্ৰদান কৰিছে ৷

এই বিশেষ ৰে'লগাড়ীখন হৈছে "N700S" য'ত S মানে Supreme বুলি বুজোৱা হৈছে ৷ জাপানৰ ছিনকানছেন বুলেট ৰে'লগাড়ীৰ সংস্কৰণত ইয়াক নতুনকৈ সংযোজিত কৰা হৈছে আৰু এইখন ৰে'লগাড়ী N700 আৰু N700A আৰ্হিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ৷

N700S বুলেট ট্ৰেইনৰ ল'গ'
N700S বুলেট ট্ৰেইনৰ ল'গ'

নিয়মানুৱৰ্তিতা মানি চলা দেশখনৰ নিপ্পন কোম্পানীয়ে ৰে'লগাড়ীখন নিৰ্ধাৰিত সময়ত তৈয়াৰ কৰি উলিয়াই ইয়াক সংশ্লিষ্ট কৰ্তৃপক্ষক অৰ্পন কৰিছে ৷ ইয়াৰ উদ্বোধন টকিঅ' অলিম্পিকৰ সৈতে একেলগে ধাৰ্য কৰা হৈছিল, যদিও কোভিড-19ৰ ফলত ইয়াক পিছুৱাই দিয়া হয় ৷ ৰে'লগাড়ীখনে সৰ্বাধিক 360 কিলোমিটাৰ প্ৰতি ঘন্টাত চলাচল কৰিব পৰাকৈ সক্ষম ৷ ইয়াৰ কাৰ্যকৰী গতিবেগ হৈছে প্ৰতিঘন্টাত 285 কিলোমিটাৰ ৷ ইয়াৰ অন্যতম বৈশিষ্ট হৈছে সুৰক্ষা ব্যৱস্থা ৷ ছিনকানছেন নেটৱৰ্কৰ ভূমিকম্প চিনাক্তকৰণৰ এক আগতীয়া ব্যৱস্থা আছে ৷ বিশেষ ব্ৰেকিং ব্যৱস্থাৰে পৰিপূৰ্ণ ৰে'লগাড়ীখনে সৰ্বাধিক গতিত থকাৰ সময়তো নিৰাপদে ব্ৰেক লগাব পাৰে ৷ এইখন হৈছে বিশ্বৰ প্ৰথমখন ৰে'লগাড়ী য'ত lithium-ion battery self- propulsion ব্যৱস্থা সংযোজন কৰা হৈছে ৷ ইয়াৰ শক্তি ব্যৱস্থাত যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়তো কম দুৰত্বত ই চলাচল কৰিব পৰাকৈ সক্ষম কৰি তোলে ৷ ইয়াৰ উপৰিও হাই-ৰিস্ক এলেকা যেনে, সুৰংগ আৰু অভাৰ-ব্ৰীজৰ ওপৰেদি প্ৰাকৃতি দুৰ্যোগৰ সময়তো ইয়াক পাৰ হৈ যাবলৈ সক্ষমতা প্ৰদান কৰে ৷

ৰে'লগাড়ীখনৰ ভিতৰভাগো চকুত লগাকৈ চাবলগীয়া ৷ ইয়াৰ আসনসমূহ যাত্ৰীৰ সুবিধা অনুসৰি তৈয়াৰ কৰা হৈছে ৷ প্ৰতিখন আসনতে পাৱাৰ আউটলেট সংযোগ কৰা হৈছে ৷ যাত্ৰীৰ বয়-বস্তু কঢ়িয়াই নিয়া অভাৰহেড ৰেকসমূহ প্ৰতিটো আস্থানতে পোহৰাই তোলা হয় যাতে, যাত্ৰীসকলে তেওঁলোকৰ সামগ্ৰীসমূহ এৰি থৈ নাযায় ৷ যাত্ৰা সুচল কৰি তুলিবলৈ এক নতুন ছাচপেন্সন ছিষ্টেম সংলগ্ন কৰা হৈছে ৷ প্ৰতিট দবাতে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অধিক পৰিমানে কেমেৰা সংযোগ কৰা হৈছে ৷ এই ছিনকানছেন, যাক জনপ্ৰিয়ভাৱে বুলেট ট্ৰেইন বুলি কোৱা হয়, ৰে'ল নেটৱৰ্কৰ 9টা ৰে'লপথ আছে, যিয়ে যাত্ৰীসকলক জাপানৰ বিভিন্ন স্থানলৈ নিয়ে ৷ জাপানৰ শেহতীয়া সংযোজন "N700S" ৰে'লগাড়ীখন টকিঅ' আৰু অছাকাৰ মাজত চলাচল কৰিব ৷

N700S বুলেট ট্ৰেইনৰ আৰামদায়ক চকী
N700S বুলেট ট্ৰেইনৰ আৰামদায়ক চকী

জাপানে 1964 চনত গ্ৰীষ্ম অলিম্পিক আয়োজন কৰিছিল ৷ একেটা বৰ্ষতে জাপানে টকিঅ'-ছিনকানছেন লাইন আৰম্ভ কৰিছিল, একমাত্ৰ অলিম্পিকৰ সময়ৰ বাবে ৷ প্ৰথমটো ছিনকানছেন লাইনক যাত্ৰীসকলৰ সময় ৰাহি কৰিবলৈ টকিঅ' আৰু অছাকাৰ মাজত চলোৱা হৈছিল ৷ ইয়ে জাপানৰ জীৱন আৰু বাণিজ্য সম্পূৰ্ণৰূপে সলনি কৰি পেলায় ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে দেশখনৰ অৰ্থনীতি পুনৰনিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছিল ৷ দৰাচলতে জাপানে উচ্চ-গতিসম্পন্ন ৰে'লগাড়ী তৈয়াৰ কৰা প্ৰথমখন দেশত পৰিনত হৈছিল ৷ আজিৰ দিনত বিশ্বৰ কেবাখনো দেশে এই প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰিয়ে ৰে'লগাড়ী তৈয়াৰ কৰি আহিছে ৷ 1889 চনত টকিঅ' আৰু অছাকাৰ মাজৰ যাত্ৰাত 16:30 ঘন্টা সময় লাগিছিল ৷ 1965 চনত প্ৰথমখন ছিনকানছেন ৰে'লগাড়ীয়ে এই সময় 3 ঘন্টা 10 মিনিটলৈ হ্ৰাস কৰে ৷

লগতে পঢ়কঃ ভাৰত-নেপালৰ সম্পৰ্ক আৰু চীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.