ETV Bharat / bharat

ভাৰতক ৩,৫০০কোটি টকাৰ জৰুৰীকালীন ঋণ প্ৰদান কৰিব জাপানে - ৰাষ্ট্ৰদূত সন্তোষী ছুজুকি

জাপানৰ ৰাষ্ট্ৰদূত সন্তোষী ছুজুকিয়ে মঙলবাৰে টুইটযোগে ঘোষণা কৰে যে, জাপানে ৫০ বিলিয়ন য়েন পৰ্যন্ত ঋণ প্ৰদান কৰি ভাৰতক সমৰ্থন আগবঢ়াব । কৰ'ণাৰ সংকটকালত ভাৰতক জৰুৰীকালীন ঋণ দি সহায় কৰিব জাপানে । ঋণ পৰিশোধৰ বাবে ১৫বছৰ সময় দিয়াৰ লগতে প্ৰতিবছৰে ভাৰতে এই ঋণৰ বাবদ ০.০১% সুদ আদায় দিব লাগিব ।

ভাৰতক ৩,৫০০কোটি টকাৰ জৰুৰীকালীন ঋণ প্ৰদান কৰিব জাপানে

author img

By

Published : Sep 1, 2020, 3:22 PM IST

নেশ্যনেল ডেস্ক,১ছেপ্টেম্বৰ: COVID-19 মহামাৰীয়ে ভাৰতৰ অৰ্থব্যৱস্থাত মোক্ষম আঘাত হনাৰ সময়তে জৰুৰীকালীন ঋণ প্ৰদানৰ বাবে আগবাঢ়ি আহিছে জাপান । কৰ'ণাৰ সংকটকালত জাপানে ৫০ বিলিয়ন য়েন পৰ্যন্ত ঋণ প্ৰদান কৰি ভাৰতক সমৰ্থন আগবঢ়াব । এই ঋণে স্বাস্থ্য আৰু চিকিৎসা নীতিকো সামৰি ল'ব । বিত্ত মন্ত্ৰণালয়ৰ আৰ্থিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব চি এছ মাহাপাত্ৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত সন্তোষী ছুজুকিয়ে সোমবাৰে ঋণ প্ৰদান সম্বন্ধীয় প্ৰক্ৰিয়া অনুসৰি নোটৰ আদান-প্ৰদান কৰে।

  • Exchanged the E/N for Grant Aid with Dr. C.S. Mohapatra, Additional Secretary, Department of Economic Affairs, Ministry of Finance. By providing Oxygen Generators, Japan remains committed in assisting India’s fight against COVID-19 and other infectious diseases. #FightCOVID pic.twitter.com/8LtSUpzBkU

    — Satoshi Suzuki (@EOJinIndia) August 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

জাপানৰ ৰাষ্ট্ৰদূতে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি COVID-19ৰ সংকটৰ সময়ত ভাৰতক জৰুৰীকালীনভাৱে ঋণ প্ৰদান কৰা হ'ব। এই আৰ্থিক সহায়ে ভাৰতক স্বাস্থ্য আৰু চিকিৎসা নীতিক অধিক কাৰ্যক্ষম কৰি তোলাত সহায় কৰিব । দেশৰ চিকিৎলালয়বোৰত আই চি ইউ, ৰোগীৰ সংক্ৰমণৰ সংখ্যা নিৰূপণ আৰু নিয়ন্ত্ৰণত সহায়ক হোৱাৰ লগতে এই ঋণে চিকিৎসালয়ৰ বিকাশতো সহায়ক হ'ব । এই ঋণৰ বাবদ ভাৰতে প্ৰতিবছৰে ০.০১% সুদ আদায় দিব লাগিব আৰু ৪ বছৰৰ অনুদানৰ সময়কে ধৰি ১৫বছৰৰ ভিতৰত ঋণ পৰিশোধ কৰিব লাগিব । ইয়াৰ উপৰিও দুয়োখন দেশৰ উচ্চপদস্থ বিষয়াই 'দ্য ইক'ন'মিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট' মাধ্যমেৰে ১ বিলিয়ন য়েনৰ আদান-প্ৰদান কৰে । COVID-19 মহামাৰীয়ে নিশকটীয়া কৰা ভাৰতৰ অৰ্থনীতিত জাপানে আগবঢ়োৱা ঋণ লাভদায়ক হিচাপে প্ৰমাণিত হ'ব বুলি আশাবাদী দুয়োখন দেশ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.