নেচনেল ডেক্স, 8 আগষ্ট : জম্মু কাশ্মীৰত অব্যাহত থকা যুদ্ধকালীন পৰিস্থিতিৰ মাজতে বাতিল কৰা হৈছে জম্মু বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ সকলো পৰীক্ষা আৰু নামভৰ্ত্তিকৰণ ৷ বুধবাৰে বিশ্ববিদ্যালয় খনৰ মুখপাত্ৰ বিনয় থুচোয়ে কয় "8 আগষ্টত বিশ্ববিদ্যালয় বন্ধ থাকিব ৷ সেই দিনা অনুষ্ঠিত হ’ব লগা সকলো পৰীক্ষা আৰু নামভৰ্ত্তিকৰণ তাৰিখ পুনৰ ঘোষণা নকৰা লৈকে বাতিল কৰা হৈছে ৷"
উল্লেখযোগ্য যে, 5 আগষ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জম্মু কাশ্মীৰৰ সংবিধানৰ 370 অনুচ্ছেদ সংশোধনী জাননী জাৰি কৰাৰ পাছত 6 আগষ্টটো বন্ধ ঘোষণা কৰা হৈছিল বিশ্ববিদ্যালয়খন ৷
ইতিমধ্যে লোকসভাত 370 অনুচ্ছেদ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত কেন্দ্ৰই জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা কৰিছে য'ত লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক কৰি এখন বিধান মণ্ডল বিহীন স্বকীয় কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰা হৈছে ৷
বন্ধ ঘোষণা জম্মু বিশ্ববিদ্যালয় : বাতিল হ'ল পৰীক্ষা - J&K union territory
অনুচ্ছেদ 370 বাতিলৰ প্ৰভাৱ ৷