নিউজ ডেস্ক, 3 ছেপ্তেম্বৰঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হয় জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ দল ৷ জম্মুস্থিত কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয়ত আলোচনাত মিলিত হয় দলটোৰ কৰ্মীসকল ৷
প্ৰথম অৱস্থাত আৰক্ষীয়ে দলটোক আলোচনাত বহিবলৈ দিয়া নাছিল যদিও,সেয়া ৰাজনৈতিক সভাৰ পৰিৱৰ্তে, পানীযোগান,বিদ্যুৎশক্তি আৰু দুৰ্বল পথ যোগাযোগ ব্যৱস্থাৰ বিষয়ে অনুষ্ঠিত এখন সভা আছিল বুলি জনায় দলটোৰ জ্যেষ্ঠ নেতা তথা জিলা সভাপতি,বিক্ৰম মালহোত্ৰাই ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত জম্মু জিলা কংগ্ৰেছৰ সভাপতি মালহোত্ৰাই কয় যে,"কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ঠিকেই বাতিল কৰিলে,কিন্তু অঞ্চলটোৰ ৰাইজৰ উন্নতিৰ বাবে চকু দিবলৈ সময় নাপালে ৷ যিসময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ হয় সেই সময়ত আৰক্ষীয়ে আমাক অনুচ্ছেদ 370 আৰু 35(A)ৰ বিষয়ে ক'বলৈ নিদিয়ে ৷ আমি ভাবো,কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ ৰাইজৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে আৰু তাৰ বিপৰীতে উন্নয়নত কানসাৰ দিয়া নাই ৷"