নেশ্যনেল ডেস্ক, 9 মে' : তিনিদিনৰ বাবে ফোন সেৱা বাতিল কৰাৰ পাচত শুকুৰবাৰে পুনৰ আৰম্ভ হ'ল কাশ্মীৰ উপত্যকাৰ ফোন সেৱা ৷ শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি, বুধবাৰে হিজবুল মুজাহিদীনৰ শীৰ্ষ আতংকবাদী ৰিয়াজ নাইকুৰ হত্যাৰ পাচতে সাৱধানতামূলক ব্যৱস্থা হিচাপে কাশ্মীৰত মোবাইল, ইন্টাৰনেট আৰু মেছেজ সেৱা বাতিল কৰা হৈছিল ৷
জম্মু-কাশ্মীৰৰ গৃহ বিভাগৰ এজন শীৰ্ষ বিষয়াই ইটিভি ভাৰতক জনাই যে, দুদিন ধৰি পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা কৰাৰ পাচত উপত্যকাটোত ম'বাইল ফোন সেৱা পুনৰ প্ৰদান কৰা হৈছে ৷
বিষয়াজনে লগতে কয়, "কাশ্মীৰত পৰিস্থিতি উন্নত হৈছে যদিও মেছেজ আৰু ইন্টাৰনেট সেৱা প্ৰদান কৰিব পৰা হোৱা নাই ৷ অহা কিছু দিনত পৰিস্থিতিৰ পুনৰ পৰ্যালোচনা কৰি এই সেৱা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"
উল্লেখ্য যে, পুলৱামাৰ বেইপুৰা গাঁৱত সেনাৰ সৈতে গুলীয়াগুলিত নাইকুৰ মৃত্যু হোৱাৰ পাচতে BSNL postpaid ৰ বাহিৰে অন্য সকলো ম'বাইল, ইন্টাৰনেট আৰু মেছেজ সেৱা বন্ধ কৰি দিয়া হৈছিল ৷