ETV Bharat / bharat

বিৰোধী নেতৃত্বক জম্মু-কাশ্মীৰ ভ্ৰমণত বাধা প্ৰশাসনৰ

ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণত বাধা আৰোপ কৰিছে স্থানীয় প্ৰশাসনে ৷ জম্মু-কাশ্মীৰ স্থানীয় প্ৰশাসনে আইন-শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি শনিবাৰে হ'বলগীয়া ভ্ৰমণত এইদৰে বাধা আৰোপ কৰিছে ৷

author img

By

Published : Aug 24, 2019, 9:28 AM IST

বিৰোধী নেতৃত্বক জম্মু-কাশ্মীৰ ভ্ৰমণত বাধা প্ৰশাসনৰ

নিউজ ডেস্ক, 24 আগষ্টঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব বিৰোধী পক্ষৰ এটা সজাঁতী দল ৷ ৰাহুল গান্ধীৰ নেতৃত্বত নটা বিৰোধী দলৰ প্ৰতিনিধি দলটোৱে শনিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ৷

কিন্তু লক্ষণীয়ভাৱে এই যাত্ৰাত বাধা আৰোপ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ জম্মু-কাশ্মীৰত স্থিতাৱস্থা ঘুৰি অহাৰ লগতে আইন-শৃংখলাজনিত পৰিস্থিতি বৰ্তমানে নিয়ন্ত্ৰণত আছে ৷ কিন্তু বিৰোধী পক্ষৰ ভ্ৰমণে জম্মু-কাশ্মীৰৰ স্থিতাৱস্থা ব্যাহত কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত অচলাৱস্থাৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰকাশ কৰিছে স্থানীয় প্ৰশাসনে ৷ জম্মু-কাশ্মীৰ প্ৰশাসনৰ তথ্য আৰু জনসংযোগ বিভাগে বহুকেইটা টুইট কৰি বিৰোধী পক্ষৰ ভ্ৰমণত বাধা আৰোপ কৰিছে ৷ যিটো সময়ত প্ৰশাসনে স্থানীয় ৰাইজৰ মাজত স্থিতাৱস্থা ঘূৰাই আনিবলৈ চেষ্টা চলাই আছে, জীৱনযাত্ৰা সাধাৰণ কৰি তুলিবলৈ অহৰহ চেষ্টা চলাই আছে,তেনে সময়ত জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ ভ্ৰমণে সমগ্ৰ প্ৰক্ৰিয়াটো বিনষ্ট কৰিব পাৰে ৷ সীমাৰ সীপাৰৰ পৰা হৈ থকা যুদ্ধবিৰতি ভংগ,বিচ্ছিন্নতাবাদীৰ আক্ৰমণ আদি সমস্যাৰ লগতে সন্ত্ৰাসবাদকে ধৰি অন্যান্য সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটোৱে জ্যেষ্ঠ নেতাসকলক জম্মু-কাশ্মীৰ ভ্ৰমণৰ দৰে কাৰ্যসূচী হাতত নল'বলৈ আহ্বান জনাইছে ৷

অনুচ্ছেদ 370 প্ৰত্যাহাৰ পিচতে জম্মু-কাশ্মীৰলৈ ৰাহুল গান্ধীৰ এয়া প্ৰথমটো ভ্ৰমণ আছিল ৷ ইয়াৰ পূৰ্বেই,ৰাহুল গান্ধীয়ে এটা সংবেদনশীল বিষয়ত ৰাজনৈতিক ৰহণ সানিবলৈ চেষ্টা চলাই আছে বুলি জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে উল্লেখ কৰিছিল ৷

উল্লেখ্য যে,জ্যেষ্ঠ কংগ্ৰেছী নেতা গুলাম নবী আজাদক দুবাৰকৈ শ্ৰীনগৰত প্ৰৱেশৰ সময়ত বাধা প্ৰদান কৰা হৈছিল আৰু নতুন দিল্লীলৈ ওভোটাই পঠিওৱা হৈছিল ৷ একেদৰেই চিপিআই আৰু চিপিআইএম দলৰ সাধাৰণ সম্পাদক ক্ৰমে,ডি ৰাজা আৰু সীতাৰাম য়েচুৰীকো শ্ৰীনগৰত প্ৰৱেশত বাধা প্ৰদান কৰি দিল্লীলৈ ওভোটাই পঠিওৱা হৈছিল ৷

Intro:Body:

বিৰোধী নেতৃত্বক জম্মু-কাশ্মীৰ ভ্ৰমণত বাধা প্ৰশাসনৰ 

ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণত বাধা আৰোপ কৰিছে স্থানীয় প্ৰশাসনে ৷ জম্মু-কাশ্মীৰ স্থানীয় প্ৰশাসনে আইন-শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি শনিবাৰে হ'বলগীয়া ভ্ৰমণত এইদৰে বাধা আৰোপ কৰিছে ৷ 

নিউজ ডেস্ক, 24 আগষ্টঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব বিৰোধী পক্ষৰ এটা সজাঁতী দল ৷ ৰাহুল গান্ধীৰ নেতৃত্বত নটা বিৰোধী দলৰ প্ৰতিনিধি দলটোৱে শনিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ৷ 

কিন্তু লক্ষণীয়ভাৱে এই যাত্ৰাত বাধা আৰোপ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ জম্মু-কাশ্মীৰত স্থিতাৱস্থা ঘুৰি অহাৰ লগতে আইন-শৃংখলাজনিত পৰিস্থিতি বৰ্তমানে নিয়ন্ত্ৰণত আছে ৷ কিন্তু বিৰোধী পক্ষৰ ভ্ৰমণে জম্মু-কাশ্মীৰৰ স্থিতাৱস্থা ব্যাহত কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত অচলাৱস্থাৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰকাশ কৰিছে স্থানীয় প্ৰশাসনে ৷ জম্মু-কাশ্মীৰ প্ৰশাসনৰ তথ্য আৰু জনসংযোগ বিভাগে বহুকেইটা টুইট কৰি বিৰোধী পক্ষৰ ভ্ৰমণত বাধা আৰোপ কৰিছে ৷ যিটো সময়ত প্ৰশাসনে স্থানীয় ৰাইজৰ মাজত স্থিতাৱস্থা ঘুৰাই আনিবলৈ চেষ্টা চলাই আছে, জীৱনযাত্ৰা সাধাৰণ কৰি তুলিবলৈ অহৰহ চেষ্টা চলাই আছে, তেনে সময়ত জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ ভ্ৰমণে সমগ্ৰ প্ৰক্ৰিয়াটো বিনষ্ট কৰিব পাৰে ৷ সীমাৰ সীপাৰৰ পৰা হৈ থকা যুদ্ধবিৰতি ভংগ, বিচ্ছিন্নতাবাদীৰ আক্ৰমণ আদি সমস্যাৰ লগতে সন্ত্ৰাসবাদকে ধৰি অন্যান্য সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটোৱে জ্যেষ্ঠ নেতাসকলক জম্মু-কাশ্মীৰ ভ্ৰমণৰ দৰে কাৰ্যসূচী হাতত নল'বলৈ আহ্বান জনাইছে ৷ 

অনুচ্ছেদ 370 প্ৰত্যাহাৰ পিচতে জম্মু-কাশ্মীৰলৈ ৰাহুল গান্ধীৰ এয়া প্ৰথমটো ভ্ৰমণ আছিল ৷ ইয়াৰ পূৰ্বেই, ৰাহুল গান্ধীয়ে এটা সংবেদনশীল বিষয়ত ৰাজনৈতিক ৰহণ সানিবলৈ চেষ্টা চলাই আছে বুলি জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে উল্লেখ কৰিছিল ৷ 

উল্লেখ্য যে, জ্যেষ্ঠ কংগ্ৰেছী নেতা গুলাম নবী আজাদক দুবাৰকৈ শ্ৰীনগৰত প্ৰৱেশৰ সময়ত বাধা প্ৰদান কৰা হৈছিল আৰু নতুন দিল্লীলৈ ওভোটাই পঠিওৱা হৈছিল ৷ একেদৰেই চিপিআই আৰু চিপিআইএম দলৰ সাধাৰণ সম্পাদক ক্ৰমে, ডি ৰাজা আৰু সীতাৰাম য়েচুৰীকো শ্ৰীনগৰত প্ৰৱেশত বাধা প্ৰদান কৰি দিল্লীলৈ ওভোটাই পঠিওৱা হৈছিল ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.