নেছনেল ডেস্ক,15 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে জমিয়া মিলিয়া ইছলামিয়া ছাত্ৰ-ছাত্ৰীসকলৰ তীব্ৰ প্ৰতিবাদ ৷ দেওবাৰে নতুন দিল্লীত ভাৰত নগৰত সমীপত এই অসাংবিধানিক আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদক প্ৰতিহত কৰিবলৈ প্ৰতিবাদকাৰী ছাত্ৰসকলৰ ওপৰত আৰক্ষীয়ে তীব্ৰ লাঠি চাৰ্জৰ লগতে কন্দুৱা গেছ টোপ নিক্ষেপ কৰে ৷ প্ৰতিবাদস্থলীত আৰক্ষীৰ দমনমূলক এই পদক্ষেপত প্ৰতিবাদকাৰী ছাত্ৰসকল উত্তেজিত হৈ দিল্লীৰ পৰিবহণ নিগমৰ বাছৰ লগতে বহু গাড়ী জ্বলাই দিয়ে ৷ বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ অনাৰ লগতে এই ঘটনাৰ লগতে জড়িত প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাই আছে ৷
লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত এইপৰ্যন্ত মৃত্যু 5 গৰাকীৰ