ETV Bharat / bharat

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বক বিশেষ আহ্বান বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ - Jaishankar

সন্ত্ৰাসবাদক আশ্ৰয় দিয়া চীন আৰু পাকিস্তানক তীব্ৰ আক্ৰমণ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ । বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ৮ খলপীয়া পৰিকল্পনা ল'বলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বক বিশেষ আহ্বান মন্ত্ৰী এছ জয়শংকৰৰ

author img

By

Published : Jan 13, 2021, 7:08 PM IST

নিউজ ডেস্ক,১৩ জানুৱাৰী : ৯/১১ ৰ আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছিল বিশেষ সংকল্প । তাৰ লগত সংগতি ৰাখি এইবাৰ অনুষ্ঠিত হোৱা দেশসমূহৰ পৰিষদৰ বৈঠক এইবাৰ তুনিছিয়াৰ নেতৃত্বত আয়োজিত হয় । ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে আয়োজিত এই বৈঠকত অংশ লয় ভিন্ন দেশৰ প্ৰতিনিধি আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ । এই পৰিষদৰ বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো দেশকে ব্য়ৱস্থা গ্ৰহণ কৰাৰ লগতে দুখন দেশক পৰোক্ষভাৱে আক্ৰমণ কৰা দেখা গল । সন্ত্ৰাসবাদক আশ্ৰয় দিয়া আৰু ৰক্ষণাবেক্ষণ দিয়া পাকিস্তান আৰু চীনক লক্ষ্য় কৰি বিশেষ মন্তব্য় কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত আঠ খলপীয়া পৰিকল্পনাৰ কথাও উল্লেখ কৰে এই বৈঠকত ।

উল্লেখ্য যে, সুৰক্ষা কাউঞ্চিলৰ মন্ত্ৰীসভাৰ এই বৈঠকত তুনিছিয়াৰ বৈদেশিক মন্ত্ৰী ওথমেন জেৰান্দিয়ে সন্ত্ৰাসবাদ নিৰ্মূল আৰু দমন সন্দৰ্ভত দেশসমূহে ব্য়ৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ এক প্ৰসংগ দাঙি ধৰিছিল । তেতিয়াই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, যিসমূহ দেশে সন্ত্ৰাসবাদক আশ্ৰয় দি আহিছে তেওঁলোকক সমূহীয়াকৈ দোষী ঘোষণা কৰিব লাগে । পাকিস্তান বা চীনৰ নাম নোলোৱাকৈয়ে একপ্ৰকাৰ দুয়োখন দেশকে আক্ৰমণ কৰিলে । লগতে আওপকীয়াকৈ পাকিস্তানক লক্ষ্য় কৰি তেওঁ কয় যে, ১৯৯৩ চনৰ মুম্বাই আক্ৰমণ অপৰাধী ডাউদ ইব্ৰাহীমৰ দৰে অপৰাধীক ৰাজ আতিথ্য় দিয়া দেখিবলৈ পোৱা গৈছে ।

তেওঁ আঠ খলপীয়া পৰিকল্পনাৰ কথা কবলৈ গৈ তেওঁ দ্বৈত চৰিত্ৰ বহন কৰা পাকিস্তানক টাৰ্গেট কৰি কয় যে সন্ত্ৰাসবাদী সদায় সন্ত্ৰাসবাদীয়ে । সন্ত্ৰাসবাদী ভাল বা বেয়া বুলি প্ৰচাৰ কৰাটো সেইসমূহ দেশৰ একোটা এজেণ্ডা । ভাৰতত বহু কূটাঘাত সংঘটিত কৰা জৈইচ-ই-মহম্মদৰ মুখ্য় মাছুদ আজহাৰক আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত চীনে বহু বছৰলৈ প্ৰতিবন্ধকতা লগাই থোৱা কথাটোও প্ৰসংগক্ৰমে আনে মন্ত্ৰী গৰাকীয়ে ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণৰ বাবে সংযুক্ত ৰাষ্ট্ৰসমূহে ফাইনেঞ্চিয়েল এক্সন টাস্ক ফৰ্চক শক্তিশালী কৰাৰো আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।

লগতে তেওঁ কয় যে, প্ৰতিখন দেশে আভ্য়ন্তৰীণত বিভাজন কৰা শক্তিৰ বিৰুদ্ধে কাম কৰিব লাগে । লগতে নতুন পৰিভাষা আৰু বিভ্ৰান্তিকৰ বিষয়বোৰৰ বিৰুদ্ধেও সকলোকে সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :জম্মু আৰু কাশ্মীৰৰ সীমান্তত সুৰংগ আৱিস্কাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.