নিউজ ডেস্ক, 15 এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল জি চি মুৰ্মুৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বহুকেইগৰাকী জ্যেষ্ঠ চিকিৎসকৰ সৈতে আলোচনাত মিলিত হয় ৷ ৰাজ্যপালগৰাকীয়ে জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে কোভিড-19 সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ ৰাজ্যপালৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই এইকথা উল্লেখ কৰিছে ৷
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চিকিৎসকসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈ কৰ’ণা ভাইৰাছ সন্দৰ্ভত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই পৰিস্থিতি সন্দৰ্ভত বুজ লয় ৰাজ্যপালগৰাকীয়ে ৷ কৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কি কি সংহত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে বিশদ আলোচনাত মিলিত হয় ৰাজ্যপালগৰাকী ৷
আলোচনাত ৰাজ্যপালগৰাকীয়ে চিকিৎসক আৰু পেৰামেডিকসকলক ৰোগাক্ৰান্তসকলৰ চিকিৎসাৰ সমান্তৰালভাৱে নিজৰ স্বাস্থ্য়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ৷ চিকিৎসক তথা পেৰামেডিক আৰু স্বাস্থ্যকৰ্মীসকলে পৰ্যাপ্ত পৰিমাণে ব্যক্তিগত সুৰক্ষা সৰঞ্জাম আৰু অন্যান্য যাৱতীয় সামগ্ৰীসমূহ লাভ কৰিছেনে নাই তাৰ সন্দৰ্ভতো আলোচনা কৰে ৰাজ্যপালগৰাকীয়ে ৷
লগতে পঢ়কঃ লকডাউন বৃদ্ধি : প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মুম্বাইৰ ৰাজপথ
আলোচনাত কোভিড-19ৰ উপৰিও অন্যান্য ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ৷