ETV Bharat / bharat

জম্মু-কাশ্মীৰত ভয়াৱহ গ্ৰেণেড আক্ৰমণ

শনিবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বুলি লক্ষ্য কৰি নিক্ষেপ কৰা হয় গ্ৰেণেড ৷ শক্তিশালী গ্ৰেণেডটোৰ বিস্ফোৰণৰ ফলত বৰ্তমানলৈ 14গৰাকী লোক আহত হয় ৷

অনন্তনাগত সংঘটিত বিস্ফোৰণৰ পিচৰ দৃশ্য
author img

By

Published : Oct 5, 2019, 4:50 PM IST

নিউজ ডেস্ক, 5 অক্টোবৰঃ জম্মু-কাশ্মীৰত সুৰক্ষাবাহিনীৰ ওপৰত পুনৰ সংঘটিত ভয়াৱহ আক্ৰমণ ৷ শনিবাৰে অনন্তনাগ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হয় গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ কাৰ্যালয়টোৰ বাহিৰত থকা নিৰাপত্তা বাহিনীলৈ বুলি লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে সন্দেহজনক সন্ত্ৰাসবাদীয়ে ৷

শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ আক্ৰমণৰ ফলত সেইস্থানত থকা পথচাৰীকে ধৰি আৰক্ষীৰ লোক আৰু সাংবাদিকো আঘাতপ্ৰাপ্ত হয় ৷ দিনৰ প্ৰায় 11টা বজাত সংঘটিত বিস্ফোৰণটোৰ ফলত বৰ্তমানলৈ প্ৰায় 14গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলি গম পোৱা গৈছে ৷

অনন্তনাগত সংঘটিত বিস্ফোৰণৰ পিচৰ দৃশ্য

আঘাতপ্ৰাপ্তসকলক ততালিকে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে কোনো সন্ত্ৰাসবাদী সংগঠনে বৰ্তমানলৈ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 35(A) আৰু অনুচ্ছেদ 370 বাতিল কৰাৰ পিচত এয়া হৈছে দ্বিতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ ৷

Intro:Body:

জম্মু-কাশ্মীৰত ভয়াৱহ গ্ৰেণেড আক্ৰমণ 

শনিবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বুলি লক্ষ্য কৰি নিক্ষেপ কৰা হয় গ্ৰেণেড ৷ শক্তিশালী গ্ৰেণেডটোৰ বিস্ফোৰণৰ ফলত বৰ্তমানলৈ 14গৰাকী লোক আহত হয় ৷ 

নিউজ ডেস্ক, 5 অক্টোবৰঃ জম্মু-কাশ্মীৰত সুৰক্ষাবাহিনীৰ ওপৰত পুনৰ সংঘটিত ভয়াৱহ আক্ৰমণ ৷ শনিবাৰে অনন্তনাগ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হয় গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ কাৰ্যালয়টোৰ বাহিৰত থকা নিৰাপত্তা বাহিনীলৈ বুলি লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে সন্দেহজনক সন্ত্ৰাসবাদীয়ে ৷ 

শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ আক্ৰমণৰ ফলত সেইস্থানত থকা পথচাৰীকে ধৰি আৰক্ষীৰ লোক আৰু সাংবাদিকো আঘাতপ্ৰাপ্ত হয় ৷ দিনৰ প্ৰায় 11টা বজাত সংঘটিত বিস্ফোৰণটোৰ ফলত বৰ্তমানলৈ প্ৰায় 14গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলি গম পোৱা গৈছে ৷ 

আঘাতপ্ৰাপ্তসকলক ততালিকে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে কোনো সন্ত্ৰাসবাদী সংগঠনে বৰ্তমানলৈ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 35(A) আৰু অনুচ্ছেদ 370 বাতিল কৰাৰ পিচত এয়া হৈছে দ্বিতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.