নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ বুধবাৰে শ্ৰীনগৰত সংঘটিত এক গ্ৰেনেড আক্ৰমণত সুৰক্ষা বাহিনীৰ চাৰিজনকৈ জোৱান আঘাতপ্ৰাপ্ত হৈছে । চহৰখনৰ নাউহাট্টা অঞ্চলত নিৰাপত্তাৰ দায়িত্বত থকা সশস্ত্ৰ সীমা বল (এছএছবি) আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা দললৈ বুলি গ্ৰেনেড নিক্ষেপ কৰিছিল সন্দেহজনক সন্ত্ৰাসবাদীৰ দলে ।
নিশা প্ৰায় ১০ বজাত সংঘটিত হোৱা এই ঘটনাত এছএছবিৰ ৩জন জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় । এছএছবিৰ এগৰাকী শীৰ্ষ বিষয়াই ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ।
বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চাৰিওগৰাকীকে ততালিকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমানে আটাইকেইগৰাকী জোৱানৰে অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে । গ্ৰেনেড আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা জোৱানকেইজনক জম্মু-কাশ্মীৰ আৰক্ষীৰ কনিষ্টবল আব্দুল মজিদ, এছএছবিৰ উপ-পৰিদৰ্শক অনুৰাগ ৰাও, হেড কনিষ্টবল সানন্ত কুমাৰ আৰু কনিষ্টবল দূৰ্গেশ কুমাৰ বুলি জানিব পৰা গৈছে ।
বৰ্তমানে সেনা-আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যুটীয়া দলে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ সুখবৰ! ভাৰতত COVID-19 ত আৰোগ্যৰ সংখ্যা ২৪.৫৬ শতাংশ