ETV Bharat / bharat

"মাতৃভূমিৰ সুৰক্ষাত নিয়োজিত থকাটো আমাৰ বাবে গৌৰৱৰ বিষয়"-সীমান্ত সুৰক্ষা বাহিনী - সীমান্ত সুৰক্ষা বাহিনী

বিএচএফে টুইটযোগে কয়, "মহোদয়, মাতৃভূমিৰ সুৰক্ষাৰ কামত নিজকে নিয়োজিত কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় ৷ প্ৰত্যেক গৰাকী ‘প্ৰহৰী’ (জোৱান) তেঁওলোকৰ জীৱনৰ শেষ পৰ্যন্ত সীমান্তসমূহৰ অখণ্ডতা ধৰি ৰাখিবলৈ প্ৰস্তুত আৰু দৃঢ় প্ৰতৃজ্ঞ ৷ সাহসী প্ৰহৰীসকলৰ পৰিয়ালৰ লোকলৈ চেল্যুট ৷"

It is our honour to serve, protect motherland: BSF on PM Modi's Diwali greetings
"মাতৃভূমিৰ সুৰক্ষাত নিয়োজিত থকাটো আমাৰ বাবে গৌৰৱৰ বিষয়"-সীমান্ত সুৰক্ষা বাহিনী
author img

By

Published : Nov 14, 2020, 4:29 PM IST

নেশ্যনেল ডেস্ক, 14 নৱেম্বৰঃ আজি দেশজুৰি উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলী উপলক্ষে সীমান্তত থকা সেনা জোৱান সকলক শুকুৰবাৰে শুভেচ্ছা জ্ঞাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ এই শুভেচ্ছাৰ প্ৰত্যুত্তৰত সীমান্ত সুৰক্ষা বাহিনীয়ে মাতৃভূমিৰ সুৰক্ষাত নিয়োজিত হৈ থকাটো তেঁওলোকৰ বাবে গৌৰৱৰ বিষয় বুলি জনায় ৷

বিএচএফে টুইটযোগে কয়, "মহোদয়, মাতৃভূমিৰ সুৰক্ষাৰ কামত নিজকে নিয়োজিত কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় ৷ প্ৰত্যেক গৰাকী ‘প্ৰহৰী’ (জোৱান) তেঁওলোকৰ জীৱনৰ শেষ পৰ্যন্ত সীমান্তসমূহৰ অখণ্ডতা ধৰি ৰাখিবলৈ প্ৰস্তুত আৰু দৃঢ় প্ৰতৃজ্ঞ ৷ সাহসী প্ৰহৰীসকলৰ পৰিয়ালৰ লোকলৈ চেল্যুট ৷"

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে সেনা জোৱানসকললৈ চেল্যুট জনাই প্ৰত্যেকগৰাকী নাগৰিককে দীপাৱলীত সময়ত সীমান্তত ভাৰতমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা জোৱান সকলৰ বাবে চাকি জ্বলাবলৈ আহ্বান জনাইছিল ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, যদিও প্ৰত্যেকগৰাকী সেনা জোৱান আৰু ক’ভিড 19 যোদ্ধাই দিপাৱলীৰ এই সময়ছোৱাত নিজৰ ঘৰখন তথা আত্মীয়ৰ পৰা আতৰত থাকিব লগীয়া হৈছে কিন্তু সমগ্ৰ দেশেই দিপাৱলীৰ এই শুভক্ষণত তেঁওলোকৰ বাবে প্ৰৰ্থনা কৰিব ৷

উল্লেখ্য যে, প্ৰধামন্ত্ৰী মোডীয়েও ৰাজস্থানৰ জৈছলমেৰত সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিব ৷ এই ভ্ৰমণসূচীত তেখেতৰ সৈতে থাকিব চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, আৰ্মী চীফ এম এম নাৰাৱানেৰ লগতে বিএচএফৰ ডাইৰেক্টৰ জেনেৰেল ৰাকেশ আস্থানা ৷

লগতে পঢ়ক-শীতৰ সময়ত বন্ধ থাকিব গংগোত্ৰীৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.