‘দেশ আৰু সমাজৰ দায়িত্ব নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ ওপৰত ৰখাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য’ এইয়া আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ভাষ্য, যাৰ প্ৰতিমূৰ্তি 14 মে’ৰ দিনা ক’লকতাৰ বিদ্যাসাগৰ মহাবিদ্যালয়ত ধ্বংস কৰি দিয়া হৈছিল ৷
এই ঘটনা দুৰ্ভাগ্যজনক হলেও এই ঘটনাই আমাক সেই মহান ব্যক্তিত্বৰ নিতি আদৰ্শক আকৌ এবাৰ সোঁৱৰিবলৈ সময় হৈছে বুলি এক ইংগিত দিছে ৷ তেওঁ আছিলে 18 শতিকাৰ এগৰাকী প্ৰখ্যাত বুদ্ধিজীৱি,মনৱতাৱাদী, সমাজ সংস্কাৰক, যাক বাঙালী সমাজৰ সকলো শ্ৰেণীৰ লোকে শ্ৰদ্ধা কৰিছিল ৷
ই অতি পৰিতাপৰ কথা যে এই ঘৃণনীয় আৰু লজ্জাজনক কাৰ্য যে, তেওঁ নিজেই 1859 চনত প্ৰতিষ্ঠা কৰা শৈক্ষিক প্ৰতিষ্ঠানটোতে সংঘটিত হৈছে ৷ 1859 চনত তেওঁ মেট্ৰ’পলিটান ইনষ্টিটিউশ্যন স্থাপন কৰিছিলে যি পৰৱৰ্তী সময়ত অৰ্থাত 1917 চনত বিদ্যাসাগৰ মহাবিদ্যালয় হিচাপে খ্যাত হৈছিল ৷ এই প্ৰতিষ্ঠানখন তেওঁ মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক ইংৰাজী মাধ্যমত পাঠদান কৰাবলৈ প্ৰতিষ্ঠা কৰিছিল ৷
ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ 1820 চনৰ 26 চেপ্টেম্বৰত এটা দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰিছিল ৷ পিতৃৰ নাম আছিল ঠাকুৰদাস বন্দোপাধ্যায় আৰু মাতৃ আছিল ভাগৱতী দেৱী ৷
তেওঁৰ জন্মগ্ৰহণৰ এশ বছৰ পিছতো সমগ্ৰ ভাৰতত আৰু বিশেষকৈ বাঙালী সমাজত যি ধৰণৰ সম্মান আছে ইয়ে প্ৰমাণ কৰে যে তেওঁৰ ব্যক্তিত্ব কেনে ধৰণৰ আছিল ৷
মহাত্মা গান্ধীৰ মতে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ কেৱল জ্ঞানৰ সাগৰেই নাছিল তেওঁ এগৰাকী অতিকৈ মানৱ দৰদী, সহানুভূতিশীল,উদাৰ আৰু বহু গুণৰ অধিকাৰী আছিল ৷ তেওঁ বংগৰ 18 শতিকাৰ ৰাজা ৰাম মোহন ৰায়ৰ পিচতেই আটাইতকৈ বিশাল ব্যক্তিত্ব আছিল ৷
তেওঁ এক সাধাৰণ জীৱন জাপন কৰাত বিশ্বাস কৰিছিলে আৰু তেওঁৰ কৰ্মৰাজি আছিল অসাধাৰণ চিন্তাধাৰাৰ পৰিচয় ৷ তেওঁক অকল বিশাল জ্ঞানৰ বাবেই নহয় অসাধাৰণ ব্যক্তিত্ব আৰু সমাজ সংস্কাৰৰ বাবে সকলোৱে ভাল পাইছিল ৷ দুখীয়া আৰু দুৰ্গতসকলৰ বাবে তেওঁৰ প্ৰেম আছিল অসীম ৷ ক’লকতাৰ সংস্কৃত মহাবিদ্যালয়খন অনুসূচিত জাতিৰ বাবে মুকলি কৰাত তেওঁৰ বৃহৎ অৱদান আছে ৷ নিজে অতিকৈ দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবে তেওঁ দৰিদ্ৰ লোকসকলৰ দুৰ্দৰ্শা বুজিছিল যিয়ে তেওঁক সহানুভূতিশীল কৰি তুলিছিল ৷
পিতৃৰ আশা অনুসৰি তেওঁ 1829 চনত সংস্কৃত মহাবিদ্যালয়ত যোগদান কৰিছিলে ৷ অনুষ্ঠানিক শিক্ষা শেষ কৰালৈকে তেওঁ অলংকাৰ শাষ্ট্ৰ, বেদ, বেদান্ত আৰু বিভিন্ন ভাৰতীয় দৰ্শন শাস্ত্ৰত বিদ্ধৎ পণ্ডিত হৈ পৰিছিল ৷ তেওঁ কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল ৷
তেওঁ ৰাজা ৰাম মোহন ৰয়ৰ সংস্কাৰৰ অনুৰাগী আছিল আৰু মহিলা শিক্ষাক গুৰুত্ব প্ৰদান কৰিছিলে ৷ সেই সময়ৰ ৰক্ষনশীল সমাজৰ বিৰুদ্ধে এক যুদ্ধ ঘোষণা কৰিছিল আৰু আধুনিক শিক্ষাৰ বাবে মহিলাসকলক আগবঢ়াই দিছিল ৷ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে কলিকতাত 35খন মহিলা বিদ্যালয় মুকলি কৰিছিল ৷
তেওঁ বিধবাসকলক পুনৰ বিবাহৰ সপক্ষে আছিল আৰু শাষ্ট্ৰতো ইয়াৰ উল্লেখ আছে বুলি ৰক্ষণশীল সমাজখনক ইয়াৰ বিষয়ে অৱগত কৰাইছিল ৷ তেখেতৰ প্ৰচেষ্টাতে 1956 চনত সৰ্বভাৰতত হিন্দু পুনৰ বিবাহ আইনখন প্ৰজোয্য হৈছিল ৷
এনে এগৰাকী মহান ব্যক্তিক ৰাজনীতিৰ মজিয়ালৈ বিনা কাৰণত টানি অনাটো অতি দুৰ্ভাগ্যজনক যিহেতু তেওঁ কেতিয়াও এই ক্ষেত্ৰখনৰ লগত জড়িত নাছিল ৷ এই মত পোষণ কৰিছে সমাজৰ বিদ্ধৎ মহলে ৷