নিউজ ডেস্ক, 4 জুলাই : নেপালে ভাৰতৰ পৰা স্পষ্টভাৱে আঁতৰি গৈছে ৷ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাই ভাৰতে তেওঁক পদচ্যুত কৰিব বিছৰা বুলি অভিযোগ উত্থাপন কৰি এখন নতুন নেপালৰ নক্সা মুকলি কৰিছে, সাংবিধানিক সংশোধনীৰ দ্বাৰা এই নক্সাত ভাৰতৰ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ 400 বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰিছে ৷
প্ৰধানমন্ত্ৰী অলিক তেওঁ তিনিগৰাকী জ্যেষ্ঠ নেতা যি, নেপালৰ শাসনাধিস্থিত কমিউনিষ্ট পাৰ্টী অৱ নেপালৰ হৈ দেশখনৰ প্ৰধানমন্ত্ৰী পদ শুৱনি কৰিছিল, পুষ্প কমল ডাহাল, মাধৱ কুমাৰ নেপাল আৰু জলনাথ খানালে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰোধ কৰিছে ৷ তিনিওগৰাকী নেতাই অলিক ভাৰতৰ বিৰুদ্ধে তেওঁৰ দাবীৰ বিশ্বাসনীয় প্ৰমাণ দাবী কৰিছে আৰু ইয়াত বিফল হ'লে প্ৰধানমন্ত্ৰী পদ আৰু পাৰ্টীৰ পৰাও পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে ৷
ইয়ে নেপালৰ শাসনাধিস্থিত নেপাল কমিউনিষ্ট পাৰ্টীৰ মাজৰ অন্তৱৰ্তী ভাঙোনৰ লগতে ক্ষমতাৰ প্ৰতি হোৱা খোৱা-কামোৰা, আৰু ভাৰত তথা অন্যান্য দেশৰ সৈতে দেশখনৰ সম্পৰ্ক প্ৰতিফলিত কৰিছে ৷ অলিৰ প্ৰধানমন্ত্ৰীত্বৰ ক্ষমতা তেওঁৰ জ্যেষ্ঠ নেতাসকলৰ পৰাই সমস্যাত পৰিছে ৷ পুষ্প কমল ডাহালে অলিৰ বিৰুদ্ধে দলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত তেওঁক সামৰি নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ নেপাল কমিউনিষ্ট পাৰ্টীৰ বৈদেশিক সম্পৰ্কৰ দিশটো চোৱাচিতা কৰা মাধৱ নেপালৰ অজ্ঞাতে বিগত মাজত চীনৰ কমিউনিষ্ট পাৰ্টী অৱ চাইনাৰ সৈতে এক দলীয় আলোচনা অনুষ্ঠিত হৈছিল ৷ অলিয়ে নিয়মৰ বাহিৰত গৈ দলটোৰ দুটাকৈ মুখ্য পদবী নিজৰ আয়ত্বত ৰাখিছে আৰু ইয়াৰ দ্বাৰা অধিকাংশ প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা প্ৰত্যক্ষ অথবা তেওঁৰ অনুগামীসকলৰ দ্বাৰা উপভোগ কৰি আহিছে ৷ অলিয়ে চৰকাৰ নিয়ন্ত্ৰণত ৰখাটো বিফল হৈছে, সেয়া কোভিড-19 মহামাৰী হওঁক অথবা দুৰ্নীতি নাইবা উন্নয়ন হওঁক, সকলোতে তেওঁ বিফল হৈছে ৷ ইয়ে চৰকাৰ আৰু তেওঁৰ দলৰ জনপ্ৰিয়তা সাধাৰণ ৰাইজৰ মাজত হ্ৰাস কৰাৰ লগতে ভৱিষ্যতৰ বাবে দলটোৰ সমৰ্থনলৈয়ো ভাবুকি আনিছে ৷ অলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনলৈ আগবঢ়োৱা 500 মিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্যও নাকচ কৰে ৷ প্ৰধানমন্ত্ৰী অলিয়ে তেওঁক অকলশৰীয়া কৰা ব্যৱস্থাক বিৰোধী নেতা, চীনৰ সহায় আৰু ভাৰত-বিৰোধী ৰাষ্ট্ৰীয়তাবাদৰ দ্বাৰা নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰিছে ৷ অলিয়ে 2015 চনত নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰা, 2017 চনৰ সংসদীয় নিৰ্বাচন আৰু এতিয়া নক্সাৰ দ্বাৰা এই কাৰ্য সংঘটিত কৰিছে ৷
অলিক নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ ডেউবাই সহায় কৰা বুলিও প্ৰতিবেদন প্ৰকাশ পাইছে ৷ নক্সাৰ সংশোধনৰ দ্বাৰা ভাৰত বিৰোধী নেপালী জাতীয়তাবাদৰ লগতে নিষ্ঠাৱান ৰাষ্ট্ৰীয়তাবাদেৰে নিজকে এগৰাকী নায়ক সাজি নিজ দলৰ লগতে বহিৰাগত দলৰ বিৰোধীসকলক চুপ কৰাবলৈ এই কাণ্ড সংঘটিত কৰিছে অলিয়ে ৷
নেপালী ৰাষ্ট্ৰীয়তাবাদক নিজৰ ব্যক্তিগত ৰাজনৈতিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰি অলিয়ে তিনিটা দিশত কাম কৰিছে ৷ আৰম্ভনিতে, এক নতুন নেপাল, যুৱ আৰু আশাবাদী, বিশ্বাসনীয় আৰু নিজৰ পৰিচয়ক লৈ নিৰ্ধাৰিত বুলি কোৱা হৈছে ৷ নেপালৰ যুৱপ্ৰজন্ম হৈছে দেশখনৰ জনসংখ্যাৰ 65 শতাংশ, যিয়ে গণতান্ত্ৰিক ধাৰাৰে পৰিচালিত, ইন্টাৰনেট আৰু প্ৰব্ৰজনৰ দ্বাৰা সমগ্ৰ বিশ্বই তেওঁলোকৰ সৈতে চিনাকী হৈছে ৷ শিক্ষিত, কৌশলী আৰু আত্মবিশ্বাসী নেপালী যুৱপ্ৰজন্ম ভাৰতৰ সৈতে সভ্যতা আৰু সাংস্কৃতিক দিশৰ দ্বাৰা বান্ধোনত আৱদ্ধ, আৰু এই বান্ধোন ৰোটি-বেটি সম্পৰ্কৰ দ্বাৰা পৰিচালিত নহয় ৷ যদিহে তেওঁলোকৰ অধিকাংশই উন্নত আৰু আৰামদায়ক জীৱনৰ বাবে তেওঁলোকৰ আশা-আকাংক্ষা ভাৰতৰ পৰা বিচাৰে, এইক্ষেত্ৰত ভাৰতে কিছু আতঁৰত অৱস্থান কৰিছে ৷
দ্বিতীয়তে, বিগত দীঘলীয়া সময়ত ভাৰতে নেপালৰ সৈতে কোনো মুখ্য উন্নয়নমুলক অথবা নেপালৰ যুৱ-প্ৰজন্মৰ বাবে তেনেকুৱা অন্য়ান্য কাম কৰিবলৈ সক্ষম হোৱা নাই ৷ ভাৰতক নেপালৰ অন্তৱৰ্তী বিষয়সমূহ আত্মসন্তুষ্ট, উদাসীন, অভিমানী আৰু বলপূৰ্বক আমোলাতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি অহা হিচাপে দেখা যায় ৷ 2015ৰ নেপালৰ সংবিধান প্ৰস্তুতকৰণৰ সময়ত দিয়া অৰ্থনৈতিক বন্ধৰ দ্বাৰা দেশখনৰ সাধাৰণ জীৱন বিঘ্নিত কৰাটো এক কেঁচা হস্তক্ষেপ হিচাপে বিবেচনা কৰা হয় আৰু ইয়াক ভাৰতৰ হস্তক্ষেপৰ উদাহৰণ হিচাপে দেখা যায় ৷ এইসমূহ আমোলাতান্ত্ৰিক ভুলে ভাৰতক নেপালৰ সাধাৰণ জনতাৰ কাষৰ পৰা আঁতৰাই আনিছে ৷ ভাৰতে কমিউনিষ্ট পাৰ্টী অৱ নেপাল আৰু প্ৰধানমন্ত্ৰী অলি শৰ্মাৰ নেতৃত্বক 2015 চনৰ পৰাই বিৰোধ কৰি আহিছে ৷ নেপালৰ তীব্ৰ বিৰোধৰ পিচত এতিয়া ভাৰতে নিজৰ ব্যৱহাৰ সাধাৰণ কৰি তুলিবলৈ চেষ্টা কৰি আছে ৷ ভাৰতে পথকে ধৰি ৰে'ল আৰু তেল পাইপলাইনৰ বহুকেইটা ৰৈ থকা প্ৰকল্পৰ কামত সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে যদিও ইয়ে নেপালী ৰাষ্ট্ৰীয়তাবাদৰ ভাৰত-বিৰোধী চিন্তাত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই ৷
ভাৰতৰ প্ৰতি নেপালত জন্ম লোৱা বিদ্বেষমুলক মনোভাৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চীনে ৷ চীনে নেপালক চীনৰ বন্দৰসমূহলৈ অন্যান্য এক বাণিজ্যিক পথৰ সুযোগ প্ৰদান কৰিছে আৰু নেপালৰ আন্তঃগাঁথনিমুলক কাম-কাজত বেল্ট আৰু ৰোড ইনিচিয়েটিভৰ দ্বাৰা বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ৷ চীনে নিজৰ ক্ষমতাৰ দ্বাৰা নেপালৰ ৰাজনৈতিক ক্ষমতাতো হস্তক্ষেপ কৰি, ৰাজনৈতিক দুৰ্নীতিত লিপ্ত হৈ পৰিছে ৷ নেপালত থকা চীনৰ ৰাষ্ট্ৰদূতক অলিৰ ক্ষমতা অখুন্ন ৰাখিবলৈ নেপাল কমিউনিষ্ট পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৰাজনৈতিক আলোচনাৰ সময়ত সংবাদমাধ্যমে বহুবাৰ ধৰা পেলাইছে ৷
চীনে নেপালক কেতিয়াও কালাপানী সন্দৰ্ভত মুকলি সমৰ্থন আগবঢ়াব নোৱাৰে কিয়নো লিপুলেখক 1954 আৰু 2015ত চীনে ভাৰত-চীনৰ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ বুলি প্ৰকাশ কৰিছে ৷ অৱশ্যে, নেপালে কৰা অন্তৰ্ভুক্তিয়ে চীনৰ মনোভাৱ স্পষ্ট কৰি ভাৰত-নেপালৰ মাজৰ বিৰোধিতাক চীনৰ অৰ্থনৈতিক আৰু সামৰিক একত্ৰীকৰণৰ বাবে ব্যৱহাৰ কৰিছে ৷
ভাৰতে নেপালৰ বিষয়ত সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্ক থকাৰ পিচতো চীনৰ হস্তক্ষেপক বৰ্ধিক সমস্যা হিচাপে চিনাক্ত কৰিছে ৷ ভাৰতে এইক্ষেত্ৰত সম্পূৰ্ণৰূপে এক নতুন দিশত নেপাল আৰু ইয়াৰ সৈতে নতুনকৈ সম্পৰ্কিত কৰি আমোলাতান্ত্ৰিক দিশত অধিক সতৰ্কতা আৰু অধিগ্ৰহণমূলক দিশেৰে চুবুৰীয়া দেশখনৰ ৰাজনৈতিক দিশটোৰ সমাধানত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷
ইতিহাসত সদায়ে উল্লেখ আছে যে, চীনে নেপালৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত সদায়ে বিপৰীত স্থিতিত ঠিয় দি আহিছে ৷
(প্ৰৱন্ধটো প্ৰস্তুত কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইমিৰেটুছ তথা আইডিএছএৰ কাৰ্যবাহী সদস্য অধ্যাপক এচ ডি মুনিয়ে ৷ তেওঁ ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু বিশেষ এনভয় ৷)