ETV Bharat / bharat

ৰেলযাত্ৰাৰ সময়তে আইআৰচিটিচিৰ বেৱচাইটত বিসংগতি

author img

By

Published : May 11, 2020, 9:19 PM IST

উল্লেখ্য যে, ১২ মে'ৰ পৰা ৰেলযাত্ৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰাৰ লগতে সোমবাৰে দিনৰ ৪ বজাৰ পৰা টিকট প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছিল ৰেল মন্ত্ৰালয়ে । কিন্তু ৪ বজাৰ বিপৰীতে ৬ বজাৰ পৰাহে টিকট পঞ্জীয়ন আৰম্ভ কৰিবলৈ সক্ষম হয় ৰেল মন্ত্ৰালয় । আইআৰচিটিচিৰ ৱেবচাইটত হোৱা বিসংগতিৰ বাবে এইদৰে টিকট পঞ্জীয়নত বিলম্ব হয় ।

ৰেলযাত্ৰাৰ সময়তে আইআৰচিটিচিৰ বেৱচাইটত বিসংগতি
ৰেলযাত্ৰাৰ সময়তে আইআৰচিটিচিৰ বেৱচাইটত বিসংগতি

নিউজ ডেস্ক, ১১ মে' : ১২ মে'ৰ পৰা চলিবলগীয়া ৰেলৰ টিকট পঞ্জীয়নৰ বাবে আইআৰচিটিচিৰ ৱেবচাইট প্ৰযুক্তিগত বিসংগতিৰ সন্মুখীন হয় । সোমবাৰে দিনৰ ৪ বজাৰ পৰা টিকট পঞ্জীয়নৰ বাবে মুকলি কৰি দিয়াৰ কথা আছিল ৱেবচাইটো । কিন্তু পৰৱৰ্তী সময়ত প্ৰযুক্তিগত বিসংগতিৰ বাবে আবেলি ৪ বজাৰ পৰিৱৰ্তে ৬ বজাত ইয়াক মুকলি কৰি দিয়া হয় ।

দৰাচলতে লকডাউনৰ সময়ত অত্যধিক গ্ৰাহকে ৱেবচাইটটোত লগ-ইন কৰাৰ ফলতে এই বিসংগতি সৃষ্টি হয় বুলি ৰেল মন্ত্ৰালয়ে জানিবলৈ দিয়ে । অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিলেও গ্ৰাহকৰ সুৰক্ষাৰ বাবে ইয়াক ততালিকে ঠিক কৰি দিয়া হয় ।

কিন্তু ৱেবচাইটটোত দেখা দিয়া বিসংগতিৰ বাবে ৪ বজালৈকে ৰেল মন্ত্ৰালয়ে ১২ মে'ৰ পৰা চলিবলগীয়া ১৫ খন বিশেষ ৰেলৰ সূচী প্ৰকাশ কৰিব পৰা নাছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.