এক বৃহৎ সংঘাত যি সংঘাতে যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনা থকা লগতে পেট্ৰ'লিয়াম যোগান ব্যাহত কৰাৰ লগতে গোলকীয় অৰ্থনৈতিক মন্দাৱস্থা সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছিল, তেনে এক সংঘাত এসপ্তাহৰ ভিতৰতে টেহৰাণৰ কিছু কূটনৈতিক কৌশল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰূপ সঁহাৰিৰ বাবে হাত সাৰিব পৰা গৈছে। যাৰ ফলত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস পেলাইছে। ৮ জানুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ নেতৃত্ব আৰু জনসাধাৰণক শান্তিপূৰ্ণ আলোচনাৰ বাবে আহ্বান জনাই ভাষণ প্ৰদান কৰাৰ পাছতে তেলৰ দাম হ্ৰাস পাবলৈ লোৱাৰ লগতে ষ্টক মাৰ্কেট ঊৰ্ধগামী হ'বলৈ আৰম্ভ কৰে। কিন্তু এয়া সাময়িক সকাহ হে হ'ব পাৰে। ইৰাকস্থিত আমেৰিকাৰ সামৰিক ক্ষেত্ৰত প্ৰায় এক ডজন বেলিষ্টিক মিছাইলৰ ওপৰত আক্ৰমণ কৰি ইৰাণে ইয়াৰ প্ৰত্যাক্ৰমণৰ সক্ষমতাৰ প্ৰমাণ দিয়ে। দেশখনে এই সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটাব নিবিচাৰলেও পৰৱৰ্তী সময়ত প্ৰত্যুত্তৰ দিব পৰা শক্তিৰ প্ৰমাণ দিয়ে। গ্ৰেট চাটান আৰু তেহৰানৰ ধৰ্মগুৰু কেন্দ্ৰিক শাসনৰ মাজত থকা শত্ৰুতা পুনৰ ৩১ জানুৱাৰীত তীব্ৰ হৈ উঠে যিদিনা আমেৰিকাৰ ড্ৰোণ আক্ৰমণত মেজৰ জেনেৰেল কাছিম ছলেমানীৰ মৃত্যু হয়। ছলেমানী আছিল ঘাৰাণিয়ান ৰিভলুশ্যনাৰী গাৰ্ড কৰ্পচৰ মুৰব্বী। তেওঁৰ হত্যাৰ ঘটনাই সমগ্ৰ মধ্য প্ৰাচ্যতে অনিশ্চয়তা,আশংকা আৰু সংঘাতৰ ভয়াৱহতা বৃদ্ধি পায়।
ইৰাণৰ পাৰমাণৱিক প্ৰকল্প, যাক লৈ আমেৰিকাৰ অভিযোগ দীৰ্ঘদিনীয়া ১৯৭৯ চনত ইৰাণৰ শ্বাহসকলক ক্ষমতাচ্যুত কৰি কঠোৰ শীৰ্ষ নেতা আয়াতুল্লা ৰুহোল্লাহ খোমেইনিৰ নেতৃত্বত ইছলামিক শক্তিয়ে শাসনৰ ক্ষমতা হস্তগত কৰে ।১৯৭৯ চনৰ নৱেম্বৰ মাহত মৌলবাদী চিন্তাৰ ছাত্ৰসকলে তেহৰানস্থিত মাৰ্কিন দূতাবাসৰ ৫২ গৰাকীকৈ কূটনীতিবিদ আৰু বিষয়া-কৰ্মাচৰীক ৪৪৪ দিনৰ বাবে আবদ্ধ কৰি ৰাখে। তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ সম্পৰ্ক সংঘাতপূৰ্ণ হয়। ইছলামিক শাসনক অৱনমিত কৰাৰ বাবে আমৰিকাই যথা সম্ভৱ চেষ্টা অব্যাহত ৰাখিছিল । ১৯৮০-৮৮ ৰ ইৰাণ-ইৰাকৰ মাজত হোৱা যুদ্ধৰ সময়ছোৱাত আমেৰিকাই মুকলিভাৱে ছাদ্দাম হুছেইনক ধন,প্ৰশিক্ষণ আৰু অস্ত্ৰৰে (চৰকাৰীভাৱে অস্বীকাৰ কৰা হৈছে) সহায় কৰিছিল। আমেৰিকা আৰু চুন্নী চৌদি আৰৱৰ মাজত পৰম্পৰাগতভাৱে চলি অহা বন্ধুত্ব,ইৰাণৰ লগত শত্ৰুতা আৰু ইজৰাইলৰ প্ৰতি বিষোদগাৰ আদিয়ে আমেৰিকা আৰু ইৰাণৰ সম্পৰ্কক অধিক জটিল কৰি তুলিছে। ইৰাণী নেতা ৰাষ্ট্ৰপতি মহম্মদ আমহেদিনেজাদে পৃথিৱীৰ পৰা ইজৰাইলক নোহোৱা কৰি দিব লাগে বুলি কৰা মন্তব্যয়ো সহায় কৰা নাই। ইয়াৰ বিপৰীতে বাহিৰৰ পৰা সন্মুখীন হ’ব পৰা আক্ৰমণৰ কথা অনুভৱ কৰি ইৰাণে গোপনে পাৰমাণৱিক প্ৰকল্প হাতত লয়। পাকিস্তানে ইৰাণক সংবেদনশীল তথ্য তথা ইউৰেনিয়ামৰ বাবে আন্তঃগাঁথনি যোগান ধৰে। কিন্তু ইৰাণৰ পাৰমাণৱিক আকাংক্ষাক মষিমূৰ কৰাৰ বাবে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘই কেইবালানিও চমন জাৰি কৰে ।
ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আহমেদিনেজাদ অৱশ্যে ২০১৫ চনৰ জুলাইত ইৰাণ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ মাজত হোৱা জইণ্ট কম্প্ৰিহেন্সিভ প্লেন অৱ্ এক্সনৰ জৰিয়তে এক সিদ্ধান্তত উপনীত হোৱা যায় । এই মৰ্মে ইৰাণৰ ক্ষেত্ৰত মজলীয়া ইউৰেণিয়ামৰ ভাণ্ডাৰ নষ্ট কৰাৰ লগতে নিম্ন পৰ্যায়ৰ ইউৰেনিয়ামক চেন্ট্ৰিফিউজ হিচাপে ১৫ বছৰৰ বাবে বাধা আৰোপ কৰা হয়। বিশ্বজুৰি এই চুক্তিৰ প্ৰশংসা কৰা হৈছিল। কিন্তু ডনাল্ড ট্ৰাম্পে ইয়াক মাৰ্কিন প্ৰশাসনে সম্পাদন কৰা এখন নিকৃষ্ট চুক্তি বুলিহে আখ্যা দিছিল। নিৰ্বাচনৰ সময়ত তেওঁ জিকাৰ পাছত এই চুক্তি বাতিল কৰা হ’ব বুলি সংকল্প গ্ৰহণ কৰিছিল আৰু সেই অনুসৰি ২০১৮ চনত আমেৰিকাই জে চি পি অ’ এ প্ৰত্যাহাৰ কৰে। তাৰ সমান্তৰালকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰ ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ক্ষেত্ৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰা বুলিও খবৰ বিয়পিবলৈ লয়। ট্ৰাম্পে ইৰাণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে আৰু সকলো ৰাষ্ট্ৰই দেশখনৰ পৰা তেল আমদানি কৰা বন্ধ কৰাৰ উপদেশ দিয়ে । কিন্তু এই নিষেধাজ্ঞা ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমৰ্থিত নাছিল ।
ইৰাণক বাৰে বাৰে ধমকি আমেৰিকাৰ ইৰাণৰ সৈতে ভাৰতৰ সভ্যতাৰ দিশৰ পৰা সম্পৰ্ক আছে । তদুপৰি মধ্য প্ৰাচ্যত সুস্থিৰতা ভাৰতৰ অংশীদাৰিত্ব থকাৰ লগতে ইয়াৰ পৰাই ভাৰতৰ হাইড্ৰ’কাৰ্বনৰ প্ৰয়োজনীয়তা পূৰণ হয়। এই অঞ্চলত কৰ্মৰত আঠ মিলিয়ন ভাৰতীয়ই প্ৰতি বছৰে দেশলৈ ৪০ বিলিয়ন ডলাৰ ধন পঠিয়ায়। দ্বিতীয়তে আমেৰিকাৰ সৈতে থকা আমাৰ সুদৃঢ় সম্পৰ্কৰ ফলত কোনো পক্ষ লোৱাৰ পৰা বিৰত থকা হয়। যাৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ বাবে ইৰাণৰ ৰাষ্ট্ৰদূতে ভাৰতক জনোৱা আহ্বান প্ৰত্যাখ্যান কৰা হয়। এই বিষয়টো ভালদৰে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজতে সমাধান হয়। তদুপৰি আমি সদায় তৃতীয় পক্ষৰ মধ্যস্থতাৰ বিৰোধিতা কৰি আহিছো। আমেৰিকাৰ নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ ইৰাণে উগ্ৰতাৰে দিয়ে । উদাহৰণস্বৰপে, ইৰাক,ছিৰিয়া আৰু লেবাননত মাৰ্কিন সৈন্য আৰু সা-সম্পত্তিৰ ওপৰত আক্ৰমণ চলাবলৈ প্ৰক্সিৰ পোষকতা কৰে। ২৭ ডিচেম্বৰত ইৰাণ সমৰ্থিত উগ্ৰপন্থীৰ দ্বাৰা কিৰকুস্থিত মাৰ্কিন সেনাৰ ঘাটিত ৰকেট আক্ৰমণৰ দ্বাৰা এগৰাকী মাৰ্কিন সেনা বাহিনীৰ ঠিকাদাৰক হত্যা কৰা হয় । ইয়াৰ প্ৰত্যুত্তৰ হিচাপে জেনেৰেল ছলেমানীক হত্যা কৰা হয়। ছলেমানীৰ হত্যাৰ প্ৰতিশোধ ল’ব বুলি ইৰাণ প্ৰতিজ্ঞাবদ্ধ হয়। ইৰাকস্থিত আমেৰিকান সামৰিক ঘাটত বহু মিছাইল আক্ৰমণ কৰা হয়। ৰাষ্ট্ৰপতি ট্ৰাম্পে সকলো ঠিকে আছে বুলি টুইট কৰাৰ লগতে সবিশেষ হিচাপ-নিকাচ চলি থকা বুলি উল্লেখ কৰে। লাহে লাহে কোনো হতাহত হোৱা নাই বুলি খবৰ ওলায় যদিও সেয়া অবিশ্বাস্য আছিল। শীঘ্ৰেই এটা কথা স্পষ্ট হৈ পৰে যে আভ্যন্তৰীণ বা ঘৰুৱা দৰ্শকৰ পৰা লাভ আদায়ৰ বাবে ইৰাণে এখন নাটক মঞ্চস্থ কৰিছে । ইপিনে ইৰাক, ছুইজাৰলেণ্ড আদিৰ সহায়পুষ্ট চেনেলসমূহে আমেৰিকাৰ পক্ষ প্ৰচাৰ কৰে। হোৱাইট হাউছে ইৰাণক এশিকনি দিবলৈ বদ্ধ পৰিকৰ আছিল যদিও এই তীক্ষ্ণ কূটনীতিৰ বাবে শান্ত পৰিৱেশ ঘূৰি আহে। কিন্তু ইয়াতে প্ৰশ্ন উত্থাপন হয় যে ইৰাণ আৰু আমেৰিকাই তেওঁলোকৰ অস্ত্ৰ সমাধিস্থ কৰিবনে ? পশ্চিম এছিয়াত ক্ষমাদানক ধৰ্ম বুলি নহয়,দুৰ্বলতাৰ চিন হিচাপেহে গ্ৰহণ কৰা হয় । প্ৰত্যাক্ৰমণক সন্মান আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰ পুনৰুদ্ধাৰ বুলি লোৱা হয়। গতিকে সামময়িকভাৱে সংঘাতৰ অন্ত পৰিলেও দীৰ্ঘকালীনভাৱে ই অব্যাহত থকাৰ আশংকা নথকা নহয় ।
বৰ্আতমানৰ ইৰাণৰ ৰাষ্ট্ৰপতি আয়াতুল্লা ৰুহোল্লাহ খোমেইনি -বিষ্ণু প্ৰকাশ
(লেখক-বিষ্ণু প্ৰকাশ,দক্ষিণ কোৰিয়া আৰু কানাডাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰাক্তন মুখপাত্ৰ । তেওঁ বৈদেশিক নীতিৰ বিশ্লেষক আৰু এগৰাকী লেখক)

Intro:Body:
Iran USA standoff: Deft diplomatic footwork, quickly averts major crisis
ইৰাণ-আমেৰিকাৰ মাজত অচলাৱস্থা: তীক্ষ্ণ কূটনীতিয়ে বৃহৎ সংকটৰ পৰা ৰক্ষা কৰিলে
(বিষ্ণু প্ৰকাশ, দক্ষিণ কোৰিয়া আৰু কানাডাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰাক্তন মুখপাত্ৰ । তেওঁ বৈদেশিক নীতিৰ বিশ্লেষক আৰু এগৰাকী লেখক)
এক বৃহৎ সংঘাত যি সংঘাতে যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনা থকা লগতে পেট্ৰ'লিয়াম যোগান ব্যাহত কৰাৰ লগতে গোলকীয় অৰ্থনৈতিক মন্দাৱস্থা সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছিল, তেনে এক সংঘাত এসপ্তাহৰ ভিতৰতে টেহৰাণৰ কিছু কূটনৈতিক কৌশল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰূপ সঁহাৰিৰ বাবে হাত সাৰিব পৰা গৈছে । যাৰ ফলত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস পেলাইছে । ৮ জানুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ নেতৃত্ব আৰু জনসাধাৰণক শান্তিপূৰ্ণ আলোচনাৰ বাবে আহ্বান জনাই ভাষণ প্ৰদান কৰাৰ পাছতে তেলৰ দাম হ্ৰাস পাবলৈ লোৱাৰ লগতে ষ্টক মাৰ্কেট ঊৰ্ধগামী হ'বলৈ আৰম্ভ কৰে । কিন্তু এয়া সাময়িক সকাহহে হ'ব পাৰে । ইৰাকস্থিত আমেৰিকাৰ সামৰিক ক্ষেত্ৰত প্ৰায় এক ডজন বালিষ্টিক মিছাইলৰ ওপৰত আক্ৰমণ কৰি ইৰাণে ইয়াৰ প্ৰত্যাক্ৰমণৰ সক্ষমতাৰ প্ৰমাণ দিয়ে । দেশখনে এই সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটাব নিবিচাৰলেও পৰৱৰ্তী সময়ত প্ৰত্যুত্তৰ দিব পৰা শক্তিৰ প্ৰমাণ দিয়ে ।
গ্ৰেট চাটান আৰু তেহৰানৰ ধৰ্মগুৰুকেন্দ্ৰিক শাসনৰ মাজত থকা শত্ৰুতা পুনৰ ৩১ জানুৱাৰীত তীব্ৰ হৈ উঠে যিদিনা আমেৰিকাৰ ড্ৰোণ আক্ৰমণত মেজৰ জেনেৰেল কাছিম ছলেমানীৰ মৃত্যু হয় । ছলেমানী আছিল ঘাৰাণিয়ান ৰিভলুচনাৰী গাৰ্ড কৰ্পচৰ মুৰব্বী । তেওঁৰ হত্যাৰ ঘটনাই সমগ্ৰ মধ্য প্ৰাচ্যতে অনিশ্চয়তা, আশংকা আৰু সংঘাতৰ ভয়াৱহতা বৃদ্ধি পায় ।
১৯৭৯ চনত ইৰাণৰ শ্বাহসকলক ক্ষমতাচ্যুত কৰি কঠোৰ শীৰ্ষ নেতা আয়াতুল্লা ৰুহোল্লাহ খোমেইনিৰ নেতৃত্বত ইছলামিক শক্তিয়ে শাসনৰ ক্ষমতা হস্তগত কৰে ।১৯৭৯ চনৰ নৱেম্বৰ মাহত মৌলবাদী চিন্তাৰ ছাত্ৰসকলে তেহৰানস্থিত মাৰ্কিন দূতাবাসৰ ৫২ গৰাকীকৈ কূটনীতিবিদ আৰু বিষয়া-কৰ্মাচৰীক ৪৪৪ দিনৰ বাবে আবদ্ধ কৰি ৰাখে । তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ সম্পৰ্ক সংঘাতপূৰ্ণ ।
ইছলামিক শাসনক অৱনমিত কৰাৰ বাবে আমৰিকাই যথা সম্ভৱ চেষ্টা অব্যাহত ৰাখিছিল । ১৯৮০-৮৮ ৰ ইৰাণ-ইৰাকৰ মাজত হোৱা যুদ্ধৰ সময়ছোৱাত আমেৰিকাই মুকলিভাৱে ছাদ্দাম হুছেইনক ধন, প্ৰশিক্ষণ আৰু অস্ত্ৰৰে (চৰকাৰীভাৱে অস্বীকাৰ কৰা হৈছে) সহায় কৰিছিল । আমেৰিকা আৰু চুন্নী চৌদি আৰৱৰ মাজত পৰম্পৰাগতভাৱে চলি অহা বন্ধুত্ব, ইৰাণৰ লগত শত্ৰুতা আৰু ইছৰাইলৰ প্ৰতি বিষোদগাৰ আদিয়ে আমেৰিকা আৰু ইৰাণৰ সম্পৰ্কক অধিক জটিল কৰি তুলিছে । ইৰাণী নেতা ৰাষ্ট্ৰপতি মহমৌদ আমহেদিনেজাদে পৃথিৱীৰ পৰা ইজৰাইলক নোহোৱা কৰি দিব লাগে বুলি কৰা মন্তব্যয়ো সহায় কৰা নাই ।
ইয়াৰ বিপৰীতে বাহিৰৰ পৰা সন্মুখীন হ’ব পৰা আক্ৰমণৰ কথা অনুভৱ কৰি ইৰাণে গোপনে পাৰমাণৱিক প্ৰকল্প হাতত লয় । পাকিস্তানে ইৰাণক সংবেদনশীল তথ্য তথা ইউৰেনিয়ামৰ বাবে আন্তঃগাঁথনি যোগান ধৰে । কিন্তু ইৰাণৰ পাৰমাণৱিক আকাংক্ষাক মষিমূৰ কৰাৰ বাবে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘই কেইবালানিও চমন জাৰি কৰে ।
অৱশ্যে ২০১৫ চনৰ জুলাইত ইৰাণ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ মাজত হোৱা জইণ্ট কম্প্ৰিহেন্সিভ প্লেন অৱ্ এক্সনৰ জৰিয়তে এক সিদ্ধান্তত উপনীত হোৱা যায় । এই মৰ্মে ইৰাণৰ ক্ষেত্ৰত মজলীয়া ইউৰেণিয়ামৰ ভাণ্ডাৰ নষ্ট কৰাৰ লগতে নিম্ন পৰ্যায়ৰ ইউৰেনিয়ামক চেন্ট্ৰিফিউজ হিচাপে ১৫ বছৰৰ বাবে বাধা আৰোপ কৰা হয় । বিশ্বজুৰি এই চুক্তিৰ প্ৰশংসা কৰা হৈছিল ।
কিন্তু ডনাল্ড ট্ৰাম্পে ইয়াক মাৰ্কিন প্ৰশাসনে সম্পাদন কৰা এখন নিকৃষ্ট চুক্তি বুলিহে আখ্যা দিছিল । নিৰ্বাচনৰ সময়ত তেওঁ জিকাৰ পাছত এই চুক্তি বাতিল কৰা হ’ব বুলি সংকল্প গ্ৰহণ কৰিছিল আৰু সেই অনুসৰি ২০১৮ চনত আমেৰিকাই জে চি পি অ’ এ প্ৰত্যাহাৰ কৰে । তাৰ সমান্তৰালকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰ ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ক্ষেত্ৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰা বুলিও খবৰ বিয়পিবলৈ লয় । ট্ৰাম্পে ইৰাণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে সকলো ৰাষ্ট্ৰই দেশখনৰ পৰা তেল আমদানি কৰা বন্ধ কৰাৰ উপদেশ দিয়ে । কিন্তু এই নিষেধাজ্ঞা ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমৰ্থিত নাছিল ।
ইৰাণৰ সৈতে ভাৰতৰ সভ্যতাৰ দিশৰ পৰা সম্পৰ্ক আছে । তদুপৰি মধ্য প্ৰাচ্যত সুস্থিৰতা ভাৰতৰ অংশীদাৰিত্ব থকাৰ লগতে ইয়াৰ পৰাই ভাৰতৰ হাইড্ৰ’কাৰ্বনৰ প্ৰয়োজনীয়তা পূৰণ হয় । এই অঞ্চলত কৰ্মৰত আঠ মিলিয়ন ভাৰতীয়ই প্ৰতি বছৰে দেশলৈ ৪০ বিলিয়ন ডলাৰ ধন পঠিয়ায় । দ্বিতীয়তে আমেৰিকাৰ সৈতে থকা আমাৰ সুদৃঢ় সম্পৰ্কৰ ফলত কোনো পক্ষ লোৱাৰ পৰা বিৰত থকা হয় । যাৰ বাবে মধ্যস্থাকাৰীৰ ভূমিকা লোৱাৰ বাবে ইৰাণৰ ৰাষ্ট্ৰদূতে ভাৰতক জনোৱা আহ্বান প্ৰত্যাখ্যান কৰা হয় । এই বিষয়টো ভালদৰে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজতে সমাধান হয় । তদুপৰি আমি সদায় তৃতীয় পক্ষৰ মধ্যস্থতাৰ বিৰোধিতা কৰি আহিছোঁ ।
আমেৰিকাৰ নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ ইৰাণে উগ্ৰতাৰে দিয়ে । উদাহৰণস্বৰপে, ই ইৰাক, ছিৰিয়া আৰু লেবাননত মাৰ্কিন সৈন্য আৰু সা-সম্পত্তিৰ ওপৰত আক্ৰমণ চলাবলৈ প্ৰক্সিৰ পোষকতা কৰে । ২৭ ডিচেম্বৰত ইৰাণ সমৰ্থিত উগ্ৰপন্থীৰ দ্বাৰা কিৰকুস্থিত মাৰ্কিন সেনাৰ ঘাটিত ৰেকটে আক্ৰমণৰ দ্বাৰা এগৰাকী মাৰ্কিন সেনাবিহিনীৰ ঠিকাদাৰক হত্যা কৰা হয় । ইয়াৰ প্ৰত্যুত্তৰ হিচাপে জেনেৰেল ছলেমানীক হত্যা কৰা হয় ।
ছলেমানীৰ হত্যাৰ প্ৰতিশোধ ল’ব বুলি ইৰাণ প্ৰতিজ্ঞাবদ্ধ হয় । ইৰাকস্থিত আমেৰিকান সামৰিক ঘাটত বহু মিছাইল আক্ৰমণ কৰা হয় । ৰাষ্ট্ৰপতি ট্ৰাম্পে সকলো ঠিকে আছে বুলি টুইট কৰাৰ লগতে সবিশেষ হিচাপ-নিকাচ চলি থকা বুলি উল্লেখ কৰে । লাহে লাহে কোনো হতাহত হোৱা নাই বুলি খবৰ ওলায় যদিওএ সেয়া অবিশ্বাস্য আছিল । শীঘ্ৰেই এটা কথা স্পষ্ট হৈ পৰে যে আভ্যন্তৰীণ বা ঘৰুৱা দৰ্শকৰ পৰা লাভ আদায়ৰ বাবে ইৰাণে এখন নাটক মঞ্চস্থ কৰিছে । ইপিনে ইৰাক, ছুইজাৰলেণ্ড আদিৰ সহায়পুষ্ট চেনেলসমূহে আমেৰিকাৰ পক্ষ প্ৰচাৰ কৰে । হোৱাইট হাউছে ইৰাণক এশিকনি দিবলৈ বদ্ধপৰিকৰ আছিল যদিও এই তীক্ষ্ন কূটনীতিৰ বাবে শান্ত পৰিৱেশ ঘূৰি আহে ।
কিন্তু ইয়াতে প্ৰশ্ন উত্থাপন হয় যে ইৰাণ আৰু আমেৰিকাই তেওঁলোকৰ অস্ত্ৰ সমাধিস্থ কৰিবনে? পশ্চিম এছিয়াত ক্ষমাদানক ধৰ্ম বুলি নহয়, দুৰব্লতাৰ চিন হিচাপেহে গ্ৰহণ কৰা হয় । প্ৰত্যাক্ৰমণক সন্মান আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰ পুনৰুদ্ধাৰ বুলি লোৱা হয় । গতিকে সামময়িকভাৱে সংঘাতৰ অন্ত পৰিলেও দীৰ্ঘকালীনভাৱে ই অব্যাহত থকাৰ আশংকা নথকা নহয় ।
Conclusion: