নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: খোদ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বলি হৈছে যৌতুক প্ৰথাৰ ৷ যৌতুকৰ বলি হোৱা মহিলা IPS বিষয়া গৰাকীয়ে নিজৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ বাংগালোৰুত এই ঘটনা সংঘটিত হৈছে ৷
জানিব পৰা মতে যৌতুকৰ বাবে শাৰিৰীকভাৱে নিৰ্যাতিত হৈ ভাৰ্টিকা কাটিয়াৰ নামৰ IPS বিষয়া গৰাকীয়ে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ 2009 বেট্চৰ এগৰাকী IPS বিষয়া ভাৰ্টিকা কাটিয়াৰে আইএফএচ (ইণ্ডিয়ান ফৰেইন ডিপাৰ্টমেন্ট) স্বামী নীতিন সুভাষৰ বিৰুদ্ধে যৌতুকৰ নামত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি কব্বন আৰক্ষী থানাত গোচৰ দিছে ৷
ইতিমধ্যে ভাৰ্টিকাৰ অভিযোগৰ ভিত্তিত কব্বন আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰিছে আৰু ভাৰ্টিকাৰ স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ সদস্য সকলৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷
অভিযোগ অনুসৰি IPS 2009 বেট্চৰ বিষয়া ভাৰ্টিকা কাটিয়াৰ 2011 চনত আইএফএচ বিষয়া নিতীন সুভাষৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ দিল্লীত কৰ্মৰত নীতিনে ধূম্ৰপান আৰু মাদক দ্ৰৱ্যৰ প্ৰতি আসক্ত হৈ পৰাৰ পাছতে প্ৰায়েই স্বামীৰ সৈতে ভাৰ্টিকাৰ মনোমালিন্য হ'ব ধৰে ৷ বহুবাৰ দুয়োৰে মাজত হোৱা কাজিয়াৰ সময়ত নীতিনে পত্নী ভাৰ্টিকাক শাৰিৰীকভাৱেও নিৰ্যাতন চলোৱা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে এনে কাজিয়াৰ পৰিণতিতে 2016 চনত নীতিন ভাৰ্টিকাৰ এখন হাত ভাঙি পেলোৱাৰ লগতে বিবাহ বিচ্ছেদৰো ভাবুকি প্ৰদান কৰিছিল ৷
ভাৰ্টিকাই অভিযোগ কৰে যে নীতিনে প্ৰায়েই তেঁওক ধনৰ বাবে অত্যাচাৰ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি ভোক্তভোগী ভাৰ্টিকাৰ আইতাকৰ পৰা নীতিনে এখন পাঁচ লাখ টকাৰ চেক লোৱাৰ উপৰিও ঘৰ নিৰ্মাণৰ সময়ত ভাৰ্টিকাই 35 লাখ টকা প্ৰদান কৰিছিল ৷ ঘটনা সন্দৰ্ভত নীতিনৰ বিৰুদ্ধে যৌতুক বিচৰাৰ লগতে শাৰিৰীকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগত কব্বন আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷
উল্লেখ্য যে বৰ্তমানেও যৌতুকৰ দৰে অপসংস্কৃতিৰ বিৰুদ্ধে সচেতন লোকসকলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ মাজতে এগৰাকী সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া উক্ত অপসংস্কৃতিৰ বলি হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক:ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি