ETV Bharat / bharat

ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন স্থানত ব্যাহত ইণ্টাৰনেট সেৱা

author img

By

Published : Nov 9, 2019, 10:42 AM IST

ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন স্থানত ব্যাহত ইণ্টাৰনেট সেৱা, 144 ধাৰা জাৰি,অতিৰিক্ত আৰক্ষী মোতায়েন প্ৰশাসনৰ,কটকটীয়া নিৰাপত্তা ব্যৱস্থা দেশৰ সকলোতে, বন্ধ আছে শিক্ষানুষ্ঠান আদি ৷

ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন স্থানত ব্যাহত ইণ্টাৰনেট সেৱ

নিউজ ডেস্ক, 9 নৱেম্বৰ: সুদীৰ্ঘ অপেক্ষাৰ অন্তত কিছুসময়ৰ পিচতে ঘোষণা হ‘ব অযোধ্যা বিবাদৰ ৰায়দান ৷ ৰাজ্যখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থান চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ভৰতপুৰৰ বিভাগীয় আয়ুক্তই প্ৰদেশখনৰ সকলো ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে ব্যাহত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইফালে জিলা আয়ুক্তই ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ বিশেষকৈ ছ‘চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ আৰু হিংসাত্মক কাৰ্য ৰোধৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্যখনত আজি পুৱা 6 বজাৰ পৰা ৰবিবাৰে পুৱা 6 বজালৈ 24 ঘণ্টীয়া ইণ্টাৰনেট সেৱা বন্ধ থাকিব ৷ বাকী ম'বাইল ফোন আৰু লেণ্ডলাইন সেৱা নিয়মীয়াকৈ চলি থাকিব ৷ তদুপৰি প্ৰশাসনীয় কৰ্তৃপক্ষই জনসাধাৰণক শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে ৷ ৰাজ্যখনৰ জয়ছালমেৰ এলেকাকে ধৰি আন আন এলেকাতো 144 ধাৰা জাৰি কৰা হৈছে ৷

ৰাজস্থানৰ বাহিৰেও মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ,জম্মু-কাশ্মীৰ,কৰ্ণাটক আৰু দিল্লীত সকলো শিক্ষানুস্থান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে ৷ 144 ধাৰা অনুসৰি গোৱা,উত্তৰ প্ৰদেশ,জম্মু-কাশ্মীৰৰ পথসমূহত চাৰিজনতকৈ অধিক লোকে জুম বন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে ৷ অযোধ্যাৰ ৰায়দানৰ প্ৰভাৱ ভূপালকে ধৰি বেংগালুৰুতো পৰাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ আৰক্ষী আয়ুক্ত ভাস্কৰ ৰাওৱে সদৰী কৰা মতে বেংগালুৰুত পুৱা 7 বজাৰ পৰা নিশা 12 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে ৷

উত্তৰ প্ৰদেশৰ আলিগড় জিলাতো একেই পৰিৱেশ পৰিলক্ষিত হৈছে ৷ আলিগড়ৰ জিলা ন্যায়াধীশ চন্দ্ৰভূষণ সিঙয়ে কয় যে,সুৰক্ষাৰ স্বাৰ্থত জিলাখনত 9 নৱেম্বৰৰ নিশা 12 বজাৰ পৰা 24 ঘণ্টীয়া সকলো ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰা হৈছে ৷ পৰৱৰ্তী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে ইণ্টাৰনেট সেৱা পুনৰ কাৰ্যকৰী কৰা হ‘ব ৷ জিলাখনত তিনিদিনৰ বাবে শিক্ষানুস্থান সমুহ বন্ধৰ নিৰ্দেশ দিয়া হৈছে ৷ তদুপৰি জিলাখনত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে ৷ মুঠতে জিলাখনত সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰটি এৰা নাই প্ৰশাসনীয় কৰ্তৃপক্ষই ৷

Aligarh (UP), Nov 09 (ANI): Ahead of Supreme Court verdict on Ram Janmabhoomi-Babri Masjid dispute, Uttar Pradesh's Aligarh District Magistrate Chandra Bhushan Singh said that internet services have been suspended for 24 hours starting 12 AM on November 09. "We have suspended internet services for 24 hours starting 12 AM on Nov 09. Further decision regarding this will be taken based on the situation. Security forces have been deployed. All schools, colleges and educational institutions remain closed for 3 days. Police forces will be deployed everywhere. One company of RAF (Rapid Action Force) is here, we have asked for one more company from the govt. All of us are on alert."
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.