ETV Bharat / bharat

জম্মু-কাশ্মীৰত অন্ত দুসপ্তাহ যোৰা সান্ধ্য আইন, ইন্টাৰেনট সেৱা আৰম্ভ

author img

By

Published : Aug 20, 2019, 5:54 PM IST

Updated : Aug 20, 2019, 6:31 PM IST

অনুচ্ছেদ 35(A) আৰু 370 প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই সমগ্ৰ অঞ্চলটোত জাৰী কৰা হৈছিল অনিৰ্দিষ্টকালীন ধাৰা 144 ৷ শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতি কিছু উন্নত হোৱালৈ লক্ষ্য কৰি ধাৰা 144 বহুঠাইত শিথিল কৰি দিয়া হয় ৷

জম্মু-কাশ্মীৰত অন্ত দুসপ্তাহযোৰা সান্ধ্য় আইন, ইন্টাৰেনট সেৱা আৰম্ভ

নিউজ ডেস্ক, 20 আগষ্টঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিলৈ লক্ষ্য কৰি সমগ্ৰ অঞ্চলটোতে শিথিল কৰি দিয়া হৈছে ধাৰা 144 ৷ অনুচ্ছেদ 35(A) আৰু 370 প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই ৰাজ্যখনত জাৰী কৰা অনিৰ্দিষ্টকালীন 144 ধাৰা ৷ শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়কে ধৰি,বিদ্যালয় তথা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি জনসাধাৰণৰ জীৱনধাৰা সাধাৰণ অৱস্থালৈ অহালৈ লক্ষ্য কৰি কিছু শিথিল কৰি দিয়া হয় 144 ধাৰা ৷

জম্মু-কাশ্মীৰ প্ৰশাসনৰ পৰিকল্পনা আয়োগৰ মুখ্য সচিব ৰোহিত কাঞ্চালে বুধবাৰে প্ৰকাশ কৰিছে এই তথ্য ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন স্থানৰ পৰা সৰু-সুৰা বিক্ষিপ্ত তথা অপ্ৰীতিকৰ ঘটনাৰ তথ্য নিৰাপত্তা বাহিনীয়ে লাভ কৰিছে ৷ স্থানীয় আৰক্ষী প্ৰশাসন তথা অসামৰিক প্ৰশাসনৰ যুটীয়া সহযোগত তেনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা হৈছে ৷ সমগ্ৰ জম্মু-কাশ্মীৰতে জনসাধাৰণৰ মাজত জীৱনধাৰণৰ অৱস্থা কিছু উন্নত হৈছে ৷ যাৰ বাবে ইতিমধ্যে জাৰী কৰা 144 ধাৰা কিছু শিথিল কৰি দিয়ে প্ৰশাসনে ৷ বুধবাৰে ম'বাইল আৰু ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়ে স্থানীয় প্ৰশাসনে ৷ অৱশ্যে শ্ৰীনগৰৰ বিভিন্ন স্থানত বাট-পথত জনসাধাৰণৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হোৱাৰ লগতে বন্ধ থাকে দোকান-পোহাৰকে ধৰি অন্যান্য প্ৰতিষ্ঠান ৷

লগতে পঢ়কঃ বিদ্যালয়কে ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিতি বৃদ্ধি জম্মু-কাশ্মীৰত

উল্লেখ্য যে, বিগত 5 আগষ্টৰ পৰাই জম্মু-কাশ্মীৰত আৰোপ কৰা হৈছিল অনিৰ্দিষ্টকালীন 144 ধাৰা ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতেই নিৰাপত্তাজনিত কাৰণত এইদৰে 144 ধাৰা জাৰী কৰি হৈছিল সমগ্ৰ জম্মু-কাশ্মীৰত ৷

Intro:Body:

কাশ্মীৰত অন্ত দুসপ্তাহযোৰা সান্ধ্য় আইন, ইন্টাৰেনট সেৱা আৰম্ভ 

অনুচ্ছেদ 35(A) আৰু 370 প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই সমগ্ৰ অঞ্চলটোত জাৰী কৰা হৈছিল অনিৰ্দিষ্টকালীন ধাৰা 144 ৷ শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতি কিছু উন্নত হোৱালৈ লক্ষ্য কৰি ধাৰা 144 বহুঠাইত শিথিল কৰি দিয়া হয় ৷ 

নিউজ ডেস্ক, 20 আগষ্টঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিলৈ লক্ষ্য কৰি সমগ্ৰ অঞ্চলটোতে শিথিল কৰি দিয়া হৈছে ধাৰা 144 ৷ অনুচ্ছেদ 35(A) আৰু 370 প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই ৰাজ্যখনত জাৰী কৰা অনিৰ্দিষ্টকালীন 144 ধাৰা ৷ শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়কে ধৰি, বিদ্যালয় তথা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি জনসাধাৰণৰ জীৱনধাৰা সাধাৰণ অৱস্থালৈ অহালৈ লক্ষ্য কৰি কিছু শিথিল কৰি দিয়া হয় 144 ধাৰা ৷ 

জম্মু-কাশ্মীৰ প্ৰশাসনৰ পৰিকল্পনা আয়োগৰ মুখ্য সচিব ৰোহিত কাঞ্চালে বুধবাৰে প্ৰকাশ কৰিছে এই তথ্য ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন স্থানৰ পৰা সৰু-সুৰা বিক্ষিপ্ত তথা অপ্ৰীতিকৰ ঘটনাৰ তথ্য নিৰাপত্তা বাহিনীয়ে লাভ কৰিছে ৷ স্থানীয় আৰক্ষী প্ৰশাসন তথা অসামৰিক প্ৰশাসনৰ যুটীয়া সহযোগত তেনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা হৈছে ৷ সমগ্ৰ জম্মু-কাশ্মীৰতে জনসাধাৰণৰ মাজত জীৱনধাৰনৰ অৱস্থা কিছু উন্নত হৈছে ৷ যাৰ বাবে ইতিমধ্যে জাৰী কৰা 144 ধাৰা কিছু শিথিল কৰি দিয়ে প্ৰশাসনে ৷ বুধবাৰে ম'বাইল আৰু ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়ে স্থানীয় প্ৰশাসনে ৷ অৱশ্যে শ্ৰীনগৰৰ বিভিন্ন স্থানত বাট-পথত জনসাধাৰণৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হোৱাৰ লগতে বন্ধ থাকে দোকান-পোহাৰকে ধৰি অন্যান্য প্ৰতিষ্ঠান ৷ 

উল্লেখ্য যে, বিগত 5 আগষ্টৰ পৰাই জম্মু-কাশ্মীৰত আৰোপ কৰা হৈছিল অনিৰ্দিষ্টকালীন 144 ধাৰা ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতেই নিৰাপত্তাজনিত কাৰণত এইদৰে 144 ধাৰা জাৰী কৰি হৈছিল সমগ্ৰ জম্মু-কাশ্মীৰত ৷ 

Conclusion:
Last Updated : Aug 20, 2019, 6:31 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.