ETV Bharat / bharat

মৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙৰ - বিজয়নৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ

কেৰালাৰ বিমান দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙ পুৰীৰ ৷ আনহাতে, সামান্যভাৱে আঘাতপ্ৰাপ্তসকলে লাভ কৰিব 50,000 টকাৰ সাহাৰ্য ৷

ঘটনাস্থলীত উপস্থিত হৰদ্বীপ সিং পুৰী
কেৰালাৰ বিমান দুৰ্ঘটনা
author img

By

Published : Aug 8, 2020, 3:13 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট : ডুবাইৰ পৰা আহি কেৰালাৰ কোজিকোডেৰ কৰিপুৰ বিমান বন্দৰত অৱতৰণ কৰিবলগা এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হয় 19 গৰাকী যাত্ৰীৰ ৷ 190 গৰাকী যাত্ৰী আৰু ষ্টাফ সদস্যক কঢ়িয়াই অনা বিমানখন শুকুৰবাৰে সন্ধিয়াভাগত দুৰ্ঘটনাত পতিত হৈছিল ৷ ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰী ৷

কেৰালাৰ বিমান দুৰ্ঘটনা
ঘটনাস্থলীত উপস্থিত হৰদ্বীপ সিং পুৰী

আনহাতে, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে জনাই যে, উদ্ধাৰ অভিযান সমাপ্ত হৈছে ৷ আঘাতপ্ৰাপ্ত সকলক মাল্লাপুৰম আৰু কোজিকোডে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

ঘটনাস্থলীত উপস্থিত হৰদ্বীপ সিং পুৰী

এই ঘটনাক লৈ শোক প্ৰকাশ কৰে মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷ টুইটাৰৰ জৰিয়তে তেওঁ কয়, "কোজিকোডে দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছো ৷ বৰষুণৰ বতৰৰ বাবে ৰানৱে'ৰ পৰা পিছলি পৰে ডুবাইৰ পৰা কোজিকোডেলৈ অহা AXB-1344 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ৷ 35 ফুট তলত পৰাৰ পাচতে দুই টুকুৰা হৈ পৰে বিমানখন ৷"

কেৰালাৰ বিমান দুৰ্ঘটনা

International Air Transport Association (IATA) য়ে ঘটনাক লৈ শোক প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনা সম্পৰ্কত কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আৰু কেন্দ্ৰই সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

বিমান দুৰ্ঘটনা সম্পৰ্কত মাল্লাপুৰম জিলা কালেক্টৰৰ মন্তব্য

মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মৃত লোকসকলৰ পৰিয়াললৈ অন্তৱৰ্তীকালিন সাহাৰ্য হিচাপে 10 লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ আনহাতে, সামান্যভাৱে আঘাতপ্ৰাপ্তসকলে লাভ কৰিব 50,000 কৈ সাহাৰ্য ৷

লগতে পঢ়ক : কেৰালাৰ বিমান দুৰ্ঘটনা : প্ৰায় 19 জনৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.