পাটনা, 25 এপ্ৰিলঃ শেহতীয়াকৈ বিজেপি নেতা গিৰিৰাজ সিঙে দেশত সেউজীয়া পতাকা বন্ধ কৰিবলৈ দাবী জনোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ৷ ‘‘তেওঁৰ মন্তব্যই দেশৰ ৰাষ্ট্ৰীয় পতাকাকো অপমান কৰিছে ৷ ত্ৰিৰংগাত তিনিটা ৰঙৰ ভিতৰত সেউজীয়াও আছে ৷ এটা আদৰ্শ বা এটাই চিন্তাধাৰা সকলোৰে ওপৰত জাপি দিব নোৱাৰি ৷ ময়ো গিৰিৰাজ সিঙৰ নামটো ভাল নাপাওঁ ৷ নামটো সলাই দিয়ক ৷’’ গিৰিৰাজক কটাক্ষ কৰি বুধবাৰে এইদৰে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেজস্বী যাদৱে ৷
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰসংগত তেজস্বী যাদৱে কয় যে মোডীয়ে তেওঁৰ ব্যক্তিগত লাভালাভৰ বাবে এই সাক্ষাৎকাৰ প্ৰদান কৰিছে ৷