ETV Bharat / bharat

1962-2020 : মুখামুখি চীন-ভাৰত - লাডাখত ভাৰত-চীন সেনা

1962 চনৰ যুদ্ধৰ পিচতেই বহুকেইবাৰ মুখামুখি হৈছে ভাৰত-চীন সেনা ৷ সীমান্ত সমস্যাক লৈ দুয়োপক্ষৰ মাজত বহুকেইবাৰ যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি হৈছে ৷

1962-2020 : মুখামুখি চীন-ভাৰত
1962-2020 : মুখামুখি চীন-ভাৰত
author img

By

Published : Jun 17, 2020, 1:02 AM IST

নিউজ ডেস্ক, 16 জুন : লাডাখত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলসহ শ্বহীদ হয় প্ৰায় 20গৰাকী সৈনিক ৷ ইয়াৰ পূৰ্বেও দুয়োখন দেশৰ মাজত যুদ্ধকেন্দ্ৰিক পৰিস্থিতিৰ উদ্ভৱ হৈছিল যদিও এইবাৰৰ পৰিস্থিতি অধিক ভয়াৱহ দেখা গৈছে ৷ ইয়াৰ মাজতেই 1962-2020লৈ ভাৰত-চীন সৈন্যৰ মাজত হোৱা সংঘৰ্ষলানিৰ এক চমু বিৱৰণ আগবঢ়োৱা হ'ল ৷

লগতে পঢ়কঃ ভাৰত-চীন সীমান্তত শ্বহীদ প্ৰায় 20 গৰাকী ভাৰতীয় সেনা

1962 : 62চনত ভাৰতে কল্পনাই কৰিব পৰা নাছিল যে চীনে আক্ৰমণ কৰিব ৷ কিন্তু চীনে তাকেই কৰিছিল আৰু 1962ৰ 20 অক্টোৱৰত ভাৰত আক্ৰমণ কৰিছিল চীনে ৷ কোনো প্ৰস্তুতি নোহোৱাকৈ প্ৰায় 20-30 হাজাৰ সৈন্যৰ সৈতে ভাৰতে চীনৰ 80 হাজাৰ সৈন্যৰ মুখামুখি হৈছিল ৷ প্ৰায় একমাহ ধৰি চলা যুদ্ধৰ অন্তত চীনে 21 নৱেম্বৰত যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷

1967 : ভাৰতে 1962ত পৰাজয়বৰণ কৰাৰ পাঁচ বছৰ পাচত, সেই সময়ৰ বিৱৰণী অনুসৰি ভাৰতীয় সেনাই চীনক ৰঙা চকু দেখুৱাইছিল৷ 80 জনতকৈও অধিক ভাৰতীয় সৈন্য শ্বহীদ হোৱাৰ বিপৰীতে আনুমানিক 300 ৰ পৰা 400 চীনা সৈন্যৰো মৃত্যু হৈছিল ৷

লগতে পঢ়কঃ জেনেভা চুক্তি উলংঘন:উইং কমাণ্ডাৰ প্ৰফুল্ল বক্সী

1967 : ছিক্কিমত ভাৰতীয় সেনাৰ উপস্থিতি সহ্য হোৱা নাছিল চীনৰ ৷ ইয়াক লৈ দুয়োখন দেশৰ মাজতে উত্তেজনাই দেখা দিছিল ৷ সেই সময়ত চেবু-লাত নিযুক্ত হৈ থকা ভাৰতীয় সেনাৰ বিষয়া মেজৰ জেনেৰেল শেৰু থাপনিঅনে এই ঘটনাৰ স্মৃতি সোঁৱৰি কয় যে, পিপল্চ লিবাৰেশ্যন আৰ্মিয়ে দখল কৰি থকা ভূমি কেতিয়াও এৰি দিব বিচৰা নাছিল ৷ বিতৰ্কিত ভূমিক নিজৰ বুলি দাবী কৰাৰ লগতে শত্ৰু দেশৰ কোনো ঠাই যদি বিতৰ্কিত ভূমিৰ মাজত আহি পৰে তেতিয়া বিপক্ষক তাক লৈয়ো হুংকাৰ প্ৰদান কৰাটো আছিল চীনৰ ৰণকৌশল ৷

1987 : ভাৰতীয় সেনা আৰু চীনৰ পিপল্চ লিবাৰেশ্যন আৰ্মিৰ মাজত 1987 চনত অৰুণাচলৰ চুমড্ৰং চুত হোৱা মুখামুখিয়ে দুয়োখন দেশৰ মাজত এক প্ৰকাৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ কিন্তু অতি সতৰ্কতাৰে ভাৰতীয় কূটনৈতিক বিভাগে চীনক আলোচনাৰ মেজলৈ আনিবলৈ সক্ষম হৈছিল ৷ 1987ৰ এই ঘটনাৰ প্ৰভাৱতেই 1988 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰাৰ লগতে চীনা নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল ৷

2013 : এপ্ৰিল মাহত নিয়ন্ত্ৰণৰেখাৰ নিচেই কাষত চীনা সৈন্যই চাউনী স্থাপন কৰিছিল ৷ লাডাখৰ দৌলত বেগ অল্ডিৰ পৰা 10 কিলোমিটাৰ দুৰত্বত চীনা সৈন্যই চাউনী স্থাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত 19 কিলোমিটাৰ লৈকে আগবাঢ়ি আহিছিল ৷ উক্ত চাউনীলৈ সামগ্ৰী কঢ়িয়াই অনা চীনা হেলিকপ্টাৰ ভাৰতীয় আকাশীসীমাৰ ভিতৰত প্ৰৱেশ কৰিছিল যদিও চীনে ইয়াক নাকচ কৰিছিল ৷ পৰৱৰ্তী সময়ত চীনে সেই স্থানৰ পৰা আঁতৰি গৈছিল ৷

লগতে পঢ়কঃ জৈবাঞ্চ সিঙৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...

2014 : ছেপ্টেম্বৰ মাহত নিয়ন্ত্ৰণৰেখাৰ সমীপৰ ডেমচকত এক নিৰ্মাণকাৰ্যক লৈ চীনা সৈন্যৰ সহযোগত চীনা নাগৰিকৰ প্ৰতিবাদ প্ৰদৰ্শন ৷ এই প্ৰতিবাদৰ মাজতে চীনে ভাৰতীয় সীমাৰ তিনি কিলোমিটাৰ পৰ্যন্ত আগবাঢ়ি আহি চাউনী স্থাপন কৰিছিল যদিও প্ৰায় তিনি সপ্তাহৰ ভিতৰত সেই স্থানৰ পৰা আঁতৰি যায় ৷

2015 : উত্তৰ লাডাখৰ বাৰ্ছে এলেকাত ভাৰত-চীন সেনাৰ মুখামুখি ৷ চীনা সৈন্যই এই অঞ্চলত নিৰীক্ষণ চকী তৈয়াৰ কৰাক লৈ প্ৰতিবাদ কৰিছিল ভাৰতীয় সেনাই ৷

2017 : জুন মাহত ডোকলামক লৈ ভাৰত-চীনৰ মাজত সৃষ্টি হৈছিল যুদ্ধসদৃশ পৰিস্থিতিৰ ৷ ডোকা লা পাছত 16 জুনত চীনা সৈন্যই এক পথ নিৰ্মাণ কৰিবলৈ গধুৰ যন্ত্ৰপাতি লৈ আনিছিল ৷ ইয়াৰ পূৰ্বেই সেই অঞ্চলত এটা পথ নিৰ্মাণ কৰিছিল চীনে ৷ যি স্থানত ভাৰতীয় সেনাৰ চাউনী আছিল সেই স্থানৰ পৰা ৰয়েল ভূটান আৰ্মিৰ চাউনী পৰ্যন্ত চীনে উক্ত অঞ্চলটোক নজৰত ৰাখিছিল ৷ চীনে পথ নিৰ্মাণ কৰা কাৰ্যৰ 18 জুনত ভাৰতে ইয়াৰ প্ৰতিবাদ কৰিছিল ৷ পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত বিবাদ বৃদ্ধি পায় যদিও আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰা হয় ৷

কি হ'ব যদিহে মুখামুখি হয় ভাৰত-চীন সেনা :

চীন আৰু পাকিস্তানৰ মাজত অৰ্থনৈতিক কৰিডৰ তৈয়াৰ কৰাৰ পক্ষপাতী হৈছে চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিং ৷ এই কৰিডৰ তৈয়াৰ হৈ উঠিলে স্থলপথেৰে পাকিস্তানৰ গাডাৰ বন্দৰলৈকে অনায়াসে যাব পাৰিব চীন ৷ এই বন্দৰৰ পৰাই চীনে আফ্ৰিকালৈ পণ্য সামগ্ৰী ৰপ্তানি কৰিব পাৰিব ৷ দক্ষিণ এছিয়াৰ দেশসমূহৰ ওপৰত চীনে আৰু নিৰ্ভৰ কৰিব নালাগিব ৷ এই অৰ্থনৈতিক কৰিডৰ তৈয়াৰ হ'লে পাকিস্তান অধিকৃত গিলগিট বাল্টিস্তান এলেকা ব্যৱহৃত হ'ব যাৰ বিৰোধিতা কৰি আহিছে ভাৰতে ৷ এই অঞ্চলক লৈ ভাৰতে ইতিমধ্যে স্পষ্টীকৰণ দিয়াৰ লগতে বতৰ বিজ্ঞান বিভাগে নিয়মীয়াকৈ ইয়াৰ বতৰৰ বাতৰি প্ৰকাশ কৰি আহিছে ৷

লগতে পঢ়কঃ ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চীনে বহুতো সামগ্ৰী উৎপাদন কৰিছে যদিও বিশ্বৰ বজাৰত সিহতৰ কোনো চাহিদা নাই ৷ ইয়াৰ উপৰিও চীনৰ অৰ্থনীতিও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ এই পৰিস্থিতিত চীনে নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে যদিও চীনা নাগৰিকৰ মাজত চৰকাৰৰ প্ৰতি বিৰোধ স্পষ্টৰূপত প্ৰকাশ পাইছে ৷ নিজৰ দেশৰ নাগৰিকক ভয় দেখুৱাবলৈয়ে এইদৰে চীনে ভাৰত-চীন সীমান্তত গতিবিধি বঢ়াই দিয়াৰ লগতে দক্ষিণ চীন সাগৰতো গতিবিধি প্ৰদৰ্শন কৰিছে ৷ MITৰ অধ্যাপক টেইলৰ ফ্ৰজাবেলে প্ৰকাশ কৰা অনুসৰি, চীনৰ ৱুহান চহৰৰ পৰাই সমগ্ৰ বিশ্বত কোবিড-19 বিয়পি পৰিছে ৷ ইয়াৰ ফলত চীনৰ অৰ্থনীতিৰ লগতে প্ৰায়ভাগ ৰাষ্ট্ৰই ক্ষতিগ্ৰস্ত হৈছে ৷ চীনত দায়িত্ব পালন কৰি অহা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত অশোক কান্থাই প্ৰকাশ কৰা অনুসৰি, সীমান্তত চীনৰ এয়া এক কৌশলৰ বাহিৰে আন একো নহয় ৷

মোডীৰ শাসনত ভাৰত-চীন সমস্যাৰ সমাধান :

2014 : ছেপজিৰ পৰা সুমাৰলৈকে পথ নিৰ্মাণ কৰিবলৈ বিছাৰিছিল চীনা সৈন্যই ৷ ইয়াৰ পিচতেই দুই পক্ষৰ মাজত মুখামুখি হৈছিল আৰু চীনে সেনা প্ৰত্যাহাৰ কৰিছিল ৷

2015 : বাৰ্সে এলেকাত পুনৰ দুইপক্ষৰ সেনাৰ মুখামুখি হৈছিল যদিও আলোচনাৰ মাধ্যমেৰে সেনা প্ৰত্যাহাৰ ৷ ভাৰত চৰকাৰ, চীনা চৰকাৰে এইক্ষেত্ৰত কোনো অংশগ্ৰহণ কৰা নাছিল ৷

2017 : চীনৰ বিদেশ মন্ত্ৰালয়ে ভাৰতে একপক্ষীয়ভাৱে নিজৰ সেনাক ডোকলামত স্থাপন কৰিছে বুলি দাবী কৰে ৷ 28 আগষ্টত আলোচনাৰ পিচতে সেনা প্ৰত্যাহাৰ কৰে দুইপক্ষই ৷

লগতে পঢ়কঃ সীমান্তত বাজিছে ভাৰত-চীনৰ যুদ্ধৰ দামামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.