ETV Bharat / bharat

ইণ্ডিগ'ত স্থগিত খাদ্য সেৱা : এয়াৰপোৰ্ট বাছৰ 50 শতাংশ আসন ভৰ্তি কৰাৰ সিদ্ধান্ত

লকডাউনৰ অন্ত পৰিলে ইণ্ডিগ'য়ে গ্ৰহণ কৰিব কিছুমান নতুন ব্যৱস্থা ৷ ইণ্ডিগ'ত খাদ্য সেৱা স্থগিত কৰাৰ লগতে এয়াৰপৰ্ট বাছৰ 50 শতাংশ আসন ভৰ্তি কৰা হ'ব ৷

author img

By

Published : Apr 10, 2020, 8:08 PM IST

লকডাউন
ইণ্ডিগ'ত স্থগিত খাদ্য সেৱা

নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : ভাৰতত লকডাউনৰ অন্ত আৰু ব্যৱসায়িক বিমানৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে ইণ্ডিগ'য়ে সঘনে বিমানসমূহ পৰিস্কাৰ কৰি ৰখাৰ লগতে কিছু সময়ৰ বাবে খাদ্য সেৱা স্থগিত ৰাখিব বুলি ঘোষণা কৰিছে ৷ ইয়াৰোপৰি, এয়াৰপৰ্ট বাছসমূহৰ কেৱল 50 শতাংশ আসনহে ভৰ্তি কৰা হ'ব বুলি শুকুৰবাৰে মন্তব্য আগবঢ়াইছে ইণ্ডিগ'ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজয় দত্তই ৷

তেওঁ কয়, "এনে পৰিস্থিতিত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে শ্ৰীবৃদ্ধি আৰু লাভালাভ কৰিবলৈ অসমৰ্থ হৈ পৰিছে ৷ সেয়েহে, আমাৰ খৰছসমূহ বিচাৰি উলিয়াই এইবোৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছো ৷"

তেওঁ লগতে কয়, "ইণ্ডিগ'ই সদায়ে সুৰক্ষাৰ প্ৰতি সচেতন হৈ আহিছে আৰু এতিয়া স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱাৰ প্ৰয়োজন আছে ৷ সেয়েহে বহু ক্ষেত্ৰত আমি কিছুমান নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ভাবিছো ৷"

দত্তই কয়, "আমি সঘনে আমাৰ বিমানসমূহ পৰিস্কাৰ কৰিম ৷ কিছু সময়ৰ বাবে খাদ্য সেৱা প্ৰদান নকৰো আৰু 50 শতাংশ আসনহে ভৰ্তি কৰিম ৷" শুকুৰবাৰে ইণ্ডিগ'ৰ কৰ্ম-কৰ্তাসকললৈ ই-মেইল প্ৰেৰণ কৰি এনেদৰে কয় দত্তই ৷

উল্লেখ্য যে, কোভিড-19 প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত সকলোধৰণৰ ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় ব্যৱসায়িক বিমান স্থগিত ৰখা হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.