ETV Bharat / bharat

বিমান যাত্ৰীৰ বাবে বিভিন্ন আকৰ্ষণীয় পেকেজ লৈ আহিছে ইণ্ডিগ' আৰু গ' এয়াৰ - কোৱাৰেণ্টাইন

যিহেতু বৰ্তমান মহামাৰী ক'ৰণাৰ ভয়াৱহ সংক্ৰমণ হৈ আছে । তেনে প্ৰেক্ষাপটত বিমান সেৱা প্ৰতিস্থান ইণ্ডিগ'য়ে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে এটা নতুন স্কিমৰ । এই স্কিমৰ জড়িয়তে যাত্ৰীয়ে ভ্ৰমণৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে নিজৰ বাবে দুখন আসন সংৰক্ষণ কৰিব পাৰিব। ইফালে বাজেট কেৰিয়াৰ গ' এয়াৰে বিভিন্ন কোৱাৰেণ্টাইন পেকেজৰ সৈতে আকৰ্ষণীয় অফাৰৰে যাত্ৰীলৈ আগ বঢ়াব সুবিধা।

IndiGo introduces option to book two seats for single passenger; GoAir announces quarantine packages
বিমান যাত্ৰীৰ বাবে বিভিন্ন আকৰ্ষণীয় পেকেজ লৈ আহিছে ইণ্ডিগ' আৰু গ' এয়াৰ
author img

By

Published : Jul 17, 2020, 10:27 PM IST

নিউজ ডেস্ক,১৭ জুলাই: ইণ্ডিগ' এয়াৰ লাইনে এক বিবৃতিৰ জড়িয়তে এই কথা কৰি জনালে,যাত্ৰীৰ অতিৰিক্ত আসনখনৰ বাবে মূল বুকিঙৰ খৰচৰ ২৫ শতাংশ ধাৰ্য কৰা হৈছে । এই অফাৰ চলিত মাহৰে ২৪জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব।

বিবৃতিটোত উল্লেখ কৰা মতে, '6E Double Seat'ৰ বুকিঙৰ বাবে যাত্ৰীয়ে ট্ৰেভেল পৰ্টেল,ইণ্ডিগ' কল চেণ্টাৰ অথবা বিমান বন্দৰৰ কাউণ্টাৰৰ জড়িয়তে এই সুবিধা গ্ৰহণ কৰিব নোৱাৰিব । মাথো ইণ্ডিগ'ৰ ৱেবচাইটৰ জড়িয়তেহে গ্ৰহণ কৰিব পাৰিব এই সুবিধা।

'6E Double Seat' ৰ এই সুবিধাত বিমান বন্দৰৰ কোনো শুক্ল যেনে PSF, UDF আদি ধাৰ্য কৰা নহয় যদিও থাকিব বিমান বন্দৰৰ উপাদান আৰু GST । সেয়েহে মুল বুকিঙৰ বাবে হোৱা খৰচৰ তুলনাত অতিৰিক্ত আসনৰ মূল্য কম হ'ব । এই তথ্যও উল্লেখ কৰিলে ইণ্ডিগ' এয়াৰ লাইনে ।

যোৱা ২০ জুনৰ পৰা ২৮ জুনলৈ ২৫ হাজাৰ বিমান যাত্ৰীক লৈ কৰা এক সমীক্ষাত পোৱা তথ্য মতে,বহু যাত্ৰীৰ ক্ষেত্ৰত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত লোৱা অসাৱধানতা(৬২), বিভিন্ন ৰাজ্যসমূহত ব্যৱস্থা গ্ৰহণ কৰা কোৱাৰেণ্টাইনৰ পক্ৰিয়া(৫৫) আৰু একেলগে বহু যাত্ৰীয়ে বিমানত যাত্ৰা কৰা(৫৫),বিশেষকৈ এই তিনিটা কাৰণকে বৰ্তমান বিমান ভ্ৰমণৰ ক্ষেত্ৰত প্ৰতিৰোধক হিচাবে চিহ্নিত কৰা হৈছিল ।

শুকুৰবাৰে ইণ্ডিগ'ৰ এগৰাকী শীৰ্ষ বিষয়া ৰঞ্জন কুমাৰে উল্লেখ কৰিলে যে,যিহেতু বিমান যাত্ৰাক অধিক সুৰক্ষিত যাত্ৰা হিচাপে ধৰা হৈছে তেনে সময়ত আমিও যাত্ৰীৰ আবেগিক প্ৰয়োজনীয়তাক উপলব্ধি কৰো । আমালৈ এনে ধৰণৰ অনুৰোধ অহাৰ পাছত আমি যাত্ৰীৰ বাবে দুখন আসনৰ সংৰক্ষণৰ সুবিধা দিবলৈ পাই সুখী অনুভৱ কৰিছো ।

ইফালে বাজেট কেৰিয়াৰ গ' এয়াৰে বিভিন্ন কোৱাৰেণ্টাইন পেকেজৰ সৈতে আকৰ্ষণীয় অফাৰৰে যাত্ৰীলৈ আগ বঢ়াব সুবিধা । বিভিন্ন চহৰত ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে উন্নত মানদণ্ডৰ হোটেলত কোৱাৰেণ্টাইনৰ সময়চোৱাত প্ৰতিজনৰ বাবে প্ৰতি নিশাৰ হিচাবত ১৪০০ টকাৰ পৰা ধৰি থকাৰ সু ব্যৱস্থা কৰিব ।

গ' এয়াৰৰ এক বিবৃতিত কোৱা হৈছে যে, এই বিশেষ পেকেজ ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় যাত্ৰীৰ সকলোৱে বাবে উপলব্ধ হ'ব যাতে যাত্ৰীয়ে অতি সহজতে কোৱাৰেণ্টাইনৰ বাবে এখন উন্নত মানদণ্ডৰ হোটেল পাব পাৰে ।

লগতে চাওকঃ কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.